Tuesday, 9 July 2019

নামনি অসমৰ বিশেষকৈ তাহানিৰ অবিভক্ত কামৰূপৰ চৈয়দ তথা খলিফাৰ চিলচিলা আৰম্ভণিৰ এটি চমু আভাস ৷
সেইসময়ত হিন্দুস্থানৰ বাদচাহ আছিল মোগল সম্ৰাট চাহ জাহান৷ এই চাহ জাহানৰ দৰবাৰতে সেই সময়ত ৭০ জন পীৰ বা ফকিৰ আছিল৷ বাদচাহে এই ফকিৰ সকলক ৰাজ দৰবাৰত কিছুদিন ৰাখি পূৰ্বৰ ফালে ধৰ্ম প্ৰচাৰৰ কাৰনে পঠিয়ায়৷ফকিৰ সকলে বাদচাহৰ ৰাজধানী দিল্লীৰ পৰা যাত্ৰা কৰি বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি  ১৬৩৩/৩৪  চন মানত #হাজো পায়হি৷ হাজোক সেই সময়ত পাণ্ড বুলিছিল৷ জনামতে হাজং সকলে বসতি স্থাপন কৰাৰ পাচত ঠাইখনৰ নাম হাজো হয়৷ হাজোৰ গৰু ৰাচল পাহাৰত ১৩ শ শতিকাতে ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা চুলতান গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আৰু তেওঁৰ সঙ্গীসকলে নিৰ্মাণ কৰা মছজিদ আছে৷ সেয়ে হৈছে আজিৰ পোৱামক্কা ৷ নামনি অসমৰ চৈয়দ সকলৰ অন্যতম আদি গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আছিল ইৰানৰ তাব্ৰীজ ৰাজ্যৰ চুলতান বা শাসন কৰ্তা আছিল৷ ৰাজ্যকাৰ্য সতি সন্ততি সকলক গতাই দি তেও কাশ্মীৰ দিল্লী আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰি কৰি বৃদ্ধ বয়সত সঙ্গীসকলৰ সৈতে কামৰূপৰ হাজো পায়হি আৰু হাজোৰ গৰুৰাচল পাহাৰৰ ওখ টিঙত থিতাপি লৈ তাত এটা মছজিদ নিৰ্মাণ কৰে৷ সেই পাহাৰতে তেও আৰু তেওঁৰ সঙ্গী সকলৰ মৃত্যু হয়৷
উল্লেখযোগ্য যে দিল্লীৰ পৰা অহা চৈয়দ তথা খলিফা সকলৰ মূল ফকিৰ তথা পীৰসকলৰ অসমত #দুটা_ভাগ হয়৷
এটা ভাগ হজৰত আজান পীৰ ৰহমাতুল্লা আলাইহীকে ধৰি #উজনি লৈ যায় আনটো ভাগ হজৰত গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা , গেন্ধেলা ফকিৰকে আদি কৰি #নামনিত ধৰ্ম প্ৰচাৰ কৰে৷নামনি অসমৰ সেই সকল পীৰৰ কবৰ হাজোৰ গৰুৰাচল পাহাৰ , বৰম্বৈৰ পাহাৰ আদিত আছে৷ বৃহত্তৰ কামৰূপৰ #গোগ , #বাইহাটা_চাৰিআলি আদিত থকা আজিৰ চৈয়দ সকল তেওঁলোকৰে বংশধৰ৷ গোচ চাহ ওৰফে গেন্ধেলা ফকীৰৰ কবৰ বৰ্তমান উত্তৰ কামৰূপৰ সৰিকট গাৱত আছে আৰু তেওলোকৰ বংশধৰ সকল বৰ্তমান সেই গাওৰে আজিৰ চৈয়দ৷ কালক্ৰমত বিবাহ প্ৰব্ৰজন আদিৰ সূত্ৰে গোটেই নামনিত সেই সকল চৈয়দে বসবাস কৰি আজিৰ শৃংখলা গঢ়ি তুলিছে৷

বি দ্ৰ : জীৱনৰ গতি
লিখক - চৈয়দ আব্দুল কৰিম দেৱান৷

No comments:

Post a Comment

https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...