Friday, 17 April 2020

Himalayan mountains visible From parts of India for first time in 30 Years

With less pollution as a result of the coronavirus lockdown, the Himalayan mountains are finally visible from some parts of India. This is the first time in about 30 years that people in certain parts of India have been able to see these mountains.
The Himalayan range that is visible is called Dhauladhar Range, which translates to “White Range,” and many people have not witnessed this site in their skies during their whole lives.
Anti-pollution activist Sant Balbir Singh Seeechewal told SBS, “We can see the snow-covered mountains clearly from our roofs. And not just that, stars are visible at night. I have never seen anything like this in recent times.”

Thursday, 2 April 2020

ক'ৰ'না মহামাৰীৰ সাম্প্ৰদায়িক ৰং ৷

ভাৰতত ক’ৰ’নাত আক্ৰান্ত প্ৰথম গৰাকী ব্যক্তি চিনাক্ত হৈছিল ২০২০ চনৰ ৩০ জানুৱাৰীত আৰু এই লেখাটো লিখি থকালৈকে ১,৬৩৭ গৰাকী কোভিড-১৯ ৰোগী থকা বুলি গম পোৱা গৈছে।  ৩৮গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈ ঢুকাইছে। অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তি ধৰা পৰিছে।

ভাৰতত ক’ৰ’না ধৰা পৰাৰ পিছত ভাৰতৰ চৰকাৰ আৰু জনগণ কিমান সচেতন হৈছিল, ইয়াৰ মোকাবিলা কৰিবলৈ কি ব্যৱস্থা হাতত লোৱা হৈছিল– এই প্ৰশ্নৰ উত্তৰটো হতাশাজনক!

 ফেব্ৰুৱাৰীত ট্ৰাম্পৰ ভাৰত ভ্ৰমণ মহোৎসৱ আৰু দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। মধ্যপ্ৰদেশত বিধায়ক কিনা-বেচাৰ ৰাজনীতি চলি আছিল। দেশৰ সংবাদ মাধ্যম ট্ৰাম্প, হিন্দু-মুছলিম, জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ ব্যস্ত আছিল। ৰাহুল গান্ধীয়ে আৰম্ভণিৰে পৰা ক’ৰ’নাকলৈ ‘চিৰিয়াছ’ হোৱা দেখা গৈছিল আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱৰ কথা কৈছিল! অৱশ্যে টুইট কৰা আৰু প্ৰেছ বিবৃতিতে গান্ধীৰ ‘চিৰিয়াছনেছ’ সীমাবদ্ধ!
এইখিনিতে প্ৰখ্যাত সাংবাদিক বিনোদ দুৱাৰ তথ্য উদ্ধৃত কৰি আমি ক’ৰ’না সংক্ৰান্তীয় ভাৰতীয় সমাজ-জীৱনৰ উল্লেখযোগ্য ঘটনাৰাজিৰ এছোৱাত চকু দিব খুজিছো।

১৩/০৩/২০২০: স্বাস্থ্য মন্ত্ৰালয়ৰ ঘোষণা: “ক’ৰ’না মহামাৰী নহয় (Coronavirus NOT Health Emergency)”। নিজামুদ্দিন মাৰ্কাজত দেশ-বিদেশৰ প্ৰায় ৪০০০ ইছলাম ধৰ্মী লোকে অংশগ্ৰহণ কৰা জামাতৰ আৰম্ভণি।

১৫/০৩/২০২০: উক্ত জামাতৰ সামৰণি।

১৬/০৩/২০২০: ক’ৰ’না নিৰ্মূলৰ বাবে হিন্দু মহাসভাৰ গো-মূত্ৰ মেলা আয়োজন, বহুতো লোকৰ অংশগ্ৰহণ। দিল্লী চৰকাৰে দিল্লীৰ অন্তৰ্গত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

১৭/০৩/২০২০: ৪০,০০০ হিন্দু ভক্তই তিৰুপতি মন্দিৰ দৰ্শন কৰে (তিৰুপতি মন্দিৰ দিল্লীৰ অন্তৰ্গত নহয়)।

১৮/০৩/২০২০: ৪০,০০০ ভক্তই তিৰুপতি মন্দিৰ দৰ্শন কৰে।

১৯/০৩/২০২০: তিৰুপতি মন্দিৰ দর্শনাৰ্থীৰ বাবে বন্ধ হয়। ২২ মাৰ্চত ‘জনতা কাৰফিউ’ পালন কৰা হ’ব বুলি প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে।

২২/০৩/২০২০: পাঁচ বজালৈকে ‘জনতা কাৰফিউ’ পালন কৰি দেশৰ হাজাৰ হাজাৰ জনতাই নাচ-গান কৰি ৰেলী উলিয়াই অঘোষিত ‘উৎসৱ’ পালন কৰে।

২৪/০৩/২০২০: ২৫ মাৰ্চৰ পৰা ২১ দিনলৈ দেশজুৰি ল’কডাউন হ’ব বুলি গধূলি প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে। অৰ্থাৎ ল’কডাউন আৰু প্ৰধান মন্ত্ৰীৰ ঘোষণাৰ মাজত কেৱল চাৰি ঘন্টা সময়ৰ ব্যৱধান, যাৰ বাবে লাখ লাখ ভাৰতীয় জনতাই আতংকিত হৈ লাগতিয়াল বস্তু-বাহিনী কিনাৰ বাবে দোকান-বজাৰত ভিৰ কৰে।

২৫/০৩/২০২০: উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে ৰাম মন্দিৰৰ অনুষ্ঠানত বহুতো অনুগামীৰ সৈতে অংশ গ্ৰহণ কৰে।

৩০/০৩/২০২০: ১৩-১৫ মাৰ্চত অনুষ্ঠিত হোৱা জামাতত অংশগ্ৰহণ কৰা ছয়গৰাকী লোকৰ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি খবৰ ওলোৱাৰ পাছত দেশজুৰি আতংক বিয়পে।

৩০ মাৰ্চৰ পৰা অধিকাংশ মিডিয়াই ক’ৰ’নাক সাম্প্ৰদায়িক ৰূপ দিয়াত লাগি যায় ৷ হিন্দুত্ববাদী আই টি চে’ল আৰু ‘গোদী মিডিয়া’ই ক’ৰ’না বিয়পোৱাৰ বাবে কেৱল ইছলাম ধৰ্মী লোকসকলক জগৰীয়া কৰি সম্প্ৰতি আকাশ-বতাহ কঁপাই দিছে। সাম্প্ৰদায়িক ঘৃণাৰে সামাজিক মাধ্যম ভৰি পৰিছে। কিন্তু আপুনি অনুগ্ৰহ কৰি ওপৰত উল্লেখ কৰা ঘটনাৰাজিৰ পঢ়ি শান্ত মগজুৰে চিন্তা কৰকচোন। ধৰ্মান্ধ হিন্দু, ধৰ্মান্ধ মুছলমান আৰু চৰকাৰ-প্ৰশাসনৰ দায়িত্বহীনতা, উদাসীনতাই সমগ্ৰ ভাৰতবৰ্ষৰ জনতাক আজিৰ এই ভয়াৱহ পৰিস্থিতিলৈ ঠেলি দিয়া নাই নে ?

মাথো চাৰি ঘণ্টা সময় দি দেশজুৰি ল’কডাউন কাৰ্যকৰী কৰাৰ বাবে দেশৰ জনতাৰ মাজত অভাৱনী্য় আহুকালৰ সৃষ্টি হ’ল। লাখ লাখ দৰিদ্ৰ শ্ৰমিকৰ দুৰ্দশা দেখিলে কোনো মানৱীয় মানুহৰ অন্তৰে নকন্দাকৈ থাকিব নোৱাৰে! এই দুৰ্দশাই ২০গৰাকীতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিলে। ব্যক্তিগত সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বিচাৰি দেশৰ চিকিৎসাকৰ্মীয়ে হাহাকাৰ কৰি উঠিল। আৰু যে কত কি!

হয়, ল’কডাউন জৰুৰী পদক্ষেপ আছিল। কিন্তু কোনো আগতীয়া প্ৰস্তুতি আৰু পৰিকল্পনা অবিহনে ১৩০কোটি মানুহৰ দেশত (য’ত ৮০কোটি মানুহ দৰিদ্ৰ) অকস্মাৎ ল’কডাউন কাৰ্যকৰী কৰাটো চৰকাৰী অকৰ্মণ্যতা আৰু অসচেতনতাৰ নিদৰ্শন। ক’ৰ’নাক পৰাস্ত কৰিবলৈ ল’কডাউন পৰ্যাপ্ত নহয়, স্বাস্থ্যসেৱাৰ জোৰদাৰ অংশগ্ৰহণহে সবাতোকৈ জৰুৰী। সি যি ন’হওক, এতিয়া চৰকাৰ-বিৰোধী-জনগণ সকলো দায়িত্বশীল হৈ ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু যিসকলে এই যুঁজত আন্তৰিকতাৰে ভাগ লৈছে তেওঁলোকক আমি চেল্যুট জনাইছো।

ক’ৰ’না ধৰ্মহীন আৰু ইয়াৰ ফলত হোৱা মহামাৰী ধৰ্মনিৰপেক্ষ। ক’ৰ’নাই হিন্দু-মুছলমান, কংগ্ৰেছ-বিজেপি, সোঁপন্থী-বাওঁপন্থী, পুৰুষ-মহিলা, বামুণ-দলিত চিনি নাপায়। কিন্তু ভাৰতৰ মানুহক এইবোৰ বুজাই লাভ নাই। বৰ্ণবাদী আৰু সাম্প্ৰদায়িক চিন্তাৰ পৰা গৰিষ্ঠসংখ্যক ভাৰতীয় মুক্ত হ’ব নোৱাৰে। উত্তৰ-পূৰ্বৰ মানুহক ‘ক’ৰ’না’ বুলি কৈ ভাৰততে স্বয়ং ভাৰতীয়ই আক্ৰমণ কৰে, গাত থু-খেকাৰ পেলায়। উত্তৰ-পূৰ্বৰ মানুহে আকৌ চীন সম্পৰ্কে একেই মানসিকতা দেখুৱায়।

মই বুজি পাওঁ, সাম্প্ৰদায়িক আৰু বৰ্ণবাদী ঘৃণাত মজি নাথাকিলে ২১ দিনৰ ল’কডাউন কেনেকৈ নো পালন কৰিব! (হয়তো ২১ দিনৰ পাছত দেশজুৰি ভালকৈ উৎসৱ এভাগি পাতি দিব !) তাতে নিৰ্বাচনবোৰো আহি আছে। ঘৃণাৰ ৰাজনৈতিক পৰিৱেশটো সক্ৰিয় হৈ নাথাকিলে কিদৰে ভাৰতত নিৰ্বাচন খেলিব? সেয়ে সাম্প্ৰদায়িক সংবাদ মাধ্যম-ব্যক্তি-সংগঠনে ক’ৰ’না মহামাৰীত সাম্প্ৰদায়িক ৰং সানি মানুহৰ মন-মগজু উত্তেজিত কৰি তুলিছে।

একাংশ শিক্ষিত আৰু তথাকথিত নিৰপেক্ষ নাগৰিকেও নিজৰ নিৰপেক্ষতা প্ৰদৰ্শনৰ স্বাৰ্থত সাম্প্ৰদায়িক ফান্দত ভৰি থৈছে ৷ ধৰ্মান্ধতাৰ বিৰোধিতা আৰু সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ মাজত এক বৃহৎ ব্যৱধান আছে আৰু সদায় থাকিব ৷ এই কথা অনুধাৱন কৰিব নোৱাৰা শিক্ষিত নাগৰিক পুতৌৰ পাত্ৰ নহ’ব জানো ?

Monday, 30 March 2020

ভাৰতত ক'ৰ'না ভাইৰাছ প্ৰতিহত কৰিবলৈ ২১ দিন নহয় প্ৰয়োজন হ'ব ৪৯ দিনীয়া Lock Down ৰ৷

ভাৰতত ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ২১ দিন নহয় প্ৰয়োজন হ’ব ৪৯ দিনীয়া ল’কডাউনৰ।

কেম্ব্ৰিজ বিশ্বিবদ্যালয়ৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে।গ্ৰেইট বৃট্ৰেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ভাৰতীয়মূলৰ গৱেষক ৰ’ণোজয় অধিকাৰীয়ে গাণিতিক পদ্ধতিত কৰা এক অধ্যয়নত প্ৰকাশ কৰিছে যে ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ভাৰতত ২১ দিনীয়া ল’কডাউনে পৰ্যাপ্ত দিন নহয়।

তেওঁলোকৰ মতে অতি কমেও ৪৯ দিনীয়া ল’কডাউনেহে ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিব।

বিশ্ববিদ্যালয়খনৰ প্ৰায়োগিক গাণিতিক আৰু তাত্ত্বিক পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক অধিকাৰীয়ে অন্য এজন গৱেষক ৰাজেশ সিঙৰ সহযোগত কৰা অধ্যয়নত কোৱা হৈছে যে ভাৰতৰ দৰে জনবহুল এখন দেশত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ এক সময় নিৰ্ভৰ গাঠনিগত ব্যৱস্থাৰ প্ৰয়োজন হ’ব যিটোৱে ক’ৰ’না ভাইৰাছ সংক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিব। আৰু তাৰ বাবে প্ৰয়োজন হ’ব ৪৯ দিনীয়া ল’কডাউনৰ।

উল্লেখ্য যে যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া ল’কডাউনৰ এই সময়ছোৱাত ১০০০ ৰো অধিক আক্ৰান্ত লোকক চিনাক্ত কৰাৰ বিপৰীতে ২৫ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।

তাৰে ৪৭ জন আক্ৰান্ত আছিল বিদেশী আৰু বাকীসকল ভাৰতীয় নাগৰিক।

Wednesday, 25 March 2020

Corona Virus : World Health Organization ৰ মানি চলক এইকেইটা দিহা৷আনকো কওক৷

বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাভাইৰাছৰ পৰা আঁতৰি থাকিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পাঁচটা পৰামৰ্শ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই এই পৰামৰ্শসমূহ আনকো জনাবলৈ আৰু সজাগ কৰিবলৈ আহ্বান জনাইছে।১. হাত: হাতকেইখন সঘনাই চাবোন আৰু পানীৰে বা এলকহ’লযুক্ত হাত পৰিষ্কাৰ কৰা সামগ্ৰীৰে ধুই থাকিব। ই আপোনাৰ হাতত থকা ভাইৰাছ ধ্বংস কৰিব পাৰে। এই কাম খুব সহজ, কিন্তু খুব গুৰুত্বপূৰ্ণ। 2) কিলাকুটি: হাঁচিয়াওতে নাকৰ পৰা ওলোৱা পানীয়ে কৰ’নাভাইৰাছ বিয়পাব পাৰে। সেয়ে কাঁহিলে বা হাঁচিয়ালে কিলাকুটিৰে বা ৰুমালেৰে মুখখন ঢাকি লওক। এই কাম কৰিলে কাষৰ লোকজনলৈ ফ্লু বা কৰ’নাভাইৰাছ বিয়পাৰ সম্ভাৱনা কমি যায়। ৩. মুখ: হাতেৰে আমি বিভিন্ন বস্তু চুই থাকো বাবে হাতৰ জৰিয়তে সহজে কৰ’নাভাইৰাছ বিয়পিব পাৰে। সেয়ে হাতেৰে মুখখন চুই নাথাকিব। হাতৰ পৰা মুখৰ জৰিয়তে দেহলৈ কৰ’নাভাইৰাছ প্ৰৱেশ কৰিব পাৰে। বিশেষকৈ চকু, নাক আৰু মুখ স্পৰ্শ কৰি নাথাকিব। ৪. দূৰত্ব: আন ব্যক্তিৰ পৰা কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখক। এনে কৰিলে আন ব্যক্তিৰ পৰা হাঁচি বা কাঁহত ওলাই অহা বীজাণুৰ পৰা আঁতৰি থকা সম্ভৱ। ৫. অনুভৱ– ৰোগৰ লক্ষণসমূহ জানক: গা বেয়া যেন অনুভৱ কৰিলে ঘৰতে থাকক। আপোনাৰ যদি জ্বৰ, কাঁহ বা উশাহ লোৱাত অসুবিধা হৈছে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷

Tuesday, 24 March 2020

কুহুমীয়া গৰম পানীত হালধি মিহলাই খোৱাৰ উপকাৰিতা৷

কুহুমীয়া গৰমপানীত হালধি মিলাই খোৱাৰ বহু উপকাৰিতা আছে।

ৰাতিপুৱাই খালী পেটত কুহুমীয়া গৰম পানীত হালধি মিলাই খালে বহু সুফল পোৱা যায়।সকলোৰে পাকঘৰত থকা হালধিয়ে দেহক বহু ৰোগৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।

ৰাতিপুৱাই হালধি খালে ই মগজুক অধিক সতেজ কৰে।

হালধিৰ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ যি কেন্সাৰ, আলজেইমাৰ আদি ৰোগৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।

হালধি খোৱাটোৱে কোষ্ঠকাঠিন্য, এচিডিটি আদি পেটৰ সমস্যা দূৰ কৰাতো সহায় কৰে। ই পাচন ব্যৱস্থাটোক ভাল কৰি ৰাখে।

হালধিয়ে তেজ পৰিস্কাৰ কৰে আৰু দেহৰ পৰা ক্ষতিকাৰক টক্সিনসমূহ আঁতৰোৱাত সহায় কৰে।

ডায়েবেটিক ৰোগীৰ কাৰণেও হালধি ভাল। ই টাইপ ২ ডায়েবেটিছ আঁতৰাই ৰখাত সহায় কৰে।

আপুনি হালধি আৰু কুহুমীয়া পানীত কেইটোপালমান নেমুৰ ৰস আৰু এচামুচ মৌ দিও খাব পাৰে।

Monday, 23 March 2020

গৰুৰ গাখীৰ বিক্ৰী কৰি এক কোটি টকাৰ ব্যৱসায় এইগৰাকী যুৱতীৰ৷ Young Entrepreneur

যদি আপোনাৰ কাম কৰাৰ প্ৰৱল ইচ্ছা থাকে তেন্তে সকলো কঠিন কামেই সহজ হৈ পৰে। আজি আমি পঢ়ুৱৈসকলক তেনে এগৰাকী নাৰীৰ বিষয়ে জনাম যিয়ে সকলো বাধা অতিক্ৰম কৰি আজি সমাজত নিজকে সফলৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

সংবাদ মাধ্যমৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা এইগৰাকী নাৰী হৈছে শিল্পী সিনহা। শিল্পীয়ে এককভাৱে ব্যৱসায় আৰম্ভ কৰি কোনেও কল্পনা কৰিব নোৱাৰা সফলতা লাভ কৰি যুৱ প্ৰজন্মক প্ৰেৰণা যোগাইছে।শিল্পীয়ে কি ব্যৱসায়ৰ জৰিয়তে ব্যাপক সফলতা লাভ কৰিছে সেই বিষয়ে জনাৰ আগতে আমি তেওঁৰ বিষয়ে কিছু কথা জনাব বিচাৰিছো।

শিল্পী সিনহা ঝাৰখণ্ডৰ দালটংগাণ্ড জিলাৰ বাসিন্দা। তেওঁ নিজ চহৰৰ পৰিৱৰ্তে পঢ়িবলৈ গৈছিল বাংগালুৰুলৈ আৰু তাতে তেওঁ নিজৰ ব্যৱসায়ৰ আইডিয়া লাভ কৰিছিল।

বাংগালুৰুত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়ত শিল্পীয়ে নিৰ্ভেজাল গাখীৰ লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল।

এই সমস্যাৰ গভীৰতা উপলব্ধি কৰিয়েই শিল্পীয়ে গৰুৰ গাখীৰৰ ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰে। ব্যৱসায় আৰম্ভ কৰাৰ সময়ত শিল্পীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল যদিও এই সমূহক আওকান কৰি আগবাঢ়ি যায়। আৰু যাৰ বাবে শিল্পী আজি ৱ্যৱসায়ত সফল।

শিল্পীৰ বাবে ব্যৱসায় আৰম্ভ কৰাটো ইমান সহজ নাছিল। কাৰণ এই ক্ষেত্ৰত তেওঁক কোনো লোকে সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। ৰাতিপুৱা তিনি বজাতে উঠি গৰুৰ খাদ্য আনিবলৈ পথাৰলৈ গৈছিল।

ৰাতিপুৱা তিনি বজাত এগৰাকী যুৱতী পথাৰলৈ যোৱাটো সুৰক্ষাৰ দিশৰ পৰা চাবলৈ গ’লে ইমান সহজ নাছিল। সেয়ে শিল্পীয়ে পথাৰলৈ যোৱাৰ সময়ত নিজৰ সুৰক্ষাৰ বাবে লগত লৈ গৈছিল এখন চুৰি আৰু জালুকৰ গুৰীৰ স্প্ৰে।

ঝাৰখণ্ডৰ হোৱা হেতুকে শিল্পীয়ে কানাড়া আৰু তামিল ভাষা নাজানিছিল। এই ভাষা দুটা নাজানিলেও কিন্তু তেওঁৰ ব্যৱসায়ত ইয়ে কোনো প্ৰভাৱ পেলাব পৰা নাছিল।

মাত্ৰ ১১ হাজাৰ টকাৰে ২০১৮ চনত আৰম্ভ কৰা গাখীৰৰ ব্যৱসায়ে আজি এক কোটি অতিক্ৰম কৰিছে। তেওঁৰ কোম্পানিটোৰ নাম হৈছে ‘দ্যা মিল্ক ইণ্ডিয়া কোম্পানি’।

Sunday, 22 March 2020

Coronavirus disease (COVID-19) advice for the public: When and how to use masks Section

If you are healthy, you only need to wear a mask if you are taking care of a person with suspected 2019-nCoV infection.
Wear a mask if you are coughing or sneezing.
Masks are effective only when used in combination with frequent hand-cleaning with alcohol-based hand rub or soap and water.
If you wear a mask, then you must know how to use it and dispose of it properly.Before putting on a mask, clean hands with alcohol-based hand rub or soap and water.
Cover mouth and nose with mask and make sure there are no gaps between your face and the mask.
Avoid touching the mask while using it; if you do, clean your hands with alcohol-based hand rub or soap and water.
Replace the mask with a new one as soon as it is damp and do not re-use single-use masks.
To remove the mask: remove it from behind (do not touch the front of mask); discard immediately in a closed bin; clean hands with alcohol-based hand rub or soap and water.

Saturday, 21 March 2020

নিৰ্ভয়া কাণ্ড : ফাচীৰ পূৰ্বে ধৰ্ষণকাৰী মুকেশে দিয়া কাগজত কি লিখা আছিল!

ফাঁচীৰ পূৰ্বে চাৰিও ধৰ্ষণকাৰী নীৰৱ আছিল। ফাঁচী দিয়াৰ পূৰ্বে মুকেশ নামৰ ধৰ্ষণকাৰীয়ে জেল কৰ্তৃপক্ষক এখন কাগজ দিছিল।

কাগজখনত তেওঁ মৃত্যুৰ পিছত নিজৰ শৰীৰৰ অংগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

Friday, 20 March 2020

ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ অক্ষয় বন্তি নুমুৱা বুলি ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ

যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তি নুমোৱাক লৈ শুকুৰবাৰে বিয়লিৰ পৰা ছ’চিয়েল মিডিয়াত চলা একধৰণৰ অপপ্ৰচাৰে সবত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কিন্তু, বৰ্তমানেও ঢেকীয়াখোৱা বৰনামঘৰৰ মনিকূটত অবিৰতভাবে অক্ষয় বন্তিগছিয়ে পোহৰ বিলাই আছে।ঢেঁকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে অক্ষয় বন্তিগছি নুমোৱা বুলি ছ’চিয়েল মিডিয়াত  চলোৱা অপপ্ৰচাৰক দুৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু ৰাইজক উৰা বাতৰিত কাণ নিদিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছে বৰ্তমান সময়ত আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত এনেধৰণৰ উৰা বাতৰিয়ে ৰাইজৰ মনত অধিক শংকাৰ জন্ম দি পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে এগৰাকী স্থানীয় নাগৰিয়ে মত ব্যক্ত কৰে।

https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...