Wednesday, 20 May 2020

লাইলাতুল কদৰ Lailatul qadr

#লাইলাতুল_কদৰ

শ্ববে কদৰ (আৰবী: لیلة القدر) আৰবীত লাইলাতুল কদৰ। ইয়াৰ অৰ্থ অতিশয় সম্মানিত আৰু মহিমান্বিত ৰাতি বা পৱিত্ৰ ৰজনী। আৰৱী ভাষাত 'লাইলাতুন'ৰ অৰ্থ হ'ল ৰাত্ৰি বা ৰজনী আৰু 'কদৰ' শব্দৰ অৰ্থ সম্মান, মৰ্যদা, মহাসম্মান। ইয়াৰ উপৰিও ইয়াৰ অন্য অৰ্থ হ'ল—ভাগ্য, পৰিমাণ আৰু তাকদিৰ নিৰ্ধাৰণ কৰা।ইছলাম ধৰ্ম অনুসৰি, এই ৰাতি ইছলামৰ মহানবী, মুহাম্মদৰ অনুসাৰীসকলৰ সম্মান বৃদ্ধি কৰা হয় আৰু মানৱজাতিৰ ভাগ্য পুননিৰ্ধাৰিত কৰা হয়। সেয়েই মুছলিম সকলৰ ওচৰত এই ৰাতি অত্যন্ত পুণ্যময় আৰু মহাসম্মানিত হিচাপে পৰিগণিত। কোৰআনৰ বৰ্ণনা অনুসৰি, আল্লাহে এই ৰাত্ৰীক অনন্য মৰ্যদা দিছে আৰু এইটো এটা মাত্ৰ ৰজনীৰ উপাসনা হাজাৰ মাহৰ ইবাদততকৈও অধিক ছওয়াব (পূণ্য) অৰ্জিত হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। প্ৰতিবছৰ মাহে ৰমজানত এই মহিমান্বিত ৰজনী লাইলাতুল কদৰ মুছলিমসকলৰ বাবে সৌভাগ্য বৈ আনে বুলি সিহঁতে বিশ্বাস কৰে। উল্লেখযোগ্য যে হদীছ মোতাবিক লাইলাতুল কদৰৰ ৰাতি ৰমজান মাহৰ শেষৰ দহদিনৰ অযুগ্ম ৰাতিত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা বেছি৷ইতিকাফত (ধৰ্মীয় কোৱাৰেনটাইন) থকাৰ জৰিয়তে এই ৰাতিৰ মৰ্যাদা পোৱাৰ চেষ্টা কৰে বহু ইচলামধৰ্মালম্বী ধৰ্মপ্ৰাণ লোকে৷

Monday, 11 May 2020

Corona Pandemic Update 11 May 2020

যোৱা ২৪ ঘণ্টাত ভাৰতত ৪,২১৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে আক্ৰান্তৰ সংখ্যাৰ ৬৭,১৫২ গৰাকীলৈ বৃদ্ধি পায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে আজি পোৱা সদৰী কৰে।

ইপিনে ভাৰতত এই পৰ্যন্ত কোভিড-১৯ত আক্ৰান্ত হৈ ২,২০৬ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাৰ মুঠ ৯৭ জন লোকে প্ৰাণ হেৰোৱায়।আজি পোৱা সুস্থ হৈ উঠা লোকৰ হাৰ আছিল ৩১.১৪ শতাংশ যিটো যোৱা দেওবাৰৰ তুলনাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি। দেওবাৰে এই হাৰ আছিল ২৬.৫৯ শতাংশ।

আজি পৰ্যন্ত সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২০,৯১৭ গৰাকী।

আনহাতে সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ৪,১০২,৯৫৫ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২,৮২,৭১৯ গৰাকীৰ মৃত্যু হৈছে।

ভাৰতত মহাৰাষ্ট্ৰত সৰ্বাধিক লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছে, ৰাজ্যখনত ২২,১৭১ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৮৩২ গৰাকী লোকৰ।

Saturday, 2 May 2020

Syed akbaruddin retired from Permanent Member of United Nations

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে নমস্কাৰেৰে ৰাষ্ট্ৰসংঘৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ৰাষ্ট্ৰসংঘক বিদায় জনোৱাৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধান এণ্টনিঅ’ গুৱেটৰেজৰ সৈতে হোৱা অনলাইন সাক্ষাৎকাৰত নমস্কাৰ জ্ঞাপন কৰি সচিৱ প্ৰধান গৰাকীৰ পৰা বিদায় মাগে আকবৰুদ্দিনে।ৰাষ্ট্ৰসংঘত নিজৰ কাৰ্য্যকালৰ সমৰণি পেলাই আকবৰুদ্দিনে ভাৰতলৈ উভতি অহাৰ পূৰ্বে সচিৱ প্ৰধান গৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।

‘‘সচিৱ প্ৰধান মই বিদায় গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতীয় পৰম্পৰাক লৈ এটা সৰু অনুৰোধ আছে, যেতিয়া আমি লগ হম অথবা বিদায় লম, আমি হেল্লো বা কৰমৰ্দনৰ পৰিৱৰ্তে নমস্কাৰ কোৱা কৰিম। এতিয়া মই মোৰ বক্তব্য শেষ কৰাৰ পূৰ্বে আপোনাক নমস্কাৰ জনাইছো আৰু আপোনাৰ পৰাও একেধৰণৰ প্ৰতিনমস্কাৰ আশা কৰিছো,’’ গুৱেটৰেজৰ সৈতে হোৱা অনলাইন বৈঠকৰ অন্তত আকৰুদ্দিনে এনেদৰে কয়।

চৈয়দ আকবৰুদ্দিনে ২০১৫ চনত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।

চৈয়দ আকবৰুদ্দিনৰ অৱসৰৰ পাছত ভাৰতীয় বৈদিশিক পৰিক্ৰমা বিভাগৰ সচিৱ টি এছ ত্ৰিমুৰ্তিক বুধবাৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে নিয়োগ কৰা হয়।

উল্লেখযোগ্য যে, নিজৰ কাৰ্য্যকালত চৈয়দ আকবৰুদ্দিনে অনুচ্ছেদ ৩৭০ কে ধৰি বিভিন্ন বিষয়ত ভাৰতৰ স্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ সবল যুক্তি প্ৰতিষ্ঠা কৰি সকলোৰে পৰিচিত হৈছিল।

https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...