Friday, 20 March 2020

ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ অক্ষয় বন্তি নুমুৱা বুলি ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ

যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তি নুমোৱাক লৈ শুকুৰবাৰে বিয়লিৰ পৰা ছ’চিয়েল মিডিয়াত চলা একধৰণৰ অপপ্ৰচাৰে সবত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কিন্তু, বৰ্তমানেও ঢেকীয়াখোৱা বৰনামঘৰৰ মনিকূটত অবিৰতভাবে অক্ষয় বন্তিগছিয়ে পোহৰ বিলাই আছে।ঢেঁকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে অক্ষয় বন্তিগছি নুমোৱা বুলি ছ’চিয়েল মিডিয়াত  চলোৱা অপপ্ৰচাৰক দুৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু ৰাইজক উৰা বাতৰিত কাণ নিদিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছে বৰ্তমান সময়ত আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত এনেধৰণৰ উৰা বাতৰিয়ে ৰাইজৰ মনত অধিক শংকাৰ জন্ম দি পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে এগৰাকী স্থানীয় নাগৰিয়ে মত ব্যক্ত কৰে।

অৱশেষত ন্যায় ; নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীয়ে পালে চৰম শাস্তি ৷

২০১২ চনত দিল্লীত সংঘটিত নিৰ্ভয়া গংগ ৰেপ কাণ্ডৰ আজি প্ৰায় সাত বছৰৰ মূৰত ন্যায় পালে। এই ধৰ্ষণকাণ্ডৰ চাৰিওজন দোষীকে আজি ৰাতিপুৱা ৫.৩০ মান বজাত তিহাৰ জেইলত ফাঁচি দিয়া হয়।

চাৰিওজন দোষী ক্ৰমে বিনয়, অক্ষয়, মুকেশ আৰু পৱন গুপ্তাক একেলগে ফাঁচিকাঠত ওলমোৱাৰ লগতে তেওঁলোকৰ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।৭ বছৰ তিনি মাহ আৰু তিনিদিন পূৰ্বে অৰ্থাৎ ২০১২ ৰ ১৬ ডিচেম্বৰৰ নিশা সংঘটিত এই বৰ্বৰ কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিৰ্ভয়া কাণ্ডৰ দোষীক শাস্তি প্ৰদান আৰু নিৰ্ভয়াৰ পৰিয়ালৰ লোকক ন্যায় দিয়াৰ দাবীত ৰাজপথত চলিছিল তীব্ৰ প্ৰতিবাদ।

নিৰ্ভয়াৰ মাতৃ আশা দেবীয়ে ন্যায় লাভৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দি আছিল আৰু আজি দোষী কেইজনৰ ফাঁচি হোৱাৰ পিছত তেওঁ ২০ মাৰ্চৰ দিনটো নিৰ্ভয়া দিন হিচাপে পালন কৰিব বুলি ঘোষণা কৰে।

ইয়াৰ উপৰি আশা দেবীয়ে এতিয়াৰ পৰা দেশৰ অন্য ছোৱালীৰ হৈ যুঁজ দি যাব বুলিও জনায়।

উল্লেখ্য যে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰে ফাঁচিৰ দিন পিছুৱাবলৈ শেষ মূহুৰ্তলৈ চলাইছিল আপ্ৰাণ চেষ্টা।

দোষী কেইগৰাকীৰ ফাঁচি পিচুওৱাৰ বাবে তেওঁলোকৰ অধিবক্তাই বিভিন্ন কৌশল গ্ৰহণ কৰিছিল। ইতিমধ্যে দুবাৰ তেওঁলোকৰ ফাঁচি পিচুওৱা হৈছে।

তদুপৰি অধিবক্তাগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় আদালত আৰু ভাৰতীয় মানৱ অধিকাৰ আয়োগৰো ওচৰ চাপিছিল। কিন্তু সফল হ’ব নোৱাৰিলে।

আজি তিহাৰ জেইলত চাৰিগৰাকী দোষীক একেলগে ফাঁচি দিয়াৰ এইটোৱে হ’ল প্ৰথম ঘটনা।

Saturday, 14 March 2020

Corona Virus Disease

ক'ৰ'নাৰ ওপৰত বহুত Meme আৰু উৰাবাতৰি ফেচবুক তথা সামাজিক মাধ্যমত দেখিলো৷
এজন Microbiology ৰ PostGraduate হিচাপে সেয়েহে এই মহামাৰী বিধৰ ওপৰত কোৱাটো প্ৰয়োজনবোধ কৰিছো৷

পোন প্ৰথম কথা এই বেমাৰবিধৰ বৈজ্ঞানিক নাম হৈছে #COVID-19
অৰ্থাত Corona Virus Disease 2019
এই বেমাৰ বিধৰ প্ৰাৰম্ভিক লক্ষণ হৈছে চুটি উশাহ লগতে জ্বৰ চৰ্দি আৰু মুৰৰ বিষ৷
চূড়ান্ত লক্ষণ হৈছে নিউমোনিয়া আৰু হাওফাও হৃদপিণ্ড কাম নকৰি বন্ধ হৈ মৃত্যু মুখত পৰে৷

এই ৰোগ বিধৰ কাৰক হ'ল Corona নামৰ এবিধ Virus যাৰ Diametre. 120 nanometers অৰ্থাত ই কেতিয়াও বতাহব বিয়পিব নোৱাৰে কাৰন ইয়াক বায়ুৱে কঢ়িয়াব নোৱাৰে৷এতেকে বিশ্ব স্বাস্থ্য সন্থাই মাস্ক ব্যৱহাৰ কৰিব দিয়াৰ কাৰন হল যাতে মুখৰ জলীপ বাষ্প আৰু হাচি বা কাহ মাৰিলে মুখৰ পানী অইনৰ তালৈ যাব নোৱাৰে বা অইনৰ পৰা আহিব নোৱাৰে৷ এই ভাইৰাছ বিধ বিয়পে ভৌতিক মাধ্যম হাত মুখ বস্তু মাখি আদিৰ দ্বাৰা৷
সেয়েহে মুখত মাস্ক পিন্ধাতকৈ হাত পৰিস্কাৰ কৰি ৰখাত বেছি গুৰুত্ব দিব লাগে৷
এই ভাইৰাছবিধক মাৰিব পৰা প্ৰতিষেধক এতিয়ালৈকে ওলোৱা নাই ৷ ইয়াক আমি কিছু পিছলকাৰক পদাৰ্থ যেনে চাবোন hand wash আদিৰে গুচাব হে পাৰো মাৰিব নোৱাৰো৷
ভাল খবৰ এইটোৱে যে এই ভাইৰাছবিধ ২৫° ছেলছিয়াছকতকৈ বেছি উষ্নতাত ই নিষ্ক্ৰিয় হৈ যায়৷গতিকে আমাৰ ইয়াত যিহেতু বসন্তআৰম্ভ হবএইবিধৰ সক্ৰিয়তা আৰু বাঢ়িব নোৱাৰে৷
এইবিধ ৰোগত আক্ৰান্ত হোৱাৰ ৫%  শতাংশ লোক হে মৃত্যুবৰন কৰিছে বাকী ৯৫ % শতাংশ সুস্থ হৈছে তথা চিকিৎসা চলি আছে৷ কিন্তু ইয়াৰ তুলনাত মদ্যপান তথা নিচা লোৱা ৰ ৫০% লোকেই মৃত্যুমুখত পৰে লিভাৰ আৰু কেঞ্চাৰৰ ৰোজ হৈ৷ গতিকে মৃত্যুৰ হাৰ কত বেছি সেইটোহে লক্ষ্যনীয়৷

#সতৰ্কতা spirit বা Disinfectant ব্যৱহাৰ কৰি হাত মুখ মুচিব লাগে ৷
সদায় কুহুমীয়া গৰম পানী পান কৰিব লাগে যদি জনসমাগম এলেকাত থাকে৷ যাতে ভাইৰাচবিধ মুখত গলেও সক্ৰিয় নহয় ৷ চৰ্দি কাহ হৈ থকা লোকৰ পৰা এক মিটাৰ দুৰত্ব বজাই কথা বতৰা পাতিব লাগে অন্যথা N 95 mask ব্যৱহাৰ কৰক৷
হাত ভালকৈ চাবোনেৰে ধুই হে মুখ চকু স্পৰ্শ কৰিব লাগে যদি আপুনি বজাৰ বা বাহিৰৰ পৰা আহে৷
কেচা পাচলি গৰমপানীত ভালকৈ ধুই হে ভালকৈ ৰান্ধিব লাগে৷কাপোৰ কানি সম্পূৰ্ণ শোকোৱাৰ পিছত হে ঘৰত আনিব লাগে৷
মাছ মাংস ভালকৈ মছলাৰে সিজাব লাগে৷
--চৈয়দ ইস্কন্দৰ মজিব (MSc in Microbiology)

Monday, 9 March 2020

দৈনিক বাদাম খোৱাৰ উপকাৰিতা৷ --- চৈয়দ ইস্কন্দৰ মজিব

বাদাম দেখিবলৈ সৰু যদিও ইয়াৰ উপকাৰিতাৰ বিষয়ে জানি হয়তো আপুনি আচৰিত হৈ পৰিব। স্বাস্থ্যৰ বাবে উপকাৰি বাদামত ভিটামিন ই, মেগনেছিয়াম, ফাইবাৰ আৰু এমিন’ এছিড প্ৰচgৰ পৰিমানে পোৱা যায়।

ইয়াৰ উপৰি কপাৰ, পটাছিয়াম, ফছফৰাছ, আইৰন আদি প্ৰচুৰ পৰিমানে থাকে বাদামত। সেয়ে নিয়মীয়াভাৱে বাদাম খোৱাটো শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজন।বাদামে আমাৰ মগজুৰ শক্তি বৃদ্ধিত সহায় কৰাৰ লগতে বিভিন্ন বেমাৰৰ পৰা উপশম লাভ কৰাটো সহায় কৰে।

নিয়মীয়াভাৱে বাদাম খালে আমাৰ শৰীৰৰ কি কি উপকাৰিতা হয় জানো আহক

ৰাতি তিয়াই থোৱা বাদাম যদি ৰাতিপুৱা শুই উঠি খাই তেন্তে বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি।
শিশুক নিয়মিতভাৱে দুটাকৈ বাদাম খুৱালে মগজুৰ তীক্ষ্ণতা বৃদ্ধি পায়। কাৰণ বাদামত প্ৰচুৰ পৰিমানে ই ভিটামিন পোৱা যায়।
সঠিক পৰিমাণৰ বাদাম সেৱনে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। কিন্তু বেছিকৈ খালে শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা দুগুণে বৃদ্ধি পায়।
বাদামে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ লগতে ইয়াৰ পৰা হ’ব পৰা বহু বেমাৰ প্ৰতিৰোধ কৰাতো সহায় কৰে।
বাদামত মেগনেছিয়াম থাকে বাবে ইয়ে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধিতো সহায় কৰে। তদুপৰি হাৰ্ট এটেক হোৱাৰ পৰাও হাত সাৰি থাকিব পাৰি।
নিয়মীয়াভাৱে বাদাম খালে স্বাস্থ্যৱান হোৱাৰ লগতে চালৰ ৰুক্ষতাও নোহোৱা কৰে। কাৰণ বাদামত প্ৰচুৰ পৰিমানে ই ভিটামিন পোৱা যায়।
ইয়াৰ উপৰি বাদামে কাঁহ, চুলি সৰাৰ আদিৰ দৰে সমস্যাৰ পৰাও মুক্তি দিয়ে। বাদামত থকা যিংকে আমাৰ মূৰত নতুন কোষ গঠনত সহায় কৰে।
বাদামে শিশুৰ দাঁতৰ সমস্যাও বহু পৰিমানে হ্ৰাস কৰে।

Wednesday, 4 March 2020

আমি সকলোৱে কল খাও আৰু কলৰ উপকাৰিতা সম্বন্ধে আমি জ্ঞাত।

কিন্তু আপুনি জানেনে কলৰ বাকলিও আমাৰ বাবে অতি উপকাৰী।আজি আমি আপোনালোকক কলৰ বাকলিৰ উপকাৰিতা সম্বন্ধে জনাম।

১. যদি আপোনাৰ মুখত দাগ আছে আৰু আপুনি ইয়াক আঁতৰাব বিচাৰি আছে তেন্তে চিন্তা নকৰিব।

আপোনালোকে এই দাগ আঁতৰাবলৈ ৰাতিপুৱাই শুই উঠি মুখত ২ মিনিট সময়ৰ বাবে কলৰ বাকলি লগাই থওক।

এনেদৰে ১০ দিন কৰাৰ পাছতে আপোনালোকে ফলাফল লাভ কৰিব।

২. যদি আপোনাৰ মুখত কলা দাগ আছে আৰু বহু চেষ্টা কৰিও আপুনি ইয়াক আঁতৰাব পৰা নাই তেনেহ’লে চিন্তা নকৰিব।

আপোনালোকে ক’লা দাগ পৰা স্থানত ৰাতি শুৱাৰ পূৰ্বে ৫ মিনিট সময়ৰ বাবে কলৰ বাকলি ঘঁহি থওক।

এনেদৰে ১৫ দিনৰ বাবে কৰক মুখৰ ক’লা দাগ নাইকিয়া হৈ পৰিব।

৩. কলৰ বাকলিৰ পৰা আমাৰ ৰাজ্যত ক’লাখাৰ প্ৰস্তত কৰা হয়। কলৰ বাকলি পুৰি ক’লা খাৰ প্ৰস্তুত কৰিব পাৰি আৰু আহাৰৰ সৈতে এই খাৰ গ্ৰহণ কৰিলে বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা যায়।

Thursday, 20 February 2020

নেলী হত্যাকাণ্ড - অসমৰ এক কলংকিত অধ্যায়

৩৬ বছৰ পূৰ্বে অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ঘটনাটো সংঘটিত হৈছিল আজিৰ দিনটোতে।

উগ্ৰ অসমীয়া জাতীয়তাবাদৰ দাবানলত জ্বলি ছাই হৈ গৈছিল প্ৰায় ২০০০ ধৰ্মীয় সংখ্যা মানুহৰ শৰীৰ!কোৱা হয় অসমীয়া উগ্ৰ জাতীয়তাবাদীয়ে মাত্ৰ ৬ ঘণ্টা সময়ৰ ভিতৰতে হত্যা কৰিছিল ১৮০০ ৰো অধিক ধৰ্মীয় সংখ্যালঘু মানুহক। সম্ভৱতঃ মধ্য পাচ্যৰ জিঘাংসাকো চেৰ পেলাইছিল সেই বৰ্বৰ হত্যালীলাই।আজিও বিচাৰ নহ’ল এই হত্যালীলাৰ।তদন্ত আয়োগ গঠন হ’ল, আয়োগে তদন্ত কৰিলে, পিছে আজিও নহ’ল বিচাৰ। শাস্তি নহ’ল কোনো হত্যাকাৰীৰ।

কেনেকৈ চলিছিল এই বৰ্বৰ হত্যাযজ্ঞ?

বহিৰাগতক খেদা আন্দোলনে বিদেশী খেদা আন্দোলনলৈ ৰূপান্তৰ হৈ অসমত ১৯৭৯ চনৰ পৰা আছুৰ নেতৃত্বত সুদীৰ্ঘ ছবছৰ দিন ধৰি অসম আন্দোলন চলিছিল।

বৰ্বৰতাৰে হত্যা কৰা হৈছিল নেলীৰ ধৰ্মীয় সংখ্যালঘু মানুহক।তাকো বাছি বাছি।শিশু নাৰী আবাল বৃদ্ধ-বনিতা কোনোৱে বাদ পৰা নাছিল এই হত্যালীলাৰ পৰা। আন্দোলনৰ ভৰপক সময়ত অসমীয়া উগ্ৰ জাতীয়তাবাদৰ দ্বাৰা যেন নাৰ্যতা দিয়া হৈছিল এই হত্যা যজ্ঞক!

আন্দোলনকাৰীয়ে ৩৬ বছৰ পূৰ্বে আজিৰ দিনটোতে তেতিয়াৰ নগাঁও জিলা আৰু বৰ্তমানৰ মৰিগাঁও জিলাৰ নেলীৰ ধৰ্মীয় সংখ্যালঘু এলেকাত চলাইছিল এই হত্যালীলা। যি হত্যা লীলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক পৰিচিত কৰিছিল এখন অতি নাৰকীয় ঠাই হিচাপে।

পুৱা বৰবাৰী নামৰ গাঁৱৰ পৰা আৰম্ভ হোৱা এই বৰ্বৰ আক্ৰমণে নেলীকে ধৰি ১৩ খনকৈ গাঁৱত চলাই গৈছিল সংখ্যালঘু মানুহৰ নিধন ।

বৰ্বৰ নিধন যজ্ঞত কেবল হত্যালীলাই চলা নাছিল।গাঁৱৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল, আক্ৰান্ত পশু ধনো।

আন্দোলনকাৰীয়ে বিদেশীৰ সন্দেহত অতৰ্কিতে আক্ৰমণ কৰি এফালৰ পৰা বৰ্বৰভাৱে হত্যা কৰি গৈছিল ধৰ্মীয় সংখ্যালঘু মানুহক।

কোৱা হয় বিদেশীৰ হাত এই আছিল এই হত্যাযজ্ঞত। কিন্তু কোনো প্ৰমাণ নাই।হাতত দেশীয় অস্ত্ৰ লৈ চলাইইছল এই হত্যালীলা।

১৫ ফেব্ৰুৱাৰীতে নগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ইয়াৰ ইঙ্গিত দি শীৰ্ষ কতৃপক্ষলৈ খবৰ পঠিয়াছিল।কাৰ্যত অচল হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ গৃহ বিভাগে একো ব্যৱস্থা লোৱা নাছিল।

হত্যালীলা সংঘটিত হোৱাৰ পিছত চলিল ৰাজনীতি।আছু, কংগ্ৰেছ, পিছলৈ অগপ।হত্যাকাৰীয়ে শাস্তি পোৱা দূৰৰে কথা। চৰকাৰ আৰু আইনৰ দৃষ্টিত কোনো হত্যাকাৰীৰেই চিহ্নত নহ’ল। অথচ জনৰৱ উঠিল এই হত্যালীলাৰ লগত সম্পৰ্ক থকা মানুহেও ৰাজপাট খাইছে!

এয়া আছিল অসমীয়া উগ্ৰ জাতীয়তাবাদৰ উৎকৃষ্ট জেন’ফেবিক আচৰণ!

আজি ৩৬ বছৰে অসমীয়া জাতীয়তবাদে পাহৰি গ’লেও অসমৰ ইতিহাসৰ পৰা মচ নেখায় এই বৰ্বৰ হত্যালীলাৰ বিভীষিকা। অসমৰ ইতিহাসে সোঁৱৰাই থাকিব এই হত্যালীলাৰ কথা।অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ এই ক’লা দিনটো আনকি পৃথিৱীৰ ইতিহাসৰ পৰাও মচ নেখায়।

Friday, 13 September 2019

ডেনমাৰ্কৰ বিশ্ববিখ্যাত মাইক্ৰ’বায়োলোজিষ্ট হানছ খ্ৰীষ্টিয়ান গ্ৰামছৰ ১৬৬ বছৰীয়া জন্মদিন উপলক্ষে আজি গুগল ডুডলে মহান বিজ্ঞানীজনে বিশ্ববাসীলৈ আগবঢ়াই যোৱা উল্লেখযোগ্য অৱদানৰ বাবে স্মৰণ কৰিছে।

ডেনমাৰ্কৰ অতিথি শিল্পী মাইকেল ছোমেৰৰ চিত্ৰশিল্পৰে মহান বিজ্ঞানীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে গুগলে।মাইক্ৰ’বায়োলোজিৰ মূল ভিত্তি গ্ৰামছৰ উল্লেখযোগ্য উদ্ভাৱনৰ ভিতৰত অন্যতম। সমগ্ৰ বিশ্বতে ‘দ্যা গ্ৰাম-ষ্টেইনিং’ পদ্ধতি বেক্টেৰিয়া চিনাক্তকৰণৰ বাবে ব্যৱহাৰ হৈ আহিছে।

বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া চিনাক্তকৰণ, শ্ৰেণীবিভাজনৰ বাবে এতিয়াও বিজ্ঞানী, চিকিৎসকসকলে ‘দ্যা গ্ৰাম-ষ্টেইনিং’ পদ্ধতি ব্যৱহাৰ কৰে।

Hans-Christian-Gram
হানছ খ্ৰিষ্টিয়ান গ্ৰাম
সৰুৰে পৰা জীৱ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হোৱা গ্ৰামে ডেনমাৰ্কৰ কোপেনহেগেন মেট্ৰ’পোলিটান স্কুলৰ পৰা বি এছ চি ডিগ্ৰী লাভ কৰে।

তাৰ পাছতে এখন স্থানীয় চিৰিয়াখানাত তেওঁ সহকাৰী গৱেষক হিচাপে কাম কৰিবলৈ লয় যিয়ে তেওঁক চিকিৎসা ক্ষেত্ৰখনৰ অধিক ওচৰ চপাই লৈ যায়।

১৮৭৮ চনত গ্ৰামে কোপেনহেগেন বিশ্ববিদ্যালয়ত এম ডি পাঠ্যক্ৰমত নাম ভৰ্তি কৰে।

বহুবছৰ কোপেনহেগেন চিকিৎসালয়ত বিভিন্ন সহকাৰী পদত কাম কৰি থকাৰ পাছত গ্ৰামে ৰক্তহীনতাত ভোগা ৰোগীৰ দেহত থকা লোহিত ৰক্ত কণিকাৰ আকাৰ আৰু সংখ্যাৰ বিষয়ত লিখি উলিওৱা এখন গৱেষণা পত্ৰৰ কাৰণে পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।

পৰৱৰ্তী সময়ত এই গৱেষণা পত্ৰখনৰ ওপৰত কাম কৰি তেওঁ লোহিত ৰক্ত কণিকাৰ আকাৰ প্ৰসংগত এখন বিস্তৃত প্ৰতিবেদন দাঙি ধৰে।

গৱেষণা পত্ৰৰ কামত পৰৱৰ্তী সময়ত বেক্টেৰিয়’লোজি আৰু ফাৰ্মাকোলোজিৰ ওপৰত বিষদভাৱে অধ্যয়নৰ বাবে তেওঁ য়ুৰোপৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগীয়া হৈছিল।

এনে ভ্ৰমণৰ সময়তে তেওঁ এগৰাকী জাৰ্মান মাইক্ৰ’বায়োলোজিষ্ট কাৰ্ল ফ্ৰিডলেণ্ডাৰৰ সান্নিধ্য লাভ কৰে।

এই সময়তে গ্ৰামে স্ফটিক বেঙুনীয়া দ্ৰৱ, আয়োডিন দ্ৰাৱক আৰু জৈৱিক দ্ৰাৱকৰ মিশ্ৰ এটাত বিভিন্ন বেক্টেৰিয়াৰ গঠনৰ বৈসাদৃশ্য আবিষ্কাৰ কৰিবলৈ সক্ষম হয়।

এই পৰীক্ষাৰ সময়ত যিবোৰ বেক্টেৰিয়াক ‘গ্ৰাম ধনাত্মক’ হিচাপে চিহ্নিত কৰা হৈছিল সেইবোৰত প্ৰচুৰ পৰিমাণে পলিমাৰ আৰু লিপিডৰ উপস্থিতি পোৱা গৈছিল। আনহাতে, ইয়াৰ বিপৰীত বেক্টেৰিয়াবোৰক গ্ৰাম ঋণাত্মক বেক্টেৰিয়া হিচাপে চিহ্নিত কৰা হৈছিল।

অনুবীক্ষণ যন্ত্ৰত ‘গ্ৰাম ধনাত্মক’ বেক্টেৰিয়াবোৰ বেঙুনীয়া দেখা গৈছিল কিন্তু ‘গ্ৰাম-ঋণাত্মক’ বেক্টেৰিয়াবোৰ সাধাৰণতে নষ্ট হৈ যোৱা দেখা গৈছিল। ইয়াৰ খুব কম সংখ্যকতহে পলিমাৰৰ উপস্থিতি ধৰা পৰিছিল।

গ্ৰামৰ এই আবিষ্কাৰে সম্পুৰ্ণ একপক্ষীয়ভাৱে জীৱন কাঢ়ি নিব পৰা বেক্টেৰিয়াজনিত সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল।

ডেনমাৰ্কৰ বিজ্ঞানীগৰাকীয়ে ১৮৮৪ চনত প্ৰকাশিত হোৱা এখন বিজ্ঞান পত্ৰিকাত এনেদৰে লিখিছে-‘এতিয়াও এই পদ্ধতিটো ত্ৰুটিপূৰ্ণ আৰু অসম্পুৰ্ণ বুলি জানিও মই এই কাৰণে প্ৰকাশ কৰিছো যে ই ভবিষ্যতে উদ্ভাৱক সকলৰ বাবে সহায়ক হ’ব’।

চিকিৎসা বিজ্ঞানলৈ ভালেমান গুৰুত্বপূৰ্ণ বৰঙণি যোগাই ১৯৩৮ চনৰ ৪ নৱেম্বৰত বিশিষ্ট জীৱ বিজ্ঞানীগৰাকীয়ে মৃত্যু বৰণ কৰে।

Sunday, 14 July 2019

আব্ৰাহামিক ধৰ্মবোৰৰ চিলচিলা

#ইব্ৰাহিমীয় ধৰ্ম বা #আব্ৰাহামিক ধৰ্ম (ইংৰাজী: Abrahamic Religions) বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি  অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান।
এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল। ভাৰত, চীন, জাপান ইত্যাদি দেশৰ উপজাতিয় অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। তুলনামূলক ধৰ্মতত্ত্বত যি তিনিটা ধৰ্মগত শ্ৰেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্ৰাহিমীয় ধৰ্ম এটা শ্ৰেণী; অন্য দুটা শ্ৰেণী হৈছে ভাৰতীয় ধৰ্ম (উদাহৰণ- হিন্দু ধৰ্ম) আৰু পূৰ্ৱ এচিয় ধৰ্ম।

ইব্ৰাহিমীয় ধৰ্মসমূহৰ তালিকা

সূচনালগ্ন অণুসৰি ক্ৰমবিন্যাস কৰিলে পোৱা প্ৰধান তিনিটা ইব্ৰাহিমীয় ধৰ্ম হৈছে- ইহুদী ধৰ্ম বা জুডাইজম, খ্ৰীষ্টান ধৰ্ম, আৰু ইছলাম।

#ইহুদি ধৰ্ম
#খ্ৰীষ্টান ধৰ্ম
#ইছলাম ধৰ্ম
#বাহাই ধৰ্ম

 ইহুদি ধৰ্ম

ইহুদী ধৰ্ম অনুসৰি সকলে নিজক ইব্ৰাহিমৰ পুত্ৰ জ্যাকব (বা ইয়াকুব)-ৰ উত্তৰপুৰুষ বুলি ভাবে। এই ধৰ্ম কঠোৰভাৱে একেশ্বৰবাদত বিশ্বাসী। সিহঁতৰ মূল ধৰ্মীয় বিধান অনুসৰি এই ধৰ্মৰ অন্তৰ্গত সকলো শাখাৰ মূলগত ধৰ্মগ্ৰন্থ এটাই- তোৰাহ বা তানাখ বা তাওৰাত বা হিব্ৰু বাইবেল। ইহুদীসকলৰ ইতিহাসজুৰি বিভিন্ন ধৰ্ম সংশ্লিষ্ট পন্ডিত ব্যক্তি ইহুদী ধৰ্মৰ মূল মত নিৰ্দিষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস প্ৰস্তাৱ কৰে, যিবোৰৰ সকলো বোৰেই বিভিন্ন আলোচনা-সমালোচনাৰ মাজেদি যায়। আটাইতকৈ গ্ৰহণযোগ্য ব্যৱস্থা বুলি Maimonides প্ৰদত্ত "বিশ্বাসৰ তেৰটা নীতি" স্বীকৃত, যিটো দ্বাদশ শতকত প্ৰদত্ত হয়। অৰ্থোডক্স ইহুদী আৰু ৰক্ষণশীল ইহুদীৰ মতে, মুছা বা মোজেছ সম্পৰ্কিত ভৱিষ্যতবাণী সত্য; তেখেত পূৰ্ৱ বা পৰৱৰ্ত্তী সকলো নবী তথা প্ৰেৰিত পুৰুষৰ নেতৃত্বস্থানীয়।

খ্ৰীষ্টান ধৰ্ম

খ্ৰীষ্টান ধৰ্ম সূচিত হয় ইহুদী ধৰ্মৰ এটা শাখা হিচাপে। ইয়াৰ উৎপত্তি ভূমধ্যসাগৰীয় খ্ৰিষ্টীয় প্ৰথম শতকত। পৰৱৰ্তীত এটা পৃথক বিশ্বাস আৰু ধৰ্মাচাৰণ যুক্ত বেলেগ ধৰ্ম হিচাপে বিস্তৃত হয়। খ্ৰীষ্টানধৰ্মৰ কেন্দ্ৰীয় চৰিত্ৰৰ নাম যিশু বা জিযাছ বা ঈছা- প্ৰায় সকলোৰৰ বিশ্বাস যে তেখেত ঐশ্বৰিক আছিল। খ্ৰিষ্টিয় ত্ৰিত্ব বা ট্ৰিনিটি মতানুযায়ী যিশু ঐশ্বৰিক তিনিটা চৰিত্ৰৰ এজন। খ্ৰিষ্টিয় বাইবেল খ্ৰীষ্টান ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ হিচাপে বিবেচিত; কিন্তু এইক্ষেত্ৰত ঐতিহ্যগত কিছু মতপাৰ্থক্য পৰিলক্ষিত হয়, যেনেকৈঃ- লোমান ক্যাথলিকৰ মত আৰু পূৰ্ৱস্থিতি অৰ্থোডক্স মত।

#ইছলাম ধৰ্ম

পৃথিৱীৰ প্ৰথম মানৱ হজৰত আদম আঃ ৰ পৰাই ইছলাম ধৰ্মত আৰম্ভনি। হজৰত আদম (এডাম) ইছলামৰ প্ৰথম নবী আৰু 570 খ্ৰিষ্টাব্দত জন্ম লয় এই ধৰ্মৰ সৰ্ৱশেষ নবী হজৰত মুহাম্মাদ (ছাঃ), পূৰ্ৱৰ সকলী ধৰ্মপ্ৰচাৰক আল্লাহ (ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সতৰ্ককাৰী হিচাপে মানি লয় আৰু মুহাম্মদ(ছাঃ)য়েই সতৰ্ককাৰী ৰূপে ইছলাম ধৰ্ম প্ৰচাৰ কৰে বুলি মুছলিম সকলে বিশ্বাস কৰে। ইছলাম ধৰ্মৰ মূল বিশ্বাস হ'লঃ- আল্লাহ'ৰ কোনো অংশীদাৰ নাই আৰু মুহাম্মাদ (ছাঃ) আল্লাহৰ বাৰ্তাবাহক। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ কোৰআন, আৰু কোৰআন ব্যাখ্যাত সহায় ল'ব লগা হয় হাদিছ সংকলন সমূহৰ উপৰত। এই ধৰ্মৰ উল্লেখযোগ্য দিশ হ'ল, জীৱনযাত্ৰাৰ সৰ্ৱত্ৰ, যেনেকৈঃ ৰাজনীতি, সমাজনীতি, পোছাক, খাদ্য, মিলাপ্ৰীতি ইত্যাদিত এই ধৰ্মই নিজেক জৰিত কৰি আত্মপ্ৰকাশ কৰে। এই ধৰ্মই মুছলিম জাতিৰ পূৰ্ৱপুৰুষ হিচাপে ইব্ৰাহিম (আঃ) ক উল্লেখ কৰি থাকে। ইয়াৰ উপৰিও অন্যান্য নবীসকলকোও আল্লাহ'ৰ প্ৰেৰিত পুৰুষ হিচাপে স্বীকাৰ আৰু সম্মান কৰে। ইছলাম শব্দৰ অৰ্থ আত্মসমৰ্পণ কৰা
বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية) এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে।বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য বুজায় আৰু ই সন্মানীয়। বাহাই শিক্ষাৰ মতে মানৱ জীৱনৰ লক্ষ্য ঈশ্বৰৰ মহত্ব বুজি ঈশ্বৰৰ আৰাধনা কৰা, তেনে কৰিবলৈ মানুহে 'প্ৰাৰ্থনা', 'আত্মজ্ঞানৰ সন্ধান' আৰু 'মানৱ সেৱা' কৰিব লাগিব।

#বাহাই_ধৰ্ম
বাহাউল্লাহে এই ধৰ্ম ১৯ শতিকাৰ পাৰ্ছিয়াত প্ৰবৰ্তন কৰিছিল। সেই বাবেই তেওঁক পাৰ্ছিয়াৰ পৰা নিৰ্বাসিত কৰি অট্ট'মান সাম্ৰাজ্যলৈ খেদি দিয়া হয়, য'ত তেওঁৰ 'দোষী' ৰূপেই মৃত্যু হ'ল। বাহাউল্লাহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আব্দুল-বাহাৰ দ্বাৰা এই ধৰ্মই পাৰ্ছিয়া আৰু অট্ট'মান সাম্ৰাজ্য পাৰ কৰি ইউৰোপ, আমেৰিকা পালেগৈ। বাহাই ধৰ্মই ইৰাণতো স্থান পালে, য'ত পিছ বাহাইসকলে প্ৰতিকূল পৰিস্থিতি সহ্য কৰিব লগা হ'ল।আব্দুল বাহাৰ মৃত্যুৰ পিছত বাহাই ধৰ্মৰ নেতৃত্ব নিৰ্বাচিত তথা চয়নিত মণ্ডলীৰ হাতলৈ গ'ল। পৃথিৱীৰ ২০০তকৈও অধিক দেশত বৰ্তমান প্ৰায় ৫০ লাখ বাহাই ধৰ্মাৱলম্বী লোক আছে।

বাহাই বিশ্বাস অনুসৰি ধৰ্মৰ ইতিহাসত কেইবাজনো ঐশ্বৰিক গুৰু আহিছে, যিসকলে স্থান আৰু মানুহৰ ক্ষমতা অনুসৰি ন-ন ধৰ্ম স্থাপন কৰিছে। বাহাই ঐশ্বৰিক গুৰুসকলৰ ভিতৰত আব্ৰাহমীয় ধৰ্মসমূহৰ মচেচ, যীশু খ্ৰীষ্ট, মহম্মদ, ধাৰ্মিক ধৰ্মসমূহৰ কৃষ্ণ, গৌতম বুদ্ধ আদিক গণ্য কৰা হয়। বাহাই ধৰ্মৰ শেহতীয়া ঐশ্বৰিক গুৰু বাব আৰু বাহাউল্লাহ। বিশ্বাস অনুযায়ী, প্ৰতিজন গুৰুৱে ঈশ্বৰৰ এক নিৰ্দেশক বিয়পালে, আৰু বাহাউল্লাহৰ জীৱন আৰু কৰ্ময়ো পূৰ্বৰ গুৰুসকলৰ শেষৰ আশ্বাসসমূহ ৰক্ষা কৰে। মানৱতা এটি ঐক্যবদ্ধ সৃষ্টি আৰু সকলোৰে উদ্দেশ্য সমগ্ৰ বিশ্বতে শান্তি, ন্যায় আৰু ঐক্য স্থাপন কৰা হোৱা উচিত।

Tuesday, 9 July 2019

নামনি অসমৰ বিশেষকৈ তাহানিৰ অবিভক্ত কামৰূপৰ চৈয়দ তথা খলিফাৰ চিলচিলা আৰম্ভণিৰ এটি চমু আভাস ৷
সেইসময়ত হিন্দুস্থানৰ বাদচাহ আছিল মোগল সম্ৰাট চাহ জাহান৷ এই চাহ জাহানৰ দৰবাৰতে সেই সময়ত ৭০ জন পীৰ বা ফকিৰ আছিল৷ বাদচাহে এই ফকিৰ সকলক ৰাজ দৰবাৰত কিছুদিন ৰাখি পূৰ্বৰ ফালে ধৰ্ম প্ৰচাৰৰ কাৰনে পঠিয়ায়৷ফকিৰ সকলে বাদচাহৰ ৰাজধানী দিল্লীৰ পৰা যাত্ৰা কৰি বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি  ১৬৩৩/৩৪  চন মানত #হাজো পায়হি৷ হাজোক সেই সময়ত পাণ্ড বুলিছিল৷ জনামতে হাজং সকলে বসতি স্থাপন কৰাৰ পাচত ঠাইখনৰ নাম হাজো হয়৷ হাজোৰ গৰু ৰাচল পাহাৰত ১৩ শ শতিকাতে ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা চুলতান গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আৰু তেওঁৰ সঙ্গীসকলে নিৰ্মাণ কৰা মছজিদ আছে৷ সেয়ে হৈছে আজিৰ পোৱামক্কা ৷ নামনি অসমৰ চৈয়দ সকলৰ অন্যতম আদি গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আছিল ইৰানৰ তাব্ৰীজ ৰাজ্যৰ চুলতান বা শাসন কৰ্তা আছিল৷ ৰাজ্যকাৰ্য সতি সন্ততি সকলক গতাই দি তেও কাশ্মীৰ দিল্লী আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰি কৰি বৃদ্ধ বয়সত সঙ্গীসকলৰ সৈতে কামৰূপৰ হাজো পায়হি আৰু হাজোৰ গৰুৰাচল পাহাৰৰ ওখ টিঙত থিতাপি লৈ তাত এটা মছজিদ নিৰ্মাণ কৰে৷ সেই পাহাৰতে তেও আৰু তেওঁৰ সঙ্গী সকলৰ মৃত্যু হয়৷
উল্লেখযোগ্য যে দিল্লীৰ পৰা অহা চৈয়দ তথা খলিফা সকলৰ মূল ফকিৰ তথা পীৰসকলৰ অসমত #দুটা_ভাগ হয়৷
এটা ভাগ হজৰত আজান পীৰ ৰহমাতুল্লা আলাইহীকে ধৰি #উজনি লৈ যায় আনটো ভাগ হজৰত গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা , গেন্ধেলা ফকিৰকে আদি কৰি #নামনিত ধৰ্ম প্ৰচাৰ কৰে৷নামনি অসমৰ সেই সকল পীৰৰ কবৰ হাজোৰ গৰুৰাচল পাহাৰ , বৰম্বৈৰ পাহাৰ আদিত আছে৷ বৃহত্তৰ কামৰূপৰ #গোগ , #বাইহাটা_চাৰিআলি আদিত থকা আজিৰ চৈয়দ সকল তেওঁলোকৰে বংশধৰ৷ গোচ চাহ ওৰফে গেন্ধেলা ফকীৰৰ কবৰ বৰ্তমান উত্তৰ কামৰূপৰ সৰিকট গাৱত আছে আৰু তেওলোকৰ বংশধৰ সকল বৰ্তমান সেই গাওৰে আজিৰ চৈয়দ৷ কালক্ৰমত বিবাহ প্ৰব্ৰজন আদিৰ সূত্ৰে গোটেই নামনিত সেই সকল চৈয়দে বসবাস কৰি আজিৰ শৃংখলা গঢ়ি তুলিছে৷

বি দ্ৰ : জীৱনৰ গতি
লিখক - চৈয়দ আব্দুল কৰিম দেৱান৷

https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...