Wonderful documentary about current affairs, unusual, uncommon and rare facts in assamese medium language.
Wednesday, 25 March 2020
Corona Virus : World Health Organization ৰ মানি চলক এইকেইটা দিহা৷আনকো কওক৷
বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাভাইৰাছৰ পৰা আঁতৰি থাকিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পাঁচটা পৰামৰ্শ দিছে।
বিশ্ব স্বাস্থ্য সংস্থাই এই পৰামৰ্শসমূহ আনকো জনাবলৈ আৰু সজাগ কৰিবলৈ আহ্বান জনাইছে।১. হাত:
হাতকেইখন সঘনাই চাবোন আৰু পানীৰে বা এলকহ’লযুক্ত হাত পৰিষ্কাৰ কৰা সামগ্ৰীৰে ধুই থাকিব।
ই আপোনাৰ হাতত থকা ভাইৰাছ ধ্বংস কৰিব পাৰে। এই কাম খুব সহজ, কিন্তু খুব গুৰুত্বপূৰ্ণ।
2) কিলাকুটি:
হাঁচিয়াওতে নাকৰ পৰা ওলোৱা পানীয়ে কৰ’নাভাইৰাছ বিয়পাব পাৰে। সেয়ে কাঁহিলে বা হাঁচিয়ালে কিলাকুটিৰে বা ৰুমালেৰে মুখখন ঢাকি লওক।
এই কাম কৰিলে কাষৰ লোকজনলৈ ফ্লু বা কৰ’নাভাইৰাছ বিয়পাৰ সম্ভাৱনা কমি যায়।
৩. মুখ:
হাতেৰে আমি বিভিন্ন বস্তু চুই থাকো বাবে হাতৰ জৰিয়তে সহজে কৰ’নাভাইৰাছ বিয়পিব পাৰে।
সেয়ে হাতেৰে মুখখন চুই নাথাকিব। হাতৰ পৰা মুখৰ জৰিয়তে দেহলৈ কৰ’নাভাইৰাছ প্ৰৱেশ কৰিব পাৰে।
বিশেষকৈ চকু, নাক আৰু মুখ স্পৰ্শ কৰি নাথাকিব।
৪. দূৰত্ব:
আন ব্যক্তিৰ পৰা কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখক। এনে কৰিলে আন ব্যক্তিৰ পৰা হাঁচি বা কাঁহত ওলাই অহা বীজাণুৰ পৰা আঁতৰি থকা সম্ভৱ।
৫. অনুভৱ– ৰোগৰ লক্ষণসমূহ জানক:
গা বেয়া যেন অনুভৱ কৰিলে ঘৰতে থাকক। আপোনাৰ যদি জ্বৰ, কাঁহ বা উশাহ লোৱাত অসুবিধা হৈছে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷
Subscribe to:
Post Comments (Atom)
https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...
-
৩৬ বছৰ পূৰ্বে অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ঘটনাটো সংঘটিত হৈছিল আজিৰ দিনটোতে। উগ্ৰ অসমীয়া জাতীয়তাবাদৰ দাবানলত জ্বলি ছাই হৈ গৈছিল প্ৰায় ২০০০...
-
ভাৰতত ক’ৰ’নাত আক্ৰান্ত প্ৰথম গৰাকী ব্যক্তি চিনাক্ত হৈছিল ২০২০ চনৰ ৩০ জানুৱাৰীত আৰু এই লেখাটো লিখি থকালৈকে ১,৬৩৭ গৰাকী কোভিড-১৯ ৰোগী থকা বুল...
No comments:
Post a Comment