Wonderful documentary about current affairs, unusual, uncommon and rare facts in assamese medium language.
Friday, 15 October 2021
Tuesday, 12 October 2021
Monday, 4 October 2021
Friday, 17 September 2021
Monday, 30 August 2021
কবিতা
মনত পৰে আজি ও প্ৰিয়তম
কবিতাত মোৰ
তোমাৰ লগত কটোৱা কত্ যে ক্ষণ…
ৰদ জ্বলা দুপৰত ভাগৰোৱা মোৰ হিয়া..
আৰু হৃদয় ৰ জালানাৰে তোমাৰ প্ৰেমৰ সুৱাস
কবিতাত মোৰ
তোমাৰ লগত কটোৱা কত্ যে মধুৰ মূহুৰ্ত
অভিমানী প্ৰেম মোৰ
দূৰৈৰ পৰাই তোমাক চোৱা
বিছাৰি তোমাৰ পৰশ
ৰিমঝিম ৰিমঝিম বৰষুণত ভিগা মোৰ শৰীৰ
ফাগুনৰ পছোৱাত শাঁত পৰা মোৰ হিয়াঁ,
মনত পৰে কেতিয়াবা
কবিতাত মোৰ তোমাৰ লগত পতা কত্ যে কথা
কত বাৰ যে মিলন প্ৰতিদিন
কবিতাত মোৰ
হৃদয় জুৰিদি নিগৰা মোৰ কল্পনাৰ প্ৰেম
কবিতাত মোৰ যুগমীয়া হৈ ৰয়।
বিদ্ৰ: প্ৰেমে যেতিয়াই যেতিয়াই প্ৰতিদান বিছাৰিছে তেতিয়াই প্ৰেম প্ৰতাৰিত হৈছে।
: জেছমিন ফাটিমা
ঠিকনা সংযুক্ত আৰব প্ৰবাসী অসমীয়া
লিখক
Friday, 6 August 2021
#আলাবৈৰ_যুদ্ধ
#আপুনি_জানেনে?
শৰাইঘাট যুদ্ধৰ প্ৰাককালত সংঘটিত #আহোম আৰু #মোগল সৈন্যৰ মাজত হোৱা এখন গুৰুত্বপূৰ্ণ যুজ আছিল আলাবৈৰ ৰণ৷
গুৱাহাটীৰ সমীপৰ আলাবৈ পাহাৰৰ দাতিত ১৬৬৯ খ্ৰীষ্টাব্দৰ ৫ আগষ্টত সংঘটিত এই যুজত মোগলৰ হৈ ৰণক্ষেত্ৰত নামিছিল #ৰাজপুত_ৰমনী_মদনাৱতী৷
যুদ্ধত মোগলৰ হৈ যুজ দিয়া ৰমনী #মদনাৱতী এই যুজতে গুৱাহাটীত নিহত হয়৷ যুদ্ধত মোগলৰ অন্যতম যুদ্ধা আছিল #ৰাম_সিংহ
লক্ষণীয় কথাটো হ'ল #মোগলত_থকা_ৰমনী_মদনাৱতী_আৰু_ৰামসিংহ_হিন্দু_আছিল৷
ইয়াৰ দ্বাৰা এইটো বুজা যায় সেইসময়ত মোগল বনাম যুদ্ধবোৰ মুছলমান আগ্ৰাসন হিচাপে কৰা নাছিল৷
মোগল এক #ঐপনিবেসিক_সাম্ৰাজ্যবিস্তাৰ হিচাপে যুদ্ধ কৰিছিল৷
যি সাম্ৰাজ্যবাদৰ অন্যতম অংশীদাৰ আছিল এই ৰাজপুত সকল৷
কিন্তু আজিৰ ৰাজনীতিবিদ সকলে মোগল সংলগ্ন ইতিহাসৰ বিকৃতি ঘটাই সকলো দিশত হিন্দু মুছলমান ভাগ ভাগ চেষ্টা কৰি নিজৰ ক্ষমতাৰ ৰুটি সেকা দেখা যায় বহুক্ষেত্ৰত৷
#তথ্য_MyGov
Wednesday, 28 April 2021
Earthquake in Assam ১৯৫০ চনৰ পিছত অসমত আজি জোকাৰি গ'ল আটাইতকৈ শক্তিশালী ভূমিকম্পই
১৯৫০ চনৰ পিছত ৰাজ্যক আজি জোকাৰি গ’ল আটাইতকৈ শক্তিশালী ভূমিকম্পই।
ভূমিকম্পৰ পিছত সময় বাগৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিস্তৰ ক্ষতি সাধনৰ বাতৰি আহিছে। ৬.৭ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ শক্তিশালী ভূমিকম্পৰ ফলত ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ বিভিন্ন স্থানত মাটি ফুটি পানী ওলাই আছে।
মিছামাৰীৰ পথাৰতো এনেদৰে পানী ওলাই থকা দেখিবলৈ পোৱা গৈছে। ভূমিকম্পৰ জোকাৰণিত পুৰণিগুদামৰ মহা মৃত্যুঞ্জয় মন্দিৰৰো ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে।
গুৱাহাটী মহানগৰীৰ গণেশগুৰী, উলুবাৰী, ভেটাপাৰা, কালাপাহাৰ আদি স্থানত বহু কেইটা অট্টালিকাত বৃহৎ ফাঁট মেলিছে।উলুবাৰীৰ ছিগনেছাৰ এপাৰ্টমেণ্টৰ পানীৰ পাইপ ফাটি যোৱাৰ ফলত বহু কেইটা কোঠা জলমগ্ন হৈ পৰিছে।ঢেকিয়াজুলীৰ শিংৰী চাহবাগিচাৰ লগতে নাৰায়ণপুৰ অঞ্চলত মাটি ফাঁটি ঘোলা পানী ওলাই অহা পৰিলক্ষিত হৈছে।দৰঙৰ চকীয়াপাৰাত ঘৰৰ বেৰ ভাঙি উমাকান্ত ডেকা নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধ গুৰুতৰ ভাবে আহত হৈছে। গুৱাহাটীৰ এপল’ হাস্পতাল, এক্সেল কেয়াৰ হাস্পতাল,তাজ ভিভান্তা আদিত ফাঁট মেলিছে।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ট’লফ্ৰী নম্বৰ মুকলি কৰিছে। জিলা কণ্ট্ৰোল ৰুমৰ নম্বৰ ১০৭৭ আৰু ৰাজ্যিক কণ্ট্ৰোল ৰুমৰ নম্বৰ ১০৭০/১০৭৯।
ইপিনে ভূমিকম্পৰ সময়ত গুৱাহাটীৰ চন্দ্ৰপুৰত প্ৰসন্ন কলিতা নামৰ ৭০ বছৰীয়া লোক জন অত্যধিক আতংকিত হৈ পৰে আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে।
নগাঁৱত এটা অট্টালিকাৰ দেৱাল ভাগি পৰাত তলত থকা এটা ঘৰৰ বিস্তৰ ক্ষতি সাধন হয়।ঘৰটোত থকা এটি শিশুৰ কথমপি প্ৰাণৰক্ষা পৰে।
বিশ্বনাথ চাৰিআলিতো বহু ঘৰৰ দেৱালত ফাঁট মেলা দেখা গৈছে। কোকৰাঝাৰ, বঙাইগাঁও আদিৰ পৰাও ভূমিকম্পৰ ফলত ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে।
ৰঙিয়া বঙালীকুচিৰ ৰে’ল দলঙত ভূমিকম্পৰ ফলত বৃহৎ ফাঁট মেলাত ৰে’ল যাতায়াত সাময়িক ভাবে ব্যাহত হৈ পৰে যদিও এতিয়া পুনৰ ৰে’ল চলোৱাৰ দিহা কৰা হৈছে। ভূমিকম্পৰ ফলত ভৈৰৱকুণ্ড পাহাৰৰ মাটি ভয়ংকৰ ৰূপত খহি পৰে। একেদৰে গুৱাহাটীত থকা অসম অয়েলৰ কাৰ্যালয়ৰো বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে।
Subscribe to:
Comments (Atom)
https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...
-
৩৬ বছৰ পূৰ্বে অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ঘটনাটো সংঘটিত হৈছিল আজিৰ দিনটোতে। উগ্ৰ অসমীয়া জাতীয়তাবাদৰ দাবানলত জ্বলি ছাই হৈ গৈছিল প্ৰায় ২০০০...
-
ভাৰতত ক’ৰ’নাত আক্ৰান্ত প্ৰথম গৰাকী ব্যক্তি চিনাক্ত হৈছিল ২০২০ চনৰ ৩০ জানুৱাৰীত আৰু এই লেখাটো লিখি থকালৈকে ১,৬৩৭ গৰাকী কোভিড-১৯ ৰোগী থকা বুল...