Friday, 13 September 2019

ডেনমাৰ্কৰ বিশ্ববিখ্যাত মাইক্ৰ’বায়োলোজিষ্ট হানছ খ্ৰীষ্টিয়ান গ্ৰামছৰ ১৬৬ বছৰীয়া জন্মদিন উপলক্ষে আজি গুগল ডুডলে মহান বিজ্ঞানীজনে বিশ্ববাসীলৈ আগবঢ়াই যোৱা উল্লেখযোগ্য অৱদানৰ বাবে স্মৰণ কৰিছে।

ডেনমাৰ্কৰ অতিথি শিল্পী মাইকেল ছোমেৰৰ চিত্ৰশিল্পৰে মহান বিজ্ঞানীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে গুগলে।মাইক্ৰ’বায়োলোজিৰ মূল ভিত্তি গ্ৰামছৰ উল্লেখযোগ্য উদ্ভাৱনৰ ভিতৰত অন্যতম। সমগ্ৰ বিশ্বতে ‘দ্যা গ্ৰাম-ষ্টেইনিং’ পদ্ধতি বেক্টেৰিয়া চিনাক্তকৰণৰ বাবে ব্যৱহাৰ হৈ আহিছে।

বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া চিনাক্তকৰণ, শ্ৰেণীবিভাজনৰ বাবে এতিয়াও বিজ্ঞানী, চিকিৎসকসকলে ‘দ্যা গ্ৰাম-ষ্টেইনিং’ পদ্ধতি ব্যৱহাৰ কৰে।

Hans-Christian-Gram
হানছ খ্ৰিষ্টিয়ান গ্ৰাম
সৰুৰে পৰা জীৱ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হোৱা গ্ৰামে ডেনমাৰ্কৰ কোপেনহেগেন মেট্ৰ’পোলিটান স্কুলৰ পৰা বি এছ চি ডিগ্ৰী লাভ কৰে।

তাৰ পাছতে এখন স্থানীয় চিৰিয়াখানাত তেওঁ সহকাৰী গৱেষক হিচাপে কাম কৰিবলৈ লয় যিয়ে তেওঁক চিকিৎসা ক্ষেত্ৰখনৰ অধিক ওচৰ চপাই লৈ যায়।

১৮৭৮ চনত গ্ৰামে কোপেনহেগেন বিশ্ববিদ্যালয়ত এম ডি পাঠ্যক্ৰমত নাম ভৰ্তি কৰে।

বহুবছৰ কোপেনহেগেন চিকিৎসালয়ত বিভিন্ন সহকাৰী পদত কাম কৰি থকাৰ পাছত গ্ৰামে ৰক্তহীনতাত ভোগা ৰোগীৰ দেহত থকা লোহিত ৰক্ত কণিকাৰ আকাৰ আৰু সংখ্যাৰ বিষয়ত লিখি উলিওৱা এখন গৱেষণা পত্ৰৰ কাৰণে পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।

পৰৱৰ্তী সময়ত এই গৱেষণা পত্ৰখনৰ ওপৰত কাম কৰি তেওঁ লোহিত ৰক্ত কণিকাৰ আকাৰ প্ৰসংগত এখন বিস্তৃত প্ৰতিবেদন দাঙি ধৰে।

গৱেষণা পত্ৰৰ কামত পৰৱৰ্তী সময়ত বেক্টেৰিয়’লোজি আৰু ফাৰ্মাকোলোজিৰ ওপৰত বিষদভাৱে অধ্যয়নৰ বাবে তেওঁ য়ুৰোপৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগীয়া হৈছিল।

এনে ভ্ৰমণৰ সময়তে তেওঁ এগৰাকী জাৰ্মান মাইক্ৰ’বায়োলোজিষ্ট কাৰ্ল ফ্ৰিডলেণ্ডাৰৰ সান্নিধ্য লাভ কৰে।

এই সময়তে গ্ৰামে স্ফটিক বেঙুনীয়া দ্ৰৱ, আয়োডিন দ্ৰাৱক আৰু জৈৱিক দ্ৰাৱকৰ মিশ্ৰ এটাত বিভিন্ন বেক্টেৰিয়াৰ গঠনৰ বৈসাদৃশ্য আবিষ্কাৰ কৰিবলৈ সক্ষম হয়।

এই পৰীক্ষাৰ সময়ত যিবোৰ বেক্টেৰিয়াক ‘গ্ৰাম ধনাত্মক’ হিচাপে চিহ্নিত কৰা হৈছিল সেইবোৰত প্ৰচুৰ পৰিমাণে পলিমাৰ আৰু লিপিডৰ উপস্থিতি পোৱা গৈছিল। আনহাতে, ইয়াৰ বিপৰীত বেক্টেৰিয়াবোৰক গ্ৰাম ঋণাত্মক বেক্টেৰিয়া হিচাপে চিহ্নিত কৰা হৈছিল।

অনুবীক্ষণ যন্ত্ৰত ‘গ্ৰাম ধনাত্মক’ বেক্টেৰিয়াবোৰ বেঙুনীয়া দেখা গৈছিল কিন্তু ‘গ্ৰাম-ঋণাত্মক’ বেক্টেৰিয়াবোৰ সাধাৰণতে নষ্ট হৈ যোৱা দেখা গৈছিল। ইয়াৰ খুব কম সংখ্যকতহে পলিমাৰৰ উপস্থিতি ধৰা পৰিছিল।

গ্ৰামৰ এই আবিষ্কাৰে সম্পুৰ্ণ একপক্ষীয়ভাৱে জীৱন কাঢ়ি নিব পৰা বেক্টেৰিয়াজনিত সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল।

ডেনমাৰ্কৰ বিজ্ঞানীগৰাকীয়ে ১৮৮৪ চনত প্ৰকাশিত হোৱা এখন বিজ্ঞান পত্ৰিকাত এনেদৰে লিখিছে-‘এতিয়াও এই পদ্ধতিটো ত্ৰুটিপূৰ্ণ আৰু অসম্পুৰ্ণ বুলি জানিও মই এই কাৰণে প্ৰকাশ কৰিছো যে ই ভবিষ্যতে উদ্ভাৱক সকলৰ বাবে সহায়ক হ’ব’।

চিকিৎসা বিজ্ঞানলৈ ভালেমান গুৰুত্বপূৰ্ণ বৰঙণি যোগাই ১৯৩৮ চনৰ ৪ নৱেম্বৰত বিশিষ্ট জীৱ বিজ্ঞানীগৰাকীয়ে মৃত্যু বৰণ কৰে।

Sunday, 14 July 2019

আব্ৰাহামিক ধৰ্মবোৰৰ চিলচিলা

#ইব্ৰাহিমীয় ধৰ্ম বা #আব্ৰাহামিক ধৰ্ম (ইংৰাজী: Abrahamic Religions) বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি  অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান।
এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল। ভাৰত, চীন, জাপান ইত্যাদি দেশৰ উপজাতিয় অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। তুলনামূলক ধৰ্মতত্ত্বত যি তিনিটা ধৰ্মগত শ্ৰেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্ৰাহিমীয় ধৰ্ম এটা শ্ৰেণী; অন্য দুটা শ্ৰেণী হৈছে ভাৰতীয় ধৰ্ম (উদাহৰণ- হিন্দু ধৰ্ম) আৰু পূৰ্ৱ এচিয় ধৰ্ম।

ইব্ৰাহিমীয় ধৰ্মসমূহৰ তালিকা

সূচনালগ্ন অণুসৰি ক্ৰমবিন্যাস কৰিলে পোৱা প্ৰধান তিনিটা ইব্ৰাহিমীয় ধৰ্ম হৈছে- ইহুদী ধৰ্ম বা জুডাইজম, খ্ৰীষ্টান ধৰ্ম, আৰু ইছলাম।

#ইহুদি ধৰ্ম
#খ্ৰীষ্টান ধৰ্ম
#ইছলাম ধৰ্ম
#বাহাই ধৰ্ম

 ইহুদি ধৰ্ম

ইহুদী ধৰ্ম অনুসৰি সকলে নিজক ইব্ৰাহিমৰ পুত্ৰ জ্যাকব (বা ইয়াকুব)-ৰ উত্তৰপুৰুষ বুলি ভাবে। এই ধৰ্ম কঠোৰভাৱে একেশ্বৰবাদত বিশ্বাসী। সিহঁতৰ মূল ধৰ্মীয় বিধান অনুসৰি এই ধৰ্মৰ অন্তৰ্গত সকলো শাখাৰ মূলগত ধৰ্মগ্ৰন্থ এটাই- তোৰাহ বা তানাখ বা তাওৰাত বা হিব্ৰু বাইবেল। ইহুদীসকলৰ ইতিহাসজুৰি বিভিন্ন ধৰ্ম সংশ্লিষ্ট পন্ডিত ব্যক্তি ইহুদী ধৰ্মৰ মূল মত নিৰ্দিষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস প্ৰস্তাৱ কৰে, যিবোৰৰ সকলো বোৰেই বিভিন্ন আলোচনা-সমালোচনাৰ মাজেদি যায়। আটাইতকৈ গ্ৰহণযোগ্য ব্যৱস্থা বুলি Maimonides প্ৰদত্ত "বিশ্বাসৰ তেৰটা নীতি" স্বীকৃত, যিটো দ্বাদশ শতকত প্ৰদত্ত হয়। অৰ্থোডক্স ইহুদী আৰু ৰক্ষণশীল ইহুদীৰ মতে, মুছা বা মোজেছ সম্পৰ্কিত ভৱিষ্যতবাণী সত্য; তেখেত পূৰ্ৱ বা পৰৱৰ্ত্তী সকলো নবী তথা প্ৰেৰিত পুৰুষৰ নেতৃত্বস্থানীয়।

খ্ৰীষ্টান ধৰ্ম

খ্ৰীষ্টান ধৰ্ম সূচিত হয় ইহুদী ধৰ্মৰ এটা শাখা হিচাপে। ইয়াৰ উৎপত্তি ভূমধ্যসাগৰীয় খ্ৰিষ্টীয় প্ৰথম শতকত। পৰৱৰ্তীত এটা পৃথক বিশ্বাস আৰু ধৰ্মাচাৰণ যুক্ত বেলেগ ধৰ্ম হিচাপে বিস্তৃত হয়। খ্ৰীষ্টানধৰ্মৰ কেন্দ্ৰীয় চৰিত্ৰৰ নাম যিশু বা জিযাছ বা ঈছা- প্ৰায় সকলোৰৰ বিশ্বাস যে তেখেত ঐশ্বৰিক আছিল। খ্ৰিষ্টিয় ত্ৰিত্ব বা ট্ৰিনিটি মতানুযায়ী যিশু ঐশ্বৰিক তিনিটা চৰিত্ৰৰ এজন। খ্ৰিষ্টিয় বাইবেল খ্ৰীষ্টান ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ হিচাপে বিবেচিত; কিন্তু এইক্ষেত্ৰত ঐতিহ্যগত কিছু মতপাৰ্থক্য পৰিলক্ষিত হয়, যেনেকৈঃ- লোমান ক্যাথলিকৰ মত আৰু পূৰ্ৱস্থিতি অৰ্থোডক্স মত।

#ইছলাম ধৰ্ম

পৃথিৱীৰ প্ৰথম মানৱ হজৰত আদম আঃ ৰ পৰাই ইছলাম ধৰ্মত আৰম্ভনি। হজৰত আদম (এডাম) ইছলামৰ প্ৰথম নবী আৰু 570 খ্ৰিষ্টাব্দত জন্ম লয় এই ধৰ্মৰ সৰ্ৱশেষ নবী হজৰত মুহাম্মাদ (ছাঃ), পূৰ্ৱৰ সকলী ধৰ্মপ্ৰচাৰক আল্লাহ (ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সতৰ্ককাৰী হিচাপে মানি লয় আৰু মুহাম্মদ(ছাঃ)য়েই সতৰ্ককাৰী ৰূপে ইছলাম ধৰ্ম প্ৰচাৰ কৰে বুলি মুছলিম সকলে বিশ্বাস কৰে। ইছলাম ধৰ্মৰ মূল বিশ্বাস হ'লঃ- আল্লাহ'ৰ কোনো অংশীদাৰ নাই আৰু মুহাম্মাদ (ছাঃ) আল্লাহৰ বাৰ্তাবাহক। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ কোৰআন, আৰু কোৰআন ব্যাখ্যাত সহায় ল'ব লগা হয় হাদিছ সংকলন সমূহৰ উপৰত। এই ধৰ্মৰ উল্লেখযোগ্য দিশ হ'ল, জীৱনযাত্ৰাৰ সৰ্ৱত্ৰ, যেনেকৈঃ ৰাজনীতি, সমাজনীতি, পোছাক, খাদ্য, মিলাপ্ৰীতি ইত্যাদিত এই ধৰ্মই নিজেক জৰিত কৰি আত্মপ্ৰকাশ কৰে। এই ধৰ্মই মুছলিম জাতিৰ পূৰ্ৱপুৰুষ হিচাপে ইব্ৰাহিম (আঃ) ক উল্লেখ কৰি থাকে। ইয়াৰ উপৰিও অন্যান্য নবীসকলকোও আল্লাহ'ৰ প্ৰেৰিত পুৰুষ হিচাপে স্বীকাৰ আৰু সম্মান কৰে। ইছলাম শব্দৰ অৰ্থ আত্মসমৰ্পণ কৰা
বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية) এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে।বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য বুজায় আৰু ই সন্মানীয়। বাহাই শিক্ষাৰ মতে মানৱ জীৱনৰ লক্ষ্য ঈশ্বৰৰ মহত্ব বুজি ঈশ্বৰৰ আৰাধনা কৰা, তেনে কৰিবলৈ মানুহে 'প্ৰাৰ্থনা', 'আত্মজ্ঞানৰ সন্ধান' আৰু 'মানৱ সেৱা' কৰিব লাগিব।

#বাহাই_ধৰ্ম
বাহাউল্লাহে এই ধৰ্ম ১৯ শতিকাৰ পাৰ্ছিয়াত প্ৰবৰ্তন কৰিছিল। সেই বাবেই তেওঁক পাৰ্ছিয়াৰ পৰা নিৰ্বাসিত কৰি অট্ট'মান সাম্ৰাজ্যলৈ খেদি দিয়া হয়, য'ত তেওঁৰ 'দোষী' ৰূপেই মৃত্যু হ'ল। বাহাউল্লাহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আব্দুল-বাহাৰ দ্বাৰা এই ধৰ্মই পাৰ্ছিয়া আৰু অট্ট'মান সাম্ৰাজ্য পাৰ কৰি ইউৰোপ, আমেৰিকা পালেগৈ। বাহাই ধৰ্মই ইৰাণতো স্থান পালে, য'ত পিছ বাহাইসকলে প্ৰতিকূল পৰিস্থিতি সহ্য কৰিব লগা হ'ল।আব্দুল বাহাৰ মৃত্যুৰ পিছত বাহাই ধৰ্মৰ নেতৃত্ব নিৰ্বাচিত তথা চয়নিত মণ্ডলীৰ হাতলৈ গ'ল। পৃথিৱীৰ ২০০তকৈও অধিক দেশত বৰ্তমান প্ৰায় ৫০ লাখ বাহাই ধৰ্মাৱলম্বী লোক আছে।

বাহাই বিশ্বাস অনুসৰি ধৰ্মৰ ইতিহাসত কেইবাজনো ঐশ্বৰিক গুৰু আহিছে, যিসকলে স্থান আৰু মানুহৰ ক্ষমতা অনুসৰি ন-ন ধৰ্ম স্থাপন কৰিছে। বাহাই ঐশ্বৰিক গুৰুসকলৰ ভিতৰত আব্ৰাহমীয় ধৰ্মসমূহৰ মচেচ, যীশু খ্ৰীষ্ট, মহম্মদ, ধাৰ্মিক ধৰ্মসমূহৰ কৃষ্ণ, গৌতম বুদ্ধ আদিক গণ্য কৰা হয়। বাহাই ধৰ্মৰ শেহতীয়া ঐশ্বৰিক গুৰু বাব আৰু বাহাউল্লাহ। বিশ্বাস অনুযায়ী, প্ৰতিজন গুৰুৱে ঈশ্বৰৰ এক নিৰ্দেশক বিয়পালে, আৰু বাহাউল্লাহৰ জীৱন আৰু কৰ্ময়ো পূৰ্বৰ গুৰুসকলৰ শেষৰ আশ্বাসসমূহ ৰক্ষা কৰে। মানৱতা এটি ঐক্যবদ্ধ সৃষ্টি আৰু সকলোৰে উদ্দেশ্য সমগ্ৰ বিশ্বতে শান্তি, ন্যায় আৰু ঐক্য স্থাপন কৰা হোৱা উচিত।

Tuesday, 9 July 2019

নামনি অসমৰ বিশেষকৈ তাহানিৰ অবিভক্ত কামৰূপৰ চৈয়দ তথা খলিফাৰ চিলচিলা আৰম্ভণিৰ এটি চমু আভাস ৷
সেইসময়ত হিন্দুস্থানৰ বাদচাহ আছিল মোগল সম্ৰাট চাহ জাহান৷ এই চাহ জাহানৰ দৰবাৰতে সেই সময়ত ৭০ জন পীৰ বা ফকিৰ আছিল৷ বাদচাহে এই ফকিৰ সকলক ৰাজ দৰবাৰত কিছুদিন ৰাখি পূৰ্বৰ ফালে ধৰ্ম প্ৰচাৰৰ কাৰনে পঠিয়ায়৷ফকিৰ সকলে বাদচাহৰ ৰাজধানী দিল্লীৰ পৰা যাত্ৰা কৰি বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি  ১৬৩৩/৩৪  চন মানত #হাজো পায়হি৷ হাজোক সেই সময়ত পাণ্ড বুলিছিল৷ জনামতে হাজং সকলে বসতি স্থাপন কৰাৰ পাচত ঠাইখনৰ নাম হাজো হয়৷ হাজোৰ গৰু ৰাচল পাহাৰত ১৩ শ শতিকাতে ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা চুলতান গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আৰু তেওঁৰ সঙ্গীসকলে নিৰ্মাণ কৰা মছজিদ আছে৷ সেয়ে হৈছে আজিৰ পোৱামক্কা ৷ নামনি অসমৰ চৈয়দ সকলৰ অন্যতম আদি গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আছিল ইৰানৰ তাব্ৰীজ ৰাজ্যৰ চুলতান বা শাসন কৰ্তা আছিল৷ ৰাজ্যকাৰ্য সতি সন্ততি সকলক গতাই দি তেও কাশ্মীৰ দিল্লী আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰি কৰি বৃদ্ধ বয়সত সঙ্গীসকলৰ সৈতে কামৰূপৰ হাজো পায়হি আৰু হাজোৰ গৰুৰাচল পাহাৰৰ ওখ টিঙত থিতাপি লৈ তাত এটা মছজিদ নিৰ্মাণ কৰে৷ সেই পাহাৰতে তেও আৰু তেওঁৰ সঙ্গী সকলৰ মৃত্যু হয়৷
উল্লেখযোগ্য যে দিল্লীৰ পৰা অহা চৈয়দ তথা খলিফা সকলৰ মূল ফকিৰ তথা পীৰসকলৰ অসমত #দুটা_ভাগ হয়৷
এটা ভাগ হজৰত আজান পীৰ ৰহমাতুল্লা আলাইহীকে ধৰি #উজনি লৈ যায় আনটো ভাগ হজৰত গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা , গেন্ধেলা ফকিৰকে আদি কৰি #নামনিত ধৰ্ম প্ৰচাৰ কৰে৷নামনি অসমৰ সেই সকল পীৰৰ কবৰ হাজোৰ গৰুৰাচল পাহাৰ , বৰম্বৈৰ পাহাৰ আদিত আছে৷ বৃহত্তৰ কামৰূপৰ #গোগ , #বাইহাটা_চাৰিআলি আদিত থকা আজিৰ চৈয়দ সকল তেওঁলোকৰে বংশধৰ৷ গোচ চাহ ওৰফে গেন্ধেলা ফকীৰৰ কবৰ বৰ্তমান উত্তৰ কামৰূপৰ সৰিকট গাৱত আছে আৰু তেওলোকৰ বংশধৰ সকল বৰ্তমান সেই গাওৰে আজিৰ চৈয়দ৷ কালক্ৰমত বিবাহ প্ৰব্ৰজন আদিৰ সূত্ৰে গোটেই নামনিত সেই সকল চৈয়দে বসবাস কৰি আজিৰ শৃংখলা গঢ়ি তুলিছে৷

বি দ্ৰ : জীৱনৰ গতি
লিখক - চৈয়দ আব্দুল কৰিম দেৱান৷

https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...