Sunday, 14 July 2019

আব্ৰাহামিক ধৰ্মবোৰৰ চিলচিলা

#ইব্ৰাহিমীয় ধৰ্ম বা #আব্ৰাহামিক ধৰ্ম (ইংৰাজী: Abrahamic Religions) বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি  অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান।
এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল। ভাৰত, চীন, জাপান ইত্যাদি দেশৰ উপজাতিয় অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। তুলনামূলক ধৰ্মতত্ত্বত যি তিনিটা ধৰ্মগত শ্ৰেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্ৰাহিমীয় ধৰ্ম এটা শ্ৰেণী; অন্য দুটা শ্ৰেণী হৈছে ভাৰতীয় ধৰ্ম (উদাহৰণ- হিন্দু ধৰ্ম) আৰু পূৰ্ৱ এচিয় ধৰ্ম।

ইব্ৰাহিমীয় ধৰ্মসমূহৰ তালিকা

সূচনালগ্ন অণুসৰি ক্ৰমবিন্যাস কৰিলে পোৱা প্ৰধান তিনিটা ইব্ৰাহিমীয় ধৰ্ম হৈছে- ইহুদী ধৰ্ম বা জুডাইজম, খ্ৰীষ্টান ধৰ্ম, আৰু ইছলাম।

#ইহুদি ধৰ্ম
#খ্ৰীষ্টান ধৰ্ম
#ইছলাম ধৰ্ম
#বাহাই ধৰ্ম

 ইহুদি ধৰ্ম

ইহুদী ধৰ্ম অনুসৰি সকলে নিজক ইব্ৰাহিমৰ পুত্ৰ জ্যাকব (বা ইয়াকুব)-ৰ উত্তৰপুৰুষ বুলি ভাবে। এই ধৰ্ম কঠোৰভাৱে একেশ্বৰবাদত বিশ্বাসী। সিহঁতৰ মূল ধৰ্মীয় বিধান অনুসৰি এই ধৰ্মৰ অন্তৰ্গত সকলো শাখাৰ মূলগত ধৰ্মগ্ৰন্থ এটাই- তোৰাহ বা তানাখ বা তাওৰাত বা হিব্ৰু বাইবেল। ইহুদীসকলৰ ইতিহাসজুৰি বিভিন্ন ধৰ্ম সংশ্লিষ্ট পন্ডিত ব্যক্তি ইহুদী ধৰ্মৰ মূল মত নিৰ্দিষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস প্ৰস্তাৱ কৰে, যিবোৰৰ সকলো বোৰেই বিভিন্ন আলোচনা-সমালোচনাৰ মাজেদি যায়। আটাইতকৈ গ্ৰহণযোগ্য ব্যৱস্থা বুলি Maimonides প্ৰদত্ত "বিশ্বাসৰ তেৰটা নীতি" স্বীকৃত, যিটো দ্বাদশ শতকত প্ৰদত্ত হয়। অৰ্থোডক্স ইহুদী আৰু ৰক্ষণশীল ইহুদীৰ মতে, মুছা বা মোজেছ সম্পৰ্কিত ভৱিষ্যতবাণী সত্য; তেখেত পূৰ্ৱ বা পৰৱৰ্ত্তী সকলো নবী তথা প্ৰেৰিত পুৰুষৰ নেতৃত্বস্থানীয়।

খ্ৰীষ্টান ধৰ্ম

খ্ৰীষ্টান ধৰ্ম সূচিত হয় ইহুদী ধৰ্মৰ এটা শাখা হিচাপে। ইয়াৰ উৎপত্তি ভূমধ্যসাগৰীয় খ্ৰিষ্টীয় প্ৰথম শতকত। পৰৱৰ্তীত এটা পৃথক বিশ্বাস আৰু ধৰ্মাচাৰণ যুক্ত বেলেগ ধৰ্ম হিচাপে বিস্তৃত হয়। খ্ৰীষ্টানধৰ্মৰ কেন্দ্ৰীয় চৰিত্ৰৰ নাম যিশু বা জিযাছ বা ঈছা- প্ৰায় সকলোৰৰ বিশ্বাস যে তেখেত ঐশ্বৰিক আছিল। খ্ৰিষ্টিয় ত্ৰিত্ব বা ট্ৰিনিটি মতানুযায়ী যিশু ঐশ্বৰিক তিনিটা চৰিত্ৰৰ এজন। খ্ৰিষ্টিয় বাইবেল খ্ৰীষ্টান ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ হিচাপে বিবেচিত; কিন্তু এইক্ষেত্ৰত ঐতিহ্যগত কিছু মতপাৰ্থক্য পৰিলক্ষিত হয়, যেনেকৈঃ- লোমান ক্যাথলিকৰ মত আৰু পূৰ্ৱস্থিতি অৰ্থোডক্স মত।

#ইছলাম ধৰ্ম

পৃথিৱীৰ প্ৰথম মানৱ হজৰত আদম আঃ ৰ পৰাই ইছলাম ধৰ্মত আৰম্ভনি। হজৰত আদম (এডাম) ইছলামৰ প্ৰথম নবী আৰু 570 খ্ৰিষ্টাব্দত জন্ম লয় এই ধৰ্মৰ সৰ্ৱশেষ নবী হজৰত মুহাম্মাদ (ছাঃ), পূৰ্ৱৰ সকলী ধৰ্মপ্ৰচাৰক আল্লাহ (ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সতৰ্ককাৰী হিচাপে মানি লয় আৰু মুহাম্মদ(ছাঃ)য়েই সতৰ্ককাৰী ৰূপে ইছলাম ধৰ্ম প্ৰচাৰ কৰে বুলি মুছলিম সকলে বিশ্বাস কৰে। ইছলাম ধৰ্মৰ মূল বিশ্বাস হ'লঃ- আল্লাহ'ৰ কোনো অংশীদাৰ নাই আৰু মুহাম্মাদ (ছাঃ) আল্লাহৰ বাৰ্তাবাহক। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ কোৰআন, আৰু কোৰআন ব্যাখ্যাত সহায় ল'ব লগা হয় হাদিছ সংকলন সমূহৰ উপৰত। এই ধৰ্মৰ উল্লেখযোগ্য দিশ হ'ল, জীৱনযাত্ৰাৰ সৰ্ৱত্ৰ, যেনেকৈঃ ৰাজনীতি, সমাজনীতি, পোছাক, খাদ্য, মিলাপ্ৰীতি ইত্যাদিত এই ধৰ্মই নিজেক জৰিত কৰি আত্মপ্ৰকাশ কৰে। এই ধৰ্মই মুছলিম জাতিৰ পূৰ্ৱপুৰুষ হিচাপে ইব্ৰাহিম (আঃ) ক উল্লেখ কৰি থাকে। ইয়াৰ উপৰিও অন্যান্য নবীসকলকোও আল্লাহ'ৰ প্ৰেৰিত পুৰুষ হিচাপে স্বীকাৰ আৰু সম্মান কৰে। ইছলাম শব্দৰ অৰ্থ আত্মসমৰ্পণ কৰা
বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية) এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে।বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য বুজায় আৰু ই সন্মানীয়। বাহাই শিক্ষাৰ মতে মানৱ জীৱনৰ লক্ষ্য ঈশ্বৰৰ মহত্ব বুজি ঈশ্বৰৰ আৰাধনা কৰা, তেনে কৰিবলৈ মানুহে 'প্ৰাৰ্থনা', 'আত্মজ্ঞানৰ সন্ধান' আৰু 'মানৱ সেৱা' কৰিব লাগিব।

#বাহাই_ধৰ্ম
বাহাউল্লাহে এই ধৰ্ম ১৯ শতিকাৰ পাৰ্ছিয়াত প্ৰবৰ্তন কৰিছিল। সেই বাবেই তেওঁক পাৰ্ছিয়াৰ পৰা নিৰ্বাসিত কৰি অট্ট'মান সাম্ৰাজ্যলৈ খেদি দিয়া হয়, য'ত তেওঁৰ 'দোষী' ৰূপেই মৃত্যু হ'ল। বাহাউল্লাহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আব্দুল-বাহাৰ দ্বাৰা এই ধৰ্মই পাৰ্ছিয়া আৰু অট্ট'মান সাম্ৰাজ্য পাৰ কৰি ইউৰোপ, আমেৰিকা পালেগৈ। বাহাই ধৰ্মই ইৰাণতো স্থান পালে, য'ত পিছ বাহাইসকলে প্ৰতিকূল পৰিস্থিতি সহ্য কৰিব লগা হ'ল।আব্দুল বাহাৰ মৃত্যুৰ পিছত বাহাই ধৰ্মৰ নেতৃত্ব নিৰ্বাচিত তথা চয়নিত মণ্ডলীৰ হাতলৈ গ'ল। পৃথিৱীৰ ২০০তকৈও অধিক দেশত বৰ্তমান প্ৰায় ৫০ লাখ বাহাই ধৰ্মাৱলম্বী লোক আছে।

বাহাই বিশ্বাস অনুসৰি ধৰ্মৰ ইতিহাসত কেইবাজনো ঐশ্বৰিক গুৰু আহিছে, যিসকলে স্থান আৰু মানুহৰ ক্ষমতা অনুসৰি ন-ন ধৰ্ম স্থাপন কৰিছে। বাহাই ঐশ্বৰিক গুৰুসকলৰ ভিতৰত আব্ৰাহমীয় ধৰ্মসমূহৰ মচেচ, যীশু খ্ৰীষ্ট, মহম্মদ, ধাৰ্মিক ধৰ্মসমূহৰ কৃষ্ণ, গৌতম বুদ্ধ আদিক গণ্য কৰা হয়। বাহাই ধৰ্মৰ শেহতীয়া ঐশ্বৰিক গুৰু বাব আৰু বাহাউল্লাহ। বিশ্বাস অনুযায়ী, প্ৰতিজন গুৰুৱে ঈশ্বৰৰ এক নিৰ্দেশক বিয়পালে, আৰু বাহাউল্লাহৰ জীৱন আৰু কৰ্ময়ো পূৰ্বৰ গুৰুসকলৰ শেষৰ আশ্বাসসমূহ ৰক্ষা কৰে। মানৱতা এটি ঐক্যবদ্ধ সৃষ্টি আৰু সকলোৰে উদ্দেশ্য সমগ্ৰ বিশ্বতে শান্তি, ন্যায় আৰু ঐক্য স্থাপন কৰা হোৱা উচিত।

Tuesday, 9 July 2019

নামনি অসমৰ বিশেষকৈ তাহানিৰ অবিভক্ত কামৰূপৰ চৈয়দ তথা খলিফাৰ চিলচিলা আৰম্ভণিৰ এটি চমু আভাস ৷
সেইসময়ত হিন্দুস্থানৰ বাদচাহ আছিল মোগল সম্ৰাট চাহ জাহান৷ এই চাহ জাহানৰ দৰবাৰতে সেই সময়ত ৭০ জন পীৰ বা ফকিৰ আছিল৷ বাদচাহে এই ফকিৰ সকলক ৰাজ দৰবাৰত কিছুদিন ৰাখি পূৰ্বৰ ফালে ধৰ্ম প্ৰচাৰৰ কাৰনে পঠিয়ায়৷ফকিৰ সকলে বাদচাহৰ ৰাজধানী দিল্লীৰ পৰা যাত্ৰা কৰি বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি  ১৬৩৩/৩৪  চন মানত #হাজো পায়হি৷ হাজোক সেই সময়ত পাণ্ড বুলিছিল৷ জনামতে হাজং সকলে বসতি স্থাপন কৰাৰ পাচত ঠাইখনৰ নাম হাজো হয়৷ হাজোৰ গৰু ৰাচল পাহাৰত ১৩ শ শতিকাতে ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা চুলতান গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আৰু তেওঁৰ সঙ্গীসকলে নিৰ্মাণ কৰা মছজিদ আছে৷ সেয়ে হৈছে আজিৰ পোৱামক্কা ৷ নামনি অসমৰ চৈয়দ সকলৰ অন্যতম আদি গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা আলাইহি আছিল ইৰানৰ তাব্ৰীজ ৰাজ্যৰ চুলতান বা শাসন কৰ্তা আছিল৷ ৰাজ্যকাৰ্য সতি সন্ততি সকলক গতাই দি তেও কাশ্মীৰ দিল্লী আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰি কৰি বৃদ্ধ বয়সত সঙ্গীসকলৰ সৈতে কামৰূপৰ হাজো পায়হি আৰু হাজোৰ গৰুৰাচল পাহাৰৰ ওখ টিঙত থিতাপি লৈ তাত এটা মছজিদ নিৰ্মাণ কৰে৷ সেই পাহাৰতে তেও আৰু তেওঁৰ সঙ্গী সকলৰ মৃত্যু হয়৷
উল্লেখযোগ্য যে দিল্লীৰ পৰা অহা চৈয়দ তথা খলিফা সকলৰ মূল ফকিৰ তথা পীৰসকলৰ অসমত #দুটা_ভাগ হয়৷
এটা ভাগ হজৰত আজান পীৰ ৰহমাতুল্লা আলাইহীকে ধৰি #উজনি লৈ যায় আনটো ভাগ হজৰত গিয়াচুদ্দিন আউলীয়া ৰহমাতুল্লা , গেন্ধেলা ফকিৰকে আদি কৰি #নামনিত ধৰ্ম প্ৰচাৰ কৰে৷নামনি অসমৰ সেই সকল পীৰৰ কবৰ হাজোৰ গৰুৰাচল পাহাৰ , বৰম্বৈৰ পাহাৰ আদিত আছে৷ বৃহত্তৰ কামৰূপৰ #গোগ , #বাইহাটা_চাৰিআলি আদিত থকা আজিৰ চৈয়দ সকল তেওঁলোকৰে বংশধৰ৷ গোচ চাহ ওৰফে গেন্ধেলা ফকীৰৰ কবৰ বৰ্তমান উত্তৰ কামৰূপৰ সৰিকট গাৱত আছে আৰু তেওলোকৰ বংশধৰ সকল বৰ্তমান সেই গাওৰে আজিৰ চৈয়দ৷ কালক্ৰমত বিবাহ প্ৰব্ৰজন আদিৰ সূত্ৰে গোটেই নামনিত সেই সকল চৈয়দে বসবাস কৰি আজিৰ শৃংখলা গঢ়ি তুলিছে৷

বি দ্ৰ : জীৱনৰ গতি
লিখক - চৈয়দ আব্দুল কৰিম দেৱান৷

Saturday, 22 September 2018

মিছৱাক বা দাতনৰ উপকাৰিতা

#মিছৱাক(السواك) শব্দটো  ساك  শব্দৰ পৰা গৃহীত ৷ ইয়াৰ অভিধানিক অৰ্থ হল دلك বা ঘহাঁ , মাজা ইত্যাদি ৷
পৰিভাষাতঃ দাতঁৰ পৰা হালধীয়া ৰং বিশিষ্ট বা এনে ধৰণৰ ময়লা দুৰ কৰাৰ কাৰণে কাঠ বা গছৰ ডাল ব্যৱহাৰ কৰাকে মিছ্‌ৱাক বুলে ৷
আমি সাধাৰণতে সকলোৱে ৰাতিপুৱা মলম আৰু বজাৰত পোৱা ব্ৰাছেৰ দাত মাজি পৰিস্কাৰ কৰো৷ কেতিয়াবা বহু কেইবাৰ ব্ৰাছ কৰিলেও দাতৰ গুৰিৰ মেলানিনৰ দাত কিছুমান নাযায়৷ কিয়নো দাতত থকা কলা দাগবোৰে ব্ৰাছৰ লগত ঘৰ্ষণত সংপৃক্ত নহয়৷ ইয়াৰ বিপৰীতে গছৰ দালেৰে এই সংপৃক্ত হয় ঘৰ্ষণ ফলত গুৰিৰ দাগ কিছুমান সহজে পৰিস্কাৰ হয়৷
Unani আৰু Ayurveda ত মিচৱাক ব্যৱহাৰত বিশেষ গুৰুত্ব দিয়া হৈছে কিয়নো মিছৱাক কৰিলে দাতৰ আলু উখহা বন্ধ হয় ৷ ইয়াত থকা ৰসে দাতৰ আলুৰ বেক্টেৰিয়া নাশ কৰে ৷
মুখৰ দুৰ্গন্ধ দুৰি কৰে ৷মুখৰ জাৰি কাটে ৷ সেয়েহে আমি মলম আৰু ব্ৰাছ ব্যৱহাৰ কৰাৰ উপৰিও মিছৱাক ব্যৱহাৰ কৰা উচিত ৷
নিম গছৰ ঠাৰি , বাবুল গছৰ দাল , বাহ , খৈৰা আদি গছৰ দালেৰে উত্তম মিছৱাক তৈয়াৰ কৰিব পাৰি ৷

Friday, 7 September 2018

স্বাস্থ্যৰক্ষাৰ মূল ভিত্তি

#স্বাস্থ্যৰক্ষাৰ_মূল__ভিত্তি
মানুহৰ জীৱনত স্বাস্থ্যই পৰম ধন। স্বাস্থ্য,শৰীৰ ভালে থকিলেহে জীৱনত সফলকাম হব পাৰি।সেইবাবে মহাপুৰুষসকলে কৈ থৈছে—“শৰীৰমাদ্যম খলু ধৰ্ম সাধনম”। ধৰ্মসাধনৰ কাম কৰিবলৈ শৰীৰটো ভালে ৰাখিব লাগিব।অতি পুৰনিকালত মানুহৰ খোৱা-পিন্ধাৰ বাবে বৰ চিন্তাৰ কাৰন নাছিল। দহজনৰ হিত সাধন আৰু ঈশ্বৰৰ সন্তষ্টিৰ বাবেই মানুহে ধৰ্মমূলক কাম কৰিছিল। গতিকে শ্লোকভাষ্যত ধৰ্মসাধন বুলি উল্লেখ কৰিছ।কিন্ত আজি আমাৰ দিনত মানুহৰ জীবন-ধাৰনৰ গতিধাৰাৰ আমূল পৰিৱৰ্তন হৈছে।শতকৰা প্ৰায় আশিভাগ মানুহেই কেৱল খোৱা পিন্ধা পৰিয়ালৰ ভৰন-পোষনৰ বাবেই সততে ব্যস্ত হৈ থকিব লাগে।বাকী বিশ শতাংশ ভাগ্যৱান লোকেহে তেওঁলোকৰ “আলপৈচান” ধৰি সহায় কৰি থকা মানুহ থকাৰ বাবে কিছু আহৰি পায়,ধৰ্মৰ কামতো নিজকে নিয়োজিত কৰিব পাৰে।আগতে মানুহে সকলো কাম ধৰ্মৰ উদ্দেশ্য সাধনৰ বাবেই কৰিছিল আৰু আজিকালিৰ যুগত মানুহে পঁচিশ শতাংশহে(গড় হিচাপত)ধৰ্মৰ কাম কৰিবলৈ সক্ষম হম বুলি পৰাশৰ স্ংহিতাত উল্লেখ আছে।সি যি কি নহকও মূল কথটো হৈছে কৰ্ম।পৰিয়ালৰ ভৰন-পোষনৰ বাবেই হওঁক মানুহে কৰ্ম কৰিবই লাগিব আৰু তাৰ বাবে সুস্থ স্বল দেহৰ আৱশ্যক।

দেহসুখ আৰু ৰোগভোগ দুয়োটা মানুহৰ শৰীৰৰ বিপৰীত স্থিতি। দেহসুখ আছে মানে সুস্থ শৰীৰ সবল দেহ সবল মন জীৱনৰ উন্নতিৰ নতুন নতুন পৰিকল্পনা সৃষ্টিৰ হাবিয়াস থকা আৰু ভয়-শ্ংকাহীন এটা জীৱন।মৃত্যুৰ ভয় মনলৈয়ে নাহে।আনে সোৱাৰাই দিলেওঁ ভয় খুৱাব নোৱাৰে।কৰ্মত সদায় উদ্যম থাকে।কিন্ত ৰোগভোগ হল শাৰীৰীক যন্ত্ৰনাৰে বিহ্ব্ল দেহ,দুৰ্বল মন সকলোতে নিৰুৎসাহ হতাশাৰে ভৰা এটা জীৱন;মৃত্যুৰ পৰা ৰক্ষা পাবলৈ চেষ্টা অথবা মৃত্যুকেই কামনা কৰা অৱস্থাপ্ৰাপ্ত হয়।জীৱনৰ আনন্দ উপভোগ স্তিমিত হৈ যায়;জীয়াই থকাৰ হেপাহঁ নোহোৱা হয়।ৰোগ যদি দুৰাৰোগ্য অথবা গুৰুতৰ হয় তেতিয়াহলে অৱস্থা অধিক শোচনীয় হৈ পৰে।নিজৰ দূষ-কষ্টৰ উপৰিও গোটেই ঘৰখনলৈয়ে অশান্তি নামি আহে আৰু পৰিয়ালৰ অন্য লোকেও নানাভাৱে কষ্ট ভোগ কৰিব লগা হয়। তেতিয়া সকলোৰে এটাই আকাংক্ষা থাকে ৰোগীজন কেনেকৈ সোনকালে আৰোগ্য হয়। পৰিয়ালৰ লোকে নানাভাৱে ত্যাগ স্বীকাৰ কৰে আৰু এই পৰিবেশ সকলোৰে বাবেই অকাম্য।
ৰোগ হ’ল চিকিৎসকৰ সহায় লৈ আৰোগ্য লাভৰ বাবে চেষ্টা কৰিব লাগিব।অতি পুৰনিকালত যেতিয়া চিকিৎসা ব্যৱস্থাৰ উদ্ভৱ হোৱা নাছিল তেতিয়াওঁ মহানুভৱ লোকসকলে মানুহক ৰোগৰ যন্ত্ৰনাৰ পৰা উদ্বাৰ কৰিবলৈ দৃঢ়ভাবে মনোনিবেশ কৰিছিল অৰু ভিন ভিন ঠাইত ভিন ভিন লোকে চিকিৎসা কৰি ৰোগমুক্ত কৰাৰ পদ্বতিৰ উদ্ভাৱন কৰিছিল।আৰু আজি আমি আমাৰ সময়ত চিকিৎসা পদ্বতিৰ বিশেষ উন্নতি সাধন হোৱা দেখিবলৈ পাইছোঁ।এজনৰ শৰীৰৰ অংগ চকু কিডনি আদি দান কৰিলে তাক আন এজনৰ শৰীৰত লগাই দৃষ্টি দিয়া বা জীৱন দান কৰা কাৰ্য সম্পাদিত কৰা আমি দেখিবলৈ পাইছো।কিন্ত ৰোগৰ পৰা আৰোগ্য লাভ বৰ সহজ কথা নহয়।কথাবোৰ শুনোতেঁ বা কওঁতে যিমান সহজ যেন লাগে তেনে নহয়।ৰোগীৰ অসহনীয় শাৰীৰীক যন্ত্ৰনা ভোগ দক্ষ চিকিৎসকৰ সাহায্য আৰু বহু অৰ্থব্যয়ৰ পাছতহে,এইবোৰ সুফল লাভ হয়।সাধাৰন ৰোগৰ ক্ষেত্ৰতো আধুনিক চিকিৎসা পদ্বতি ব্যয়বহুল ।বহু ঔষধৰ প্ৰতিক্ৰিয়াও হয়।আনহাতে চিকিৎসা  এটা পন্যবস্তৰ দৰে নহয় যে আপুনি এজন চিকিৎসকৰ ওচৰলৈ গলেই আপুনি তেওঁৰ চিকিৎসাতেই আৰোগ্য লাভ কৰিব।বহু সময়ত মানুহে ডাক্তৰ সলাই সলাই চিকিৎসা সাহায্য বিচাৰি হায়ৰান হৈ পৰা দেখা যায়।কিন্ত প্ৰ্শ্ন হয় মানুহে এই জটিল পৰিস্থিতিত পৰিবলৈ বাধ্য নে কি?মানুহ হিচাপে জন্মিলে ৰোগ-ব্যাধি হবই নে কি? কেৱল ভাগ্যইহে আমাক বচাই ৰাখে নে?
মানুহৰ স্বাস্থ্য সম্পূনকৈ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল।প্ৰ্থমতে পিতা-মাতাৰ শাৰীৰীক অৱস্থা আৰু তাৰ পাছত জন্ম হোৱা ঠাইৰ পৰিৱেশৰ ওপৰত সি নিৰ্ভৰশীল।পিতা-মাতাৰ পৰা পোৱা ৰোগ (উচ্চ-ৰক্তচাপ)আদি চিকিৎসকৰ সহায় লৈ আৰোগ্য লাভ কৰিব লাগিব।যিবোৰ ৰোগ পৰিৱেশৰ পৰা হয় এইবোৰৰ বাবে চিকিৎসকৰ সহায় লৈ আৰোগ্য লাভ কৰিব লাগিব।যিবোৰ ৰোগ পৰিৱেশৰ পৰা হয় এইবোৰৰ বাবে চিকিৎসকৰ সহায়ৰ উপৰিও নিজে যত্ন লোৱাৰ বেছি আৱশ্যক।উদাহৰনস্বৰুপে খোৱাপানী দোষত হোৱা বেমাৰ হাগনি বা গ্ৰ্হনী দ্বাৰা আক্ৰান্ত হলে চিকিৎসকে চিকিৎসা কৰি আৰোগ্য কৰিলেওঁ একে পানীকে খাই থাকিলে বাৰম্বাৰ আক্ৰান্ত হৈ থাকিব।কিন্ত সেই পানীকে উতলাই ঠাণ্ডা খাবলৈ বাৰম্বাৰ আক্ৰ্ন্ত হৈ থকিব।কিন্ত সেই পানীকে উতলাই ঠাণ্ডা কৰি খাবলৈ ধৰিলে সেই ৰোগ হোৱাটো বন্ধ হব।এই ক্ষেত্ৰত চিকিৎসকৰ চিকিৎসাতকৈও মানুহৰ নিজৰ যতনৰ আৱশ্যক বেছি।এইধৰনৰ কিছুমান সৰু সৰু সাধাৰন কথা,যাৰ বাবে কোনো বিশেষ বিদ্যাৰো আৱশ্যক নাই,কৌশলগত বুদ্বিৰো আৱশ্যক নাই আৰু কথাবোৰ জনা থাকিলে মানুহে নিজকে প্ৰায় সকলোবোৰ ৰোগৰ পৰাই মুক্ত কৰি ৰাখিব পাৰি।শৰীৰ ৰোগমুক্ত হৈ থাকিলেহে দেহসুখ লাভ হয়।সুস্বাস্থ্যৰ অধিকাৰী হব পাৰি,দেহ মন সকলো উদ্দীপ্ত হৈ থকে।গতিকে মানুহ হিচাপে জন্ম পালেই ৰোগাক্ৰান্ত হৈ কোনো জটিল অৱস্থাত পৰিব লগা হোৱাৰ বাবে কোনো বাধ্যবাধকতা নিয়তিয়ে মানুহৰ বাবে সৃষ্টি কৰা নাই।
প্ৰকৃতাৰ্থত আই মাতৃ ভুৱেনেশ্বৰীয়ে মানুহক জন্মৰ পাছৰে পৰা বাঢ়িবলৈ ৰোগৰ বিৰুদ্বে যুজঁ দিবলৈ অপৰীসীম শক্তি দিছে।ইয়াৰ মূল উদ্দেশ্য হল তেওঁ শৰীৰৰ পূৰ্নতাপ্ৰাপ্ত হব লাগিব,সন্তান জন্ম দিব লাগিব,মানৱ জাতিটোক চিৰস্থায়ীকৈ ৰাখিব লাগিব।গতিকে মানুহ বাঢ়ে,যৌৱনপ্ৰাপ্ত হয় সন্তান জন্ম দিয়ে জীৱন উপভোগ কৰে, কিন্ত তেওঁ যাবৰ হয়,গতিকে বৃদ্বাৱস্থাপ্ৰাপ্ত হয়,মৃত্যু হয়।কাৰন এই পৃথিৱীত প্ৰানী মাত্ৰেই মৰনশীল।মানুহ ৰোগাক্ৰান্ত হলে ঔষধে আৰোগ্য নকৰে শল্য চিকিৎসকে কাটি ফালি দিয়া মাংসপেশী ঔষধে নুশুকুৱাই,মানুহৰ শৰীৰৰ ভিতৰত ৰোগমুক্ত কৰাৰ যি মৌলশক্তি অংকুৰিত হৈ আছে তাক ঔষধে সহায়হে কৰি দিয়ে আৰু আৰোগ্য লাভৰ সেই মূল শক্তিৰ বলতে মানুহ সুস্থ হৈ উঠে।গতিকে মানুহে ৰোগ ভূগিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই।কিন্ত ৰোগ হব লগা পৰিৱেশৰ মাজত যেতিয়া আমি জন্মগ্ৰহন কৰোঁ ৰোগৰ দ্বাৰা আক্ৰ্ন্ত হোৱাৰ সম্ভাৱনা পূৰ্ণ মাত্ৰাই থাকে।শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তিয়ে বাধা দিয়ে।শৰীৰৰ বগা ৰক্তকনিকাবোৰে জাকে জাকে আগুৰী ধৰি আক্ৰমন কৰে কিন্ত ৰোগৰ শক্তি প্ৰবল হলে মানুহে ৰোগৰ দ্বাৰা আক্ৰান্ত হয়।
দেহসুখ লাভৰ ক্ষেত্ৰত ভাগ্যাৰ প্ৰভাৱ সম্পূৰ্নৰুপেই বিদ্যামান।জ্যোতিশাস্ত্ৰত কৈছে “ভাগ্যংফলিত সৰ্বত্ৰ।অৰ্থাৎ সকলো ক্ষেত্ৰতে ভাগ্যৰ প্ৰভাৱ পৰে আৰু সেইমতেই ফলাফল ভোগ হয়। কিন্ত ফলাফলবোৰৰ যে একমাত্ৰ ভাগ্যইহে নিয়ন্ত্ৰন কৰে তেনে কথা নাই। মানুহৰ পুৰুষাৰ্থৰ দ্বাৰাও ভাগ্যৰ কিছু পৰিৱৰ্তন সাধন কৰিব পাৰি।চীনদেশৰ ফেংশ্বুই বিদ্যাৰ দৰ্শন মতে আলোচনা কৰিলে বিষয়টো বেছি পৰিস্কাৰ হৈ পৰিৱ।ফেংশ্বুই বিদ্যামতে মানুহে যি ভাগ্য ভোগ কৰে তাৰ ৪০ শতাংশ স্বৰ্গীয় ভাগ্য, এই ভাগ্য সম্পূৰ্নৰুপে ঈশ্বৰপ্ৰ্দত্ত আৰু জন্মৰ সময়তে ইয়াক কপালৰ লিখন হিচাপে লৈ আহে।৩৫ শতাংশ ভাগ্য যি ঠাইত বাস কৰে তাৰ পৰা নিৰ্ধাৰিত হয়।একেজন মানুহেই অসমৰ গাৱতঁ গুৱাহাটীত অথবা অসমৰ বাহিৰৰ কোনো নগৰত বা গাৱতঁ থাকিলে ভিন ভিন ভাগ্যফল ভোগ কৰিব।ইয়াক ভূ-ভাগ্য বুলি কোৱা হয়।অৰ্থাৎ সেই ঠাইত এক বিশেষ শক্তিয়ে তেওঁৰ ভাগ্যৰ ওপৰত প্ৰ্ভাব পেলায়। বাকী১৫% ভগ্য মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে।কৰ্মী মানুহ হল ভাগ্যফল বঢ়াব এলেহুৱা হলে সৌভাগ্য উদয় নহয়। ইয়াক মনুষ্য ভাগ্য বোলে।এই তিনি প্ৰ্কাৰে মানুহৰ ভাগ্য সংযোজিত হয়।স্বৰ্গীয় ভাগ্যত আমাৰ হাত নাই। বাকী ভূ-ভাগ্য আৰু মনুষ্য ভাগ্যৰ আমি পৰিবৰ্তন সাধন কৰি সৌভাগ্য বঢ়াব পাৰো।দেহসুখ লাভৰ ক্ষেত্ৰতো কথাবোৰ এই ধৰনেই বিচাৰ কৰিব লাগিব আৰু শৰীৰটো সুস্থ কৈ ৰাখিবলৈ হলে আমি নিজেও শৰীৰৰ যত্ন লব লাগিব।মানুহে সাধাৰনতে বংশানুক্ৰমিক ৰুপত কিছুমান ৰোগৰ কবলত পৰে।যেনে গ্ৰহনী উচ্চ ৰক্তচাপ,ডায়েবেটিছ,এইবোৰ ৰোগ পিতা বা মাতা কোনোজনৰ থাকিলে সন্তানৰ গালৈ আহে। কিন্তু কেতিয়াবা পিতা-মাতাৰ থাকিলেও কোনো সন্তানৰ এই ৰোগ নথকাও দেখা যায়। ইয়াকে আমি তেওঁৰ স্বৰ্গীয় ভাগ্য বুলি কব পাৰোঁ। মোৰাৰাজী দেশাই এবাৰ অসমলৈ আহোতে যোৰহাটৰ ওচৰত বিমান দুৰ্ঘটনাত পতিত হৈছিল। লগৰ সকলোলোক মৰিল কিন্ত তেওৰ কোনো জখমেই নহল।খোজকাঢ়ি ওচৰৰ মানুহ এঘৰৰ ঘৰত ওলালগৈ।ই আছিল তেওঁৰ স্বৰ্গীয় ভাগ্য।কিন্ত পাৰিপাশ্বিক অৱস্থাৰ পৰা হব পৰা ৰোগৰ আক্ৰমন আমি বাধা দিব পাৰো।চিকিৎসাৰ সুবিধা আছে অথবা ধন পইছা আছে ৰোগ হলে চিকিৎসা কৰি ভাল হব বুলি ভাবি ললে দেহসুখ লাভ নহয়।হয়তো ইটো সিটো ৰোগৰ পৰা চিকিৎসা কৰি আৰোগ্য লাভ কৰিব পাৰিব।তাতে দেহসুখ অটুট নাথাকে। দেহসুখ লাভৰ বাবে সেইবোৰ জানি তাৰ বিধি নিয়মবোৰ মানি চলিলে শৰীৰে মানুহক আমনি নিদিয়ে।বৰ্ং দেহ আৰু মনোবল প্ৰদান কৰি জীৱন যাপনৰ গতিৰোধেই সলনি সন্তোষিত সুখী জীৱন লাভৰ পথ সুচল কৰি দিয়ে।ৰোগাক্ৰান্ত,ব্যাধিযুক্ত লোকেও সহজতেই আৰোগ্য লাভ কৰি নৱজীৱন লাভৰ সুযোগ পায়।
আমি আগতে উল্লেখ কৰিছোঁ যে আই মাতৃ ধৰিত্ৰীয়ে আমাক প্ৰবল ৰোগ প্ৰ্তিৰোধক শক্তি প্ৰ্দান কৰে।এই শক্তি জন্মৰ সময়ৰ পৰাই সন্তানে পায়।সন্তান জন্ম হোৱাৰ সময়ত মাকৰ স্তনৰ পৰা প্ৰ্থম যি গাখীৰ ওলায়,সেই গাখীৰ অলপ ডাঠ আৰু হালধীয়া ৰঙৰ হয়।ইয়াক “কলষ্ট্ৰাম” বোলে।এই গাখীৰ শিশুটিৰ বাবে খাদ্য হোৱাৰ উপৰিও ইয়াত ৰোগ প্ৰ্তিষেধক শক্তিও থকে।নৱজাতকে মাতৃৰ গৰ্ভাশয়ৰ পৰা ওলাই নতুন পৰিৱেশত উন্মুক্ত হৈ পৰি যাতে ৰোগৰ দ্বাৰা আক্ৰান্ত নহয় তাৰ বাবে প্ৰ্কৃতি মাতৃৰ এই বিধান।পাছ্লৈ শিশুটি ডাঙৰ হয়,ৰোগ প্ৰতিষেধক শক্তিও বৃদ্বি হয়।
আই ধৰিত্ৰিয়ে মানুহৰ জন্মৰ যেনেকৈ বিধান কৰিছে,তেনেকৈ মানুহৰ বাবে খাদ্যদ্ৰব্যৰ উৎপাদক বিভিন্ন উদ্ভিদ,ফল বৃক্ষ মনোৰঞ্জনৰ বাবে নানা ৰঙৰ ফুল,গুল্ম লতা আৰু ৰোগাৰোগ্যৰ বাবে বনৌষধিবৃক্ষ লতাদিৰো সৃষ্টি কৰি দিছে।কেৱল মানুহে এই বনৌষধিবোৰ নিজৰ কামত লগাবলৈ জানিব লাগে।এই বনৌষধিৰ ব্যৱহাৰ বিভিন্ন ঠাইত বিভিন্ন ঠাইত বিভিন্নভাৱে মানুহৰ মাজত প্ৰ্চলিত হৈ আহিছে।এই বিষয়ক বিদ্যাৰ উদ্ভাৱন হৈ হৈছে উন্নতি সাধন হৈছে।আমাৰ দেশত আয়ুৰ্বেদশাস্ত্ৰ তাৰেই নিদৰ্শন।আয়ুৰ্বেদশাস্ত্ৰ,বিধিগত ঔষধ উৎপাদনৰ এটা পদ্বতি যেনেকৈ আধুনিক চিকিৎসাবিদ্যাৰ দ্বাৰা ৰাসায়নিক দ্ৰব্যৰ পৰাও তাৎক্ষনিকভাবে ফ্ল প্ৰ্দৰ্শন ঔষধবোৰ তৈয়াৰ কৰিছে।আয়ুৰ্বেৰ্দীয় বা এলপেথিক ঔষধবোৰৰ ব্যৱহাৰ সেই বিদ্যাৰ অৰ্হতাসম্পন্ন আৰু অভিজ্ঞ চিকিৎসকৰ নিৰ্দেশতহে হোৱাৰ নিয়ম।এইবোৰ ৰোগাৰোগ্যৰ বাবে ঔষধ।গাঁওবোৰত আমাৰ নিবাসস্থলৰ ওচৰে-পাজৰে,বাট-পথৰ কাষত,ঘাহঁনি পথাৰত নগৰ চহৰৰো সাধাৰন হাবি বননি থকা ঠাইতে এনে কিছুমান উদ্ভিদ,গুল্ম,লতা থাকে যিবোৰৰ ঔষধি গুন অতি উৎসাহজনক।উদাহৰনস্বৰুপে পেটৰ বিভিন্ন ৰোগ নিবাৰনৰ কাৰনে নৰসিংহ মানিমুনি শাক ভেদাইলতা খাদ্যসম্ভাৰৰ সৈতে মিহলাই মাজে মাজে খাই থকিলে পেটৰ অসুস্থতা নাশ হৈ যায়।হজমশক্তি কমিছে যদি আমলখি খাওঁক,কেচাইঁ খাওঁক ৰস উলিয়াই খাওঁক বা অঞ্জাত মিহলাই খাওঁক- ভোক বাঢ়িব।শৌচকচাত কিছুদিন অমিতাৰ তৰকাৰী খাওঁক,দৈ খাওকঁ-শৌচ খোলোচা হৈ আহিব।হাগনি হৈছে যদি পূৰাকলৰ তৰকাৰী খাওঁক,শৌচ টান হৈ আহিব।কিন্ত এইবোৰ কোনো কঠিন ৰোগৰ চিকিৎসাৰ বাবে নহয়।তাৰবাবে এইবোৰ পৰিমান বঢ়াই ঔষধ তৈয়াৰ কৰিলেহে ফল দিব যিটো কাম চিকিৎসকলহে তেওঁলোকৰ বিদ্যাৰ বলত কৰিবলৈ সক্ষম হয়।কিন্ত এনেধৰনৰ আৰু অস্ংখ্য বনৌষধি আমাৰ চাৰিওফালে আছে যিবোৰ সাধাৰন মানুহেই নানাভাৱে ব্যৱহাৰ কৰি সাধাৰন ৰোগৰ পৰা আৰোগ্য হব পাৰে আৰু বহু ৰোগক বাধা দি ৰোগমুক্ত হৈ দেহসুখ উপভোগ কৰিব পাৰে।
শৰীৰটো ভালে ৰাখিবলৈ ঔষধৰ উপৰিও সাধাৰনভাৱে কিছু শাৰীৰিক পৰিশ্ৰ্মৰো আৱশ্যক।আমি আহাৰ খাঁও আৰু এই খাদ্যৰ সাৰভাগে শৰীৰৰ বিভিন্ন অংগ-প্ৰ্ত্যংগৰ পৰিপুষ্টিৰ যোগান ধৰে।মূৰৰ তালূৰ পৰা ভৰিৰ আঙুলি,হাতৰ আঙুলিৰ আগলৈ শৰীৰৰ সকলো অংগ-প্ৰ্ত্যংগৰ সকলো কোষলৈকে,শৰীৰৰ তেজে এই খাদ্যসাৰভাগ কঢ়িয়াই নি বিলাই দিয়ে।তাৰ বাবে ৰক্ত সৰবৰাহ কৰাবলৈ মানুহৰ হিৎপিণ্ডই প্ৰ্তি মিনিটত ৭০-৭৫ বাৰ হদস্পন্দন ঘটায় প্ৰতিদিনে এশহাজাৰ বাৰ হদস্পন্দন হয়,৪৫০০-ৰ পৰা ৯০০০ কিলোগ্ৰাম (শৰীৰৰ আকৰ অনুসৰি)তেজ,১৩০,০০ কিলোমিটাৰতকৈ অধিক ৰক্তবাহিকা নাডীৰ মাজেৰে পাম্প কৰি পঠায়।শৰীৰৰ এই ৰক্তসঞ্ছালন প্ৰ্ক্ৰিয়া ঠিকভাৱে অব্যাহত ৰাখিবলৈ শৰীৰৰ অংগ-প্ৰত্যংগবোৰ সঞ্ছৰন আবশ্যক হয়।গতিকে মানুহক শাৰীৰিক পৰিশ্ৰমৰো আৱশ্যক হয়।শ্ৰম কৰিলে শৰীৰ ভাগৰি পৰে আৰু শ্ৰমৰ পাছত জিৰনিৰো সমানেই আৱশ্যক।দিনত আঠ ঘ্ন্টা শ্ৰ্ম আৰু আঠ ঘন্টা সুনিদ্ৰাৰে কটালে শৰীৰ সুস্থ হৈ থাকে।কিন্ত মানুহৰ কৰ্মস্থলীৰ পৰিবেশ বিভিন্ন ধৰনৰ হয়।কোনোবাই গোটেই দিনটো হাডভঙা পৰিশ্ৰম কৰে আৰু কোনোবাই দোকোন বা অফিচত বহিয়ে কটায়।তাৰ প্ৰ্তিক্ৰিয়া শৰীৰত প্ৰতিফলিত হয়।এজন শ্ৰ্মজীৱী লোক সাধাৰনতে ক্ষীন চেহেৰাৰ হয় আৰু অন্য কোনো ৰোগ নাথাকিলে বহি বহি দিন কটোৱা মানুহ এজন শকত হৈ পৰে। শৰাৰ শকত হোৱাটো অস্বাভাৱিক স্থিতি যাৰ ফলস্বৰুপে হদপিণ্ডই তেজ সঞ্ছালনৰ বাবে বিশেষ জোৰ দিব লগা হয়।তাৰ বাবে নিয়মিতভবে প্ৰতিজন লোকেই কিছু শাৰীৰিক পৰিশ্ৰ্ম কৰাৰ আৱশ্যক। যিসকল লোকৰ শ্ৰম কৰিব লগা নাই তেওঁলোকৰ কোনো যোগাসন বা কিছুমান সাধাৰন কচৰৎ নিয়মিতভাৱে কৰি থাকিলেওঁ শৰীৰ সুস্থ হৈ থাকে।আনকি বুঢ়া মানুহেও খোজকাঢ়ি হলেও শৰীৰৰ বাবে কিছু পৰিশ্ৰ্ম কৰি থকাৰ আৱশ্যক।
#সংগ্ৰহীত

Thursday, 6 September 2018

দূৰ্ঘটনা নে আত্মহত্যা ?! দিখৌৰ ৰহস্য ৷

দূৰ্ঘটনা নে আত্মহত্যা ...? অলেখ প্ৰশ্নৰ উত্থাপন হৈছে স্হানীয় ৰাইজৰ মনত...

✔️দুৰ্ভগীয়া হৰেন বৰা পৰিয়ালৰ দুৰ্ঘটনাত লৈ শেহতীয়াকৈ স্হানীয় লোকৰ মাজত বহুত প্ৰশ্নৰ উত্থাপন হৈছে...

✔️স্হানীয় প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ পূৰ্বে দুৰ্ঘটনা হোৱা স্হানলৈ হৰেন বৰা দিনৰ ভাগত আহি বহুত সময় নৈ খন প্ৰত্যক্ষ কৰিছিল

✔️ প্ৰশ্ন উত্থাপিত হৈছে দিনৰ ভাগত এটা চিগাৰেট সেৱন কৰিবলৈকে ঘৰৰ পৰা 20 minute আতৰত থকা এখন মথাউৰিৰ কাষৰ দোকানলৈ কিয় গৈছিলে ওচৰে পাজৰে দোকানৰ যিহেতু অভাৱ নাছিল...?

✔️ কনিষ্ঠা কণ্যা আৰু বৃদ্ধা মাতৃৰ অনিচ্ছা সত্বেও হৰেন বৰাই কিয় জোৰকৈ তেওঁলোকক লৈ আহিছিলে...?

✔️ ব্যক্তিগত গাড়ী চালক জন তেওঁলোকৰ সৈতে আহিব খোজাৰ স্বত্তেও কিয় তেওঁক আহিবলৈ নিদিলে হৰেন বৰাই...?

✔️ দুখন কৈ বাছৰ গৰাকী হৰেন বৰাৰ এখন বাছ কিছু দিনৰ আগত দুৰ্ঘটনা গ্ৰস্তও হৈছিলে... দুৰ্ঘটনাৰ পৰৱৰ্তী কালত ধাৰতো পোত গৈছিল নিকি বৰা পৰিয়াল...?

✔️ সেইদিনা আচলতে পৰিয়াল তো দিখৌৰ মাথাউৰিৰ দিশে গৈছিল কলৈ...?

প্ৰশ্ন প্ৰশ্ন আৰু প্ৰশ্ন বাকী ৰৈ গৈছে এতিয়া।

#Share কৰক বৃহত্তৰ অসমীয়া ৰাইজলৈ

#Follow কৰক আপোনাৰ page
সকলো খবৰ আগতীয়াকৈ পাই থাকিবলৈ

Sunday, 2 September 2018

গাড়ীত লবলগীয়া সাৱধানতা

যোৱাকালি দিখৌমুখৰ ঘটনাই সঁচাই মৰ্মাহত কৰিলে। সকলোৱে জানি ৰাখক, গাড়ীৰ দৰ্জা যদি কিবা কাৰণত খুলিব নোৱাৰি আবদ্ধ হৈ পৰে। নিজৰ ছিটৰ হেড ৰেষ্ট টো খুলি গ্লাছত মাৰি দিলেই ভাঙি বাহিৰ ওলাব পাৰি। হেড ৰেষ্টত দুডাল  ৰড তললৈ সোমাই থাকে তাৰে এডালৰ আগটো অলপ জোঙা। এইডাল এনেদৰে বিপদৰ সময়ত গ্লাছ ভাঙিবলৈয়ে জোঙাকৈ ৰখা হৈছে। সকলোৱে জানি ৰাখক কাৰ কেতিয়া বিপদ আহে জনা নাযায়।

Saturday, 1 September 2018

#ডিজিটেল_ডেস্কঃ এটা সময় আছিল যেতিয়া কোনো অসমীয়াই ৰাষ্ট্ৰীয় প্ৰযায়ত মৰ্যাদা লাভ কৰিলে সেয়া এক অকল্পনীয় অথৱা অসম্ভৱ সত্য হিচাপে গন্য কৰা হৈছিল৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া অসমৰ মাটি, পানীত ডাঙৰ হোৱা খাটি অসমীয়াই ৰাষ্ট্ৰীয় পৰ্যায়টো বাদেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে৷

কিছুদিন পূৰ্বে এগৰাকী অসমীয়া কন্যা অভিস্কা বৰুৱাই বিমান সেৱাৰ প্ৰথমগৰাকী অসমীয়া মহিলা পাইলট হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত দুটা ৰূপৰ আৰু এটা স্বৰ্ণ পদক জয় কৰি ধিং এক্সপ্ৰেছ হিমা দায়ে বিশ্ববাসীৰ সন্মুখত অসমক জিলিকাই তুলিবলৈ সক্ষম হৈছে৷ ইয়াৰ পিছতে পুনৰ এক ভাল খবৰে এইবাৰ অসমীয়াক গৌৰৱাম্বিত কৰি তুলিবলৈ গৈ আছে৷

দেশৰ মুখ্য ন্যায়াধীশ হিচাপে এইবাৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ নাম বাচনি কৰা হৈছে৷ অহা ৩ অক্টোবৰত তেওঁ দেশৰ শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব৷

 উল্লেখ্য যে, ১৯৫৪ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা ৰঞ্জন গগৈয়ে ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ২০১২ চনৰ ২৩ এপ্ৰিললৈ পঞ্জাৱ আৰু হাৰিয়াণাৰ উচ্চ আদালত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ৬৩ বছৰীয়া ৰঞ্জন গগৈ এইবাৰ দেশৰ শীৰ্ষ আদালতত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাত ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে৷

Friday, 31 August 2018

টীয়কঃ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ অভিনৱ কাৰিকৰী সৃষ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে। প্ৰখৰ ৰ'দত কৃষকৰ সুবিধাৰ্থে ছাত্ৰজনে নিৰ্মাণ কৰি উলিয়াইছে এটা অত্যাধুনিক জাপি।

ছাত্ৰজনৰ নাম ৰুহুল আমিন। অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম আঁচনিৰ অধীনত টীয়কৰ দোলাষৰিয়া গাঁৱত বৰ্তমান কৰ্মৰত ৰুহুলৰ ঘৰ বৰপেটাত। যুৱকজনে বজাৰত সহজতে উপলব্ধ এটা জাপিত তিনিখনকৈ বৈদ্যুতিক পাংখা সংযোগ কৰি পথাৰত কাম কৰি থকা অৱস্থাত কৃষকসকলক গৰমৰ পৰা কিছু সকাহ দিবলৈ চেষ্টা কৰিছে। এই বিশেষ জাপিতো বিদ্যুৎ আৰু সৌৰ শক্তি দুইটা ব্যৱস্থাৰ দ্বাৰাই চালিত হয়। বিশেষকৈ গ্ৰাম্যাঞ্চলত বিদ্যুৎৰ অভাৱৰ হেতুকে সৌৰ শক্তিৰ ব্যৱস্থাটোৱে অধিক প্ৰাধান্য পাব বুলি ৰুহুল আশাবাদী।

কৃষকসকলে যাতে গৰমত কিছু সকাহ পাই নিজৰ কৰ্ম নিষ্ঠাৰে কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি এনেকুৱা বিশেষ ব্যৱস্থাসম্পন্ন জাপি নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰিছে ৰুহুলে।

উল্লেখযোগ্য যে ইতিমধ্যে ৰুহুলে কৃষি কৰ্মত ব্যৱহৃত ঘাহ কটা সঁজুলি,গাত খন্দা সঁজুলি নিৰ্মাণ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে প্ৰতিৰক্ষা বিভাগৰ কেইবাজনো মুৰব্বী বিষয়াই তেওঁলোকে কৰ্তব্যৰ সময়ত পৰিধান কৰা টুপিত এই ব্যৱস্থা কৰি দিবলৈ ৰুহুলৰ লগত যোগাযোগ কৰিছে। নিজৰ পঢ়া-শুনাৰ সমান্তৰালকৈ ৰুহুলৰ এনে সৃষ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Monday, 12 October 2015

Subahanallah a jinn or a person having noor attending khotba during friday prayer.

https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...