#স্বাস্থ্যৰক্ষাৰ_মূল__ভিত্তি
মানুহৰ জীৱনত স্বাস্থ্যই পৰম ধন। স্বাস্থ্য,শৰীৰ ভালে থকিলেহে জীৱনত সফলকাম হব পাৰি।সেইবাবে মহাপুৰুষসকলে কৈ থৈছে—“শৰীৰমাদ্যম খলু ধৰ্ম সাধনম”। ধৰ্মসাধনৰ কাম কৰিবলৈ শৰীৰটো ভালে ৰাখিব লাগিব।অতি পুৰনিকালত মানুহৰ খোৱা-পিন্ধাৰ বাবে বৰ চিন্তাৰ কাৰন নাছিল। দহজনৰ হিত সাধন আৰু ঈশ্বৰৰ সন্তষ্টিৰ বাবেই মানুহে ধৰ্মমূলক কাম কৰিছিল। গতিকে শ্লোকভাষ্যত ধৰ্মসাধন বুলি উল্লেখ কৰিছ।কিন্ত আজি আমাৰ দিনত মানুহৰ জীবন-ধাৰনৰ গতিধাৰাৰ আমূল পৰিৱৰ্তন হৈছে।শতকৰা প্ৰায় আশিভাগ মানুহেই কেৱল খোৱা পিন্ধা পৰিয়ালৰ ভৰন-পোষনৰ বাবেই সততে ব্যস্ত হৈ থকিব লাগে।বাকী বিশ শতাংশ ভাগ্যৱান লোকেহে তেওঁলোকৰ “আলপৈচান” ধৰি সহায় কৰি থকা মানুহ থকাৰ বাবে কিছু আহৰি পায়,ধৰ্মৰ কামতো নিজকে নিয়োজিত কৰিব পাৰে।আগতে মানুহে সকলো কাম ধৰ্মৰ উদ্দেশ্য সাধনৰ বাবেই কৰিছিল আৰু আজিকালিৰ যুগত মানুহে পঁচিশ শতাংশহে(গড় হিচাপত)ধৰ্মৰ কাম কৰিবলৈ সক্ষম হম বুলি পৰাশৰ স্ংহিতাত উল্লেখ আছে।সি যি কি নহকও মূল কথটো হৈছে কৰ্ম।পৰিয়ালৰ ভৰন-পোষনৰ বাবেই হওঁক মানুহে কৰ্ম কৰিবই লাগিব আৰু তাৰ বাবে সুস্থ স্বল দেহৰ আৱশ্যক।
দেহসুখ আৰু ৰোগভোগ দুয়োটা মানুহৰ শৰীৰৰ বিপৰীত স্থিতি। দেহসুখ আছে মানে সুস্থ শৰীৰ সবল দেহ সবল মন জীৱনৰ উন্নতিৰ নতুন নতুন পৰিকল্পনা সৃষ্টিৰ হাবিয়াস থকা আৰু ভয়-শ্ংকাহীন এটা জীৱন।মৃত্যুৰ ভয় মনলৈয়ে নাহে।আনে সোৱাৰাই দিলেওঁ ভয় খুৱাব নোৱাৰে।কৰ্মত সদায় উদ্যম থাকে।কিন্ত ৰোগভোগ হল শাৰীৰীক যন্ত্ৰনাৰে বিহ্ব্ল দেহ,দুৰ্বল মন সকলোতে নিৰুৎসাহ হতাশাৰে ভৰা এটা জীৱন;মৃত্যুৰ পৰা ৰক্ষা পাবলৈ চেষ্টা অথবা মৃত্যুকেই কামনা কৰা অৱস্থাপ্ৰাপ্ত হয়।জীৱনৰ আনন্দ উপভোগ স্তিমিত হৈ যায়;জীয়াই থকাৰ হেপাহঁ নোহোৱা হয়।ৰোগ যদি দুৰাৰোগ্য অথবা গুৰুতৰ হয় তেতিয়াহলে অৱস্থা অধিক শোচনীয় হৈ পৰে।নিজৰ দূষ-কষ্টৰ উপৰিও গোটেই ঘৰখনলৈয়ে অশান্তি নামি আহে আৰু পৰিয়ালৰ অন্য লোকেও নানাভাৱে কষ্ট ভোগ কৰিব লগা হয়। তেতিয়া সকলোৰে এটাই আকাংক্ষা থাকে ৰোগীজন কেনেকৈ সোনকালে আৰোগ্য হয়। পৰিয়ালৰ লোকে নানাভাৱে ত্যাগ স্বীকাৰ কৰে আৰু এই পৰিবেশ সকলোৰে বাবেই অকাম্য।
ৰোগ হ’ল চিকিৎসকৰ সহায় লৈ আৰোগ্য লাভৰ বাবে চেষ্টা কৰিব লাগিব।অতি পুৰনিকালত যেতিয়া চিকিৎসা ব্যৱস্থাৰ উদ্ভৱ হোৱা নাছিল তেতিয়াওঁ মহানুভৱ লোকসকলে মানুহক ৰোগৰ যন্ত্ৰনাৰ পৰা উদ্বাৰ কৰিবলৈ দৃঢ়ভাবে মনোনিবেশ কৰিছিল অৰু ভিন ভিন ঠাইত ভিন ভিন লোকে চিকিৎসা কৰি ৰোগমুক্ত কৰাৰ পদ্বতিৰ উদ্ভাৱন কৰিছিল।আৰু আজি আমি আমাৰ সময়ত চিকিৎসা পদ্বতিৰ বিশেষ উন্নতি সাধন হোৱা দেখিবলৈ পাইছোঁ।এজনৰ শৰীৰৰ অংগ চকু কিডনি আদি দান কৰিলে তাক আন এজনৰ শৰীৰত লগাই দৃষ্টি দিয়া বা জীৱন দান কৰা কাৰ্য সম্পাদিত কৰা আমি দেখিবলৈ পাইছো।কিন্ত ৰোগৰ পৰা আৰোগ্য লাভ বৰ সহজ কথা নহয়।কথাবোৰ শুনোতেঁ বা কওঁতে যিমান সহজ যেন লাগে তেনে নহয়।ৰোগীৰ অসহনীয় শাৰীৰীক যন্ত্ৰনা ভোগ দক্ষ চিকিৎসকৰ সাহায্য আৰু বহু অৰ্থব্যয়ৰ পাছতহে,এইবোৰ সুফল লাভ হয়।সাধাৰন ৰোগৰ ক্ষেত্ৰতো আধুনিক চিকিৎসা পদ্বতি ব্যয়বহুল ।বহু ঔষধৰ প্ৰতিক্ৰিয়াও হয়।আনহাতে চিকিৎসা এটা পন্যবস্তৰ দৰে নহয় যে আপুনি এজন চিকিৎসকৰ ওচৰলৈ গলেই আপুনি তেওঁৰ চিকিৎসাতেই আৰোগ্য লাভ কৰিব।বহু সময়ত মানুহে ডাক্তৰ সলাই সলাই চিকিৎসা সাহায্য বিচাৰি হায়ৰান হৈ পৰা দেখা যায়।কিন্ত প্ৰ্শ্ন হয় মানুহে এই জটিল পৰিস্থিতিত পৰিবলৈ বাধ্য নে কি?মানুহ হিচাপে জন্মিলে ৰোগ-ব্যাধি হবই নে কি? কেৱল ভাগ্যইহে আমাক বচাই ৰাখে নে?
মানুহৰ স্বাস্থ্য সম্পূনকৈ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল।প্ৰ্থমতে পিতা-মাতাৰ শাৰীৰীক অৱস্থা আৰু তাৰ পাছত জন্ম হোৱা ঠাইৰ পৰিৱেশৰ ওপৰত সি নিৰ্ভৰশীল।পিতা-মাতাৰ পৰা পোৱা ৰোগ (উচ্চ-ৰক্তচাপ)আদি চিকিৎসকৰ সহায় লৈ আৰোগ্য লাভ কৰিব লাগিব।যিবোৰ ৰোগ পৰিৱেশৰ পৰা হয় এইবোৰৰ বাবে চিকিৎসকৰ সহায় লৈ আৰোগ্য লাভ কৰিব লাগিব।যিবোৰ ৰোগ পৰিৱেশৰ পৰা হয় এইবোৰৰ বাবে চিকিৎসকৰ সহায়ৰ উপৰিও নিজে যত্ন লোৱাৰ বেছি আৱশ্যক।উদাহৰনস্বৰুপে খোৱাপানী দোষত হোৱা বেমাৰ হাগনি বা গ্ৰ্হনী দ্বাৰা আক্ৰান্ত হলে চিকিৎসকে চিকিৎসা কৰি আৰোগ্য কৰিলেওঁ একে পানীকে খাই থাকিলে বাৰম্বাৰ আক্ৰান্ত হৈ থাকিব।কিন্ত সেই পানীকে উতলাই ঠাণ্ডা খাবলৈ বাৰম্বাৰ আক্ৰ্ন্ত হৈ থকিব।কিন্ত সেই পানীকে উতলাই ঠাণ্ডা কৰি খাবলৈ ধৰিলে সেই ৰোগ হোৱাটো বন্ধ হব।এই ক্ষেত্ৰত চিকিৎসকৰ চিকিৎসাতকৈও মানুহৰ নিজৰ যতনৰ আৱশ্যক বেছি।এইধৰনৰ কিছুমান সৰু সৰু সাধাৰন কথা,যাৰ বাবে কোনো বিশেষ বিদ্যাৰো আৱশ্যক নাই,কৌশলগত বুদ্বিৰো আৱশ্যক নাই আৰু কথাবোৰ জনা থাকিলে মানুহে নিজকে প্ৰায় সকলোবোৰ ৰোগৰ পৰাই মুক্ত কৰি ৰাখিব পাৰি।শৰীৰ ৰোগমুক্ত হৈ থাকিলেহে দেহসুখ লাভ হয়।সুস্বাস্থ্যৰ অধিকাৰী হব পাৰি,দেহ মন সকলো উদ্দীপ্ত হৈ থকে।গতিকে মানুহ হিচাপে জন্ম পালেই ৰোগাক্ৰান্ত হৈ কোনো জটিল অৱস্থাত পৰিব লগা হোৱাৰ বাবে কোনো বাধ্যবাধকতা নিয়তিয়ে মানুহৰ বাবে সৃষ্টি কৰা নাই।
প্ৰকৃতাৰ্থত আই মাতৃ ভুৱেনেশ্বৰীয়ে মানুহক জন্মৰ পাছৰে পৰা বাঢ়িবলৈ ৰোগৰ বিৰুদ্বে যুজঁ দিবলৈ অপৰীসীম শক্তি দিছে।ইয়াৰ মূল উদ্দেশ্য হল তেওঁ শৰীৰৰ পূৰ্নতাপ্ৰাপ্ত হব লাগিব,সন্তান জন্ম দিব লাগিব,মানৱ জাতিটোক চিৰস্থায়ীকৈ ৰাখিব লাগিব।গতিকে মানুহ বাঢ়ে,যৌৱনপ্ৰাপ্ত হয় সন্তান জন্ম দিয়ে জীৱন উপভোগ কৰে, কিন্ত তেওঁ যাবৰ হয়,গতিকে বৃদ্বাৱস্থাপ্ৰাপ্ত হয়,মৃত্যু হয়।কাৰন এই পৃথিৱীত প্ৰানী মাত্ৰেই মৰনশীল।মানুহ ৰোগাক্ৰান্ত হলে ঔষধে আৰোগ্য নকৰে শল্য চিকিৎসকে কাটি ফালি দিয়া মাংসপেশী ঔষধে নুশুকুৱাই,মানুহৰ শৰীৰৰ ভিতৰত ৰোগমুক্ত কৰাৰ যি মৌলশক্তি অংকুৰিত হৈ আছে তাক ঔষধে সহায়হে কৰি দিয়ে আৰু আৰোগ্য লাভৰ সেই মূল শক্তিৰ বলতে মানুহ সুস্থ হৈ উঠে।গতিকে মানুহে ৰোগ ভূগিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই।কিন্ত ৰোগ হব লগা পৰিৱেশৰ মাজত যেতিয়া আমি জন্মগ্ৰহন কৰোঁ ৰোগৰ দ্বাৰা আক্ৰ্ন্ত হোৱাৰ সম্ভাৱনা পূৰ্ণ মাত্ৰাই থাকে।শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তিয়ে বাধা দিয়ে।শৰীৰৰ বগা ৰক্তকনিকাবোৰে জাকে জাকে আগুৰী ধৰি আক্ৰমন কৰে কিন্ত ৰোগৰ শক্তি প্ৰবল হলে মানুহে ৰোগৰ দ্বাৰা আক্ৰান্ত হয়।
দেহসুখ লাভৰ ক্ষেত্ৰত ভাগ্যাৰ প্ৰভাৱ সম্পূৰ্নৰুপেই বিদ্যামান।জ্যোতিশাস্ত্ৰত কৈছে “ভাগ্যংফলিত সৰ্বত্ৰ।অৰ্থাৎ সকলো ক্ষেত্ৰতে ভাগ্যৰ প্ৰভাৱ পৰে আৰু সেইমতেই ফলাফল ভোগ হয়। কিন্ত ফলাফলবোৰৰ যে একমাত্ৰ ভাগ্যইহে নিয়ন্ত্ৰন কৰে তেনে কথা নাই। মানুহৰ পুৰুষাৰ্থৰ দ্বাৰাও ভাগ্যৰ কিছু পৰিৱৰ্তন সাধন কৰিব পাৰি।চীনদেশৰ ফেংশ্বুই বিদ্যাৰ দৰ্শন মতে আলোচনা কৰিলে বিষয়টো বেছি পৰিস্কাৰ হৈ পৰিৱ।ফেংশ্বুই বিদ্যামতে মানুহে যি ভাগ্য ভোগ কৰে তাৰ ৪০ শতাংশ স্বৰ্গীয় ভাগ্য, এই ভাগ্য সম্পূৰ্নৰুপে ঈশ্বৰপ্ৰ্দত্ত আৰু জন্মৰ সময়তে ইয়াক কপালৰ লিখন হিচাপে লৈ আহে।৩৫ শতাংশ ভাগ্য যি ঠাইত বাস কৰে তাৰ পৰা নিৰ্ধাৰিত হয়।একেজন মানুহেই অসমৰ গাৱতঁ গুৱাহাটীত অথবা অসমৰ বাহিৰৰ কোনো নগৰত বা গাৱতঁ থাকিলে ভিন ভিন ভাগ্যফল ভোগ কৰিব।ইয়াক ভূ-ভাগ্য বুলি কোৱা হয়।অৰ্থাৎ সেই ঠাইত এক বিশেষ শক্তিয়ে তেওঁৰ ভাগ্যৰ ওপৰত প্ৰ্ভাব পেলায়। বাকী১৫% ভগ্য মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে।কৰ্মী মানুহ হল ভাগ্যফল বঢ়াব এলেহুৱা হলে সৌভাগ্য উদয় নহয়। ইয়াক মনুষ্য ভাগ্য বোলে।এই তিনি প্ৰ্কাৰে মানুহৰ ভাগ্য সংযোজিত হয়।স্বৰ্গীয় ভাগ্যত আমাৰ হাত নাই। বাকী ভূ-ভাগ্য আৰু মনুষ্য ভাগ্যৰ আমি পৰিবৰ্তন সাধন কৰি সৌভাগ্য বঢ়াব পাৰো।দেহসুখ লাভৰ ক্ষেত্ৰতো কথাবোৰ এই ধৰনেই বিচাৰ কৰিব লাগিব আৰু শৰীৰটো সুস্থ কৈ ৰাখিবলৈ হলে আমি নিজেও শৰীৰৰ যত্ন লব লাগিব।মানুহে সাধাৰনতে বংশানুক্ৰমিক ৰুপত কিছুমান ৰোগৰ কবলত পৰে।যেনে গ্ৰহনী উচ্চ ৰক্তচাপ,ডায়েবেটিছ,এইবোৰ ৰোগ পিতা বা মাতা কোনোজনৰ থাকিলে সন্তানৰ গালৈ আহে। কিন্তু কেতিয়াবা পিতা-মাতাৰ থাকিলেও কোনো সন্তানৰ এই ৰোগ নথকাও দেখা যায়। ইয়াকে আমি তেওঁৰ স্বৰ্গীয় ভাগ্য বুলি কব পাৰোঁ। মোৰাৰাজী দেশাই এবাৰ অসমলৈ আহোতে যোৰহাটৰ ওচৰত বিমান দুৰ্ঘটনাত পতিত হৈছিল। লগৰ সকলোলোক মৰিল কিন্ত তেওৰ কোনো জখমেই নহল।খোজকাঢ়ি ওচৰৰ মানুহ এঘৰৰ ঘৰত ওলালগৈ।ই আছিল তেওঁৰ স্বৰ্গীয় ভাগ্য।কিন্ত পাৰিপাশ্বিক অৱস্থাৰ পৰা হব পৰা ৰোগৰ আক্ৰমন আমি বাধা দিব পাৰো।চিকিৎসাৰ সুবিধা আছে অথবা ধন পইছা আছে ৰোগ হলে চিকিৎসা কৰি ভাল হব বুলি ভাবি ললে দেহসুখ লাভ নহয়।হয়তো ইটো সিটো ৰোগৰ পৰা চিকিৎসা কৰি আৰোগ্য লাভ কৰিব পাৰিব।তাতে দেহসুখ অটুট নাথাকে। দেহসুখ লাভৰ বাবে সেইবোৰ জানি তাৰ বিধি নিয়মবোৰ মানি চলিলে শৰীৰে মানুহক আমনি নিদিয়ে।বৰ্ং দেহ আৰু মনোবল প্ৰদান কৰি জীৱন যাপনৰ গতিৰোধেই সলনি সন্তোষিত সুখী জীৱন লাভৰ পথ সুচল কৰি দিয়ে।ৰোগাক্ৰান্ত,ব্যাধিযুক্ত লোকেও সহজতেই আৰোগ্য লাভ কৰি নৱজীৱন লাভৰ সুযোগ পায়।
আমি আগতে উল্লেখ কৰিছোঁ যে আই মাতৃ ধৰিত্ৰীয়ে আমাক প্ৰবল ৰোগ প্ৰ্তিৰোধক শক্তি প্ৰ্দান কৰে।এই শক্তি জন্মৰ সময়ৰ পৰাই সন্তানে পায়।সন্তান জন্ম হোৱাৰ সময়ত মাকৰ স্তনৰ পৰা প্ৰ্থম যি গাখীৰ ওলায়,সেই গাখীৰ অলপ ডাঠ আৰু হালধীয়া ৰঙৰ হয়।ইয়াক “কলষ্ট্ৰাম” বোলে।এই গাখীৰ শিশুটিৰ বাবে খাদ্য হোৱাৰ উপৰিও ইয়াত ৰোগ প্ৰ্তিষেধক শক্তিও থকে।নৱজাতকে মাতৃৰ গৰ্ভাশয়ৰ পৰা ওলাই নতুন পৰিৱেশত উন্মুক্ত হৈ পৰি যাতে ৰোগৰ দ্বাৰা আক্ৰান্ত নহয় তাৰ বাবে প্ৰ্কৃতি মাতৃৰ এই বিধান।পাছ্লৈ শিশুটি ডাঙৰ হয়,ৰোগ প্ৰতিষেধক শক্তিও বৃদ্বি হয়।
আই ধৰিত্ৰিয়ে মানুহৰ জন্মৰ যেনেকৈ বিধান কৰিছে,তেনেকৈ মানুহৰ বাবে খাদ্যদ্ৰব্যৰ উৎপাদক বিভিন্ন উদ্ভিদ,ফল বৃক্ষ মনোৰঞ্জনৰ বাবে নানা ৰঙৰ ফুল,গুল্ম লতা আৰু ৰোগাৰোগ্যৰ বাবে বনৌষধিবৃক্ষ লতাদিৰো সৃষ্টি কৰি দিছে।কেৱল মানুহে এই বনৌষধিবোৰ নিজৰ কামত লগাবলৈ জানিব লাগে।এই বনৌষধিৰ ব্যৱহাৰ বিভিন্ন ঠাইত বিভিন্ন ঠাইত বিভিন্নভাৱে মানুহৰ মাজত প্ৰ্চলিত হৈ আহিছে।এই বিষয়ক বিদ্যাৰ উদ্ভাৱন হৈ হৈছে উন্নতি সাধন হৈছে।আমাৰ দেশত আয়ুৰ্বেদশাস্ত্ৰ তাৰেই নিদৰ্শন।আয়ুৰ্বেদশাস্ত্ৰ,বিধিগত ঔষধ উৎপাদনৰ এটা পদ্বতি যেনেকৈ আধুনিক চিকিৎসাবিদ্যাৰ দ্বাৰা ৰাসায়নিক দ্ৰব্যৰ পৰাও তাৎক্ষনিকভাবে ফ্ল প্ৰ্দৰ্শন ঔষধবোৰ তৈয়াৰ কৰিছে।আয়ুৰ্বেৰ্দীয় বা এলপেথিক ঔষধবোৰৰ ব্যৱহাৰ সেই বিদ্যাৰ অৰ্হতাসম্পন্ন আৰু অভিজ্ঞ চিকিৎসকৰ নিৰ্দেশতহে হোৱাৰ নিয়ম।এইবোৰ ৰোগাৰোগ্যৰ বাবে ঔষধ।গাঁওবোৰত আমাৰ নিবাসস্থলৰ ওচৰে-পাজৰে,বাট-পথৰ কাষত,ঘাহঁনি পথাৰত নগৰ চহৰৰো সাধাৰন হাবি বননি থকা ঠাইতে এনে কিছুমান উদ্ভিদ,গুল্ম,লতা থাকে যিবোৰৰ ঔষধি গুন অতি উৎসাহজনক।উদাহৰনস্বৰুপে পেটৰ বিভিন্ন ৰোগ নিবাৰনৰ কাৰনে নৰসিংহ মানিমুনি শাক ভেদাইলতা খাদ্যসম্ভাৰৰ সৈতে মিহলাই মাজে মাজে খাই থকিলে পেটৰ অসুস্থতা নাশ হৈ যায়।হজমশক্তি কমিছে যদি আমলখি খাওঁক,কেচাইঁ খাওঁক ৰস উলিয়াই খাওঁক বা অঞ্জাত মিহলাই খাওঁক- ভোক বাঢ়িব।শৌচকচাত কিছুদিন অমিতাৰ তৰকাৰী খাওঁক,দৈ খাওকঁ-শৌচ খোলোচা হৈ আহিব।হাগনি হৈছে যদি পূৰাকলৰ তৰকাৰী খাওঁক,শৌচ টান হৈ আহিব।কিন্ত এইবোৰ কোনো কঠিন ৰোগৰ চিকিৎসাৰ বাবে নহয়।তাৰবাবে এইবোৰ পৰিমান বঢ়াই ঔষধ তৈয়াৰ কৰিলেহে ফল দিব যিটো কাম চিকিৎসকলহে তেওঁলোকৰ বিদ্যাৰ বলত কৰিবলৈ সক্ষম হয়।কিন্ত এনেধৰনৰ আৰু অস্ংখ্য বনৌষধি আমাৰ চাৰিওফালে আছে যিবোৰ সাধাৰন মানুহেই নানাভাৱে ব্যৱহাৰ কৰি সাধাৰন ৰোগৰ পৰা আৰোগ্য হব পাৰে আৰু বহু ৰোগক বাধা দি ৰোগমুক্ত হৈ দেহসুখ উপভোগ কৰিব পাৰে।
শৰীৰটো ভালে ৰাখিবলৈ ঔষধৰ উপৰিও সাধাৰনভাৱে কিছু শাৰীৰিক পৰিশ্ৰ্মৰো আৱশ্যক।আমি আহাৰ খাঁও আৰু এই খাদ্যৰ সাৰভাগে শৰীৰৰ বিভিন্ন অংগ-প্ৰ্ত্যংগৰ পৰিপুষ্টিৰ যোগান ধৰে।মূৰৰ তালূৰ পৰা ভৰিৰ আঙুলি,হাতৰ আঙুলিৰ আগলৈ শৰীৰৰ সকলো অংগ-প্ৰ্ত্যংগৰ সকলো কোষলৈকে,শৰীৰৰ তেজে এই খাদ্যসাৰভাগ কঢ়িয়াই নি বিলাই দিয়ে।তাৰ বাবে ৰক্ত সৰবৰাহ কৰাবলৈ মানুহৰ হিৎপিণ্ডই প্ৰ্তি মিনিটত ৭০-৭৫ বাৰ হদস্পন্দন ঘটায় প্ৰতিদিনে এশহাজাৰ বাৰ হদস্পন্দন হয়,৪৫০০-ৰ পৰা ৯০০০ কিলোগ্ৰাম (শৰীৰৰ আকৰ অনুসৰি)তেজ,১৩০,০০ কিলোমিটাৰতকৈ অধিক ৰক্তবাহিকা নাডীৰ মাজেৰে পাম্প কৰি পঠায়।শৰীৰৰ এই ৰক্তসঞ্ছালন প্ৰ্ক্ৰিয়া ঠিকভাৱে অব্যাহত ৰাখিবলৈ শৰীৰৰ অংগ-প্ৰত্যংগবোৰ সঞ্ছৰন আবশ্যক হয়।গতিকে মানুহক শাৰীৰিক পৰিশ্ৰমৰো আৱশ্যক হয়।শ্ৰম কৰিলে শৰীৰ ভাগৰি পৰে আৰু শ্ৰমৰ পাছত জিৰনিৰো সমানেই আৱশ্যক।দিনত আঠ ঘ্ন্টা শ্ৰ্ম আৰু আঠ ঘন্টা সুনিদ্ৰাৰে কটালে শৰীৰ সুস্থ হৈ থাকে।কিন্ত মানুহৰ কৰ্মস্থলীৰ পৰিবেশ বিভিন্ন ধৰনৰ হয়।কোনোবাই গোটেই দিনটো হাডভঙা পৰিশ্ৰম কৰে আৰু কোনোবাই দোকোন বা অফিচত বহিয়ে কটায়।তাৰ প্ৰ্তিক্ৰিয়া শৰীৰত প্ৰতিফলিত হয়।এজন শ্ৰ্মজীৱী লোক সাধাৰনতে ক্ষীন চেহেৰাৰ হয় আৰু অন্য কোনো ৰোগ নাথাকিলে বহি বহি দিন কটোৱা মানুহ এজন শকত হৈ পৰে। শৰাৰ শকত হোৱাটো অস্বাভাৱিক স্থিতি যাৰ ফলস্বৰুপে হদপিণ্ডই তেজ সঞ্ছালনৰ বাবে বিশেষ জোৰ দিব লগা হয়।তাৰ বাবে নিয়মিতভবে প্ৰতিজন লোকেই কিছু শাৰীৰিক পৰিশ্ৰ্ম কৰাৰ আৱশ্যক। যিসকল লোকৰ শ্ৰম কৰিব লগা নাই তেওঁলোকৰ কোনো যোগাসন বা কিছুমান সাধাৰন কচৰৎ নিয়মিতভাৱে কৰি থাকিলেওঁ শৰীৰ সুস্থ হৈ থাকে।আনকি বুঢ়া মানুহেও খোজকাঢ়ি হলেও শৰীৰৰ বাবে কিছু পৰিশ্ৰ্ম কৰি থকাৰ আৱশ্যক।
#সংগ্ৰহীত