Monday, 30 August 2021

কবিতা

মনত পৰে আজি ও প্ৰিয়তম কবিতাত মোৰ তোমাৰ লগত কটোৱা কত্ যে ক্ষণ… ৰদ জ্বলা দুপৰত ভাগৰোৱা মোৰ হিয়া.. আৰু হৃদয় ৰ জালানাৰে তোমাৰ প্ৰেমৰ সুৱাস কবিতাত মোৰ তোমাৰ লগত কটোৱা কত্ যে মধুৰ মূহুৰ্ত অভিমানী প্ৰেম মোৰ দূৰৈৰ পৰাই তোমাক চোৱা বিছাৰি তোমাৰ পৰশ ৰিমঝিম ৰিমঝিম বৰষুণত ভিগা মোৰ শৰীৰ ফাগুনৰ পছোৱাত শাঁত পৰা মোৰ হিয়াঁ, মনত পৰে কেতিয়াবা কবিতাত মোৰ তোমাৰ লগত পতা কত্ যে কথা কত বাৰ যে মিলন প্ৰতিদিন কবিতাত মোৰ হৃদয় জুৰিদি নিগৰা মোৰ কল্পনাৰ প্ৰেম কবিতাত মোৰ যুগমীয়া হৈ ৰয়। বিদ্ৰ: প্ৰেমে যেতিয়াই যেতিয়াই প্ৰতিদান বিছাৰিছে তেতিয়াই প্ৰেম প্ৰতাৰিত হৈছে। : জেছমিন ফাটিমা ঠিকনা সংযুক্ত আৰব প্ৰবাসী অসমীয়া লিখক

Friday, 6 August 2021

#আলাবৈৰ_যুদ্ধ

#আপুনি_জানেনে? শৰাইঘাট যুদ্ধৰ প্ৰাককালত সংঘটিত #আহোম আৰু #মোগল সৈন্যৰ মাজত হোৱা এখন গুৰুত্বপূৰ্ণ যুজ আছিল আলাবৈৰ ৰণ৷ গুৱাহাটীৰ সমীপৰ আলাবৈ পাহাৰৰ দাতিত ১৬৬৯ খ্ৰীষ্টাব্দৰ ৫ আগষ্টত সংঘটিত এই যুজত মোগলৰ হৈ ৰণক্ষেত্ৰত নামিছিল #ৰাজপুত_ৰমনী_মদনাৱতী৷ যুদ্ধত মোগলৰ হৈ যুজ দিয়া ৰমনী #মদনাৱতী এই যুজতে গুৱাহাটীত নিহত হয়৷ যুদ্ধত মোগলৰ অন্যতম যুদ্ধা আছিল #ৰাম_সিংহ লক্ষণীয় কথাটো হ'ল #মোগলত_থকা_ৰমনী_মদনাৱতী_আৰু_ৰামসিংহ_হিন্দু_আছিল৷ ইয়াৰ দ্বাৰা এইটো বুজা যায় সেইসময়ত মোগল বনাম যুদ্ধবোৰ মুছলমান আগ্ৰাসন হিচাপে কৰা নাছিল৷ মোগল এক #ঐপনিবেসিক_সাম্ৰাজ্যবিস্তাৰ হিচাপে যুদ্ধ কৰিছিল৷ যি সাম্ৰাজ্যবাদৰ অন্যতম অংশীদাৰ আছিল এই ৰাজপুত সকল৷ কিন্তু আজিৰ ৰাজনীতিবিদ সকলে মোগল সংলগ্ন ইতিহাসৰ বিকৃতি ঘটাই সকলো দিশত হিন্দু মুছলমান ভাগ ভাগ চেষ্টা কৰি নিজৰ ক্ষমতাৰ ৰুটি সেকা দেখা যায় বহুক্ষেত্ৰত৷ #তথ্য_MyGov

Wednesday, 28 April 2021

Earthquake in Assam ১৯৫০ চনৰ পিছত অসমত আজি জোকাৰি গ'ল আটাইতকৈ শক্তিশালী ভূমিকম্পই

১৯৫০ চনৰ পিছত ৰাজ্যক আজি জোকাৰি গ’ল আটাইতকৈ শক্তিশালী ভূমিকম্পই। ভূমিকম্পৰ পিছত সময় বাগৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিস্তৰ ক্ষতি সাধনৰ বাতৰি আহিছে। ৬.৭ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ শক্তিশালী ভূমিকম্পৰ ফলত ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ বিভিন্ন স্থানত মাটি ফুটি পানী ওলাই আছে। মিছামাৰীৰ পথাৰতো এনেদৰে পানী ওলাই থকা দেখিবলৈ পোৱা গৈছে। ভূমিকম্পৰ জোকাৰণিত পুৰণিগুদামৰ মহা মৃত্যুঞ্জয় মন্দিৰৰো ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰী, উলুবাৰী, ভেটাপাৰা, কালাপাহাৰ আদি স্থানত বহু কেইটা অট্টালিকাত বৃহৎ ফাঁট মেলিছে।উলুবাৰীৰ ছিগনেছাৰ এপাৰ্টমেণ্টৰ পানীৰ পাইপ ফাটি যোৱাৰ ফলত বহু কেইটা কোঠা জলমগ্ন হৈ পৰিছে।ঢেকিয়াজুলীৰ শিংৰী চাহবাগিচাৰ লগতে নাৰায়ণপুৰ অঞ্চলত মাটি ফাঁটি ঘোলা পানী ওলাই অহা পৰিলক্ষিত হৈছে।দৰঙৰ চকীয়াপাৰাত ঘৰৰ বেৰ ভাঙি উমাকান্ত ডেকা নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধ গুৰুতৰ ভাবে আহত হৈছে। গুৱাহাটীৰ এপল’ হাস্পতাল, এক্সেল কেয়াৰ হাস্পতাল,তাজ ভিভান্তা আদিত ফাঁট মেলিছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ট’লফ্ৰী নম্বৰ মুকলি কৰিছে। জিলা কণ্ট্ৰোল ৰুমৰ নম্বৰ ১০৭৭ আৰু ৰাজ্যিক কণ্ট্ৰোল ৰুমৰ নম্বৰ ১০৭০/১০৭৯। ইপিনে ভূমিকম্পৰ সময়ত গুৱাহাটীৰ চন্দ্ৰপুৰত প্ৰসন্ন কলিতা নামৰ ৭০ বছৰীয়া লোক জন অত্যধিক আতংকিত হৈ পৰে আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে। নগাঁৱত এটা অট্টালিকাৰ দেৱাল ভাগি পৰাত তলত থকা এটা ঘৰৰ বিস্তৰ ক্ষতি সাধন হয়।ঘৰটোত থকা এটি শিশুৰ কথমপি প্ৰাণৰক্ষা পৰে। বিশ্বনাথ চাৰিআলিতো বহু ঘৰৰ দেৱালত ফাঁট মেলা দেখা গৈছে। কোকৰাঝাৰ, বঙাইগাঁও আদিৰ পৰাও ভূমিকম্পৰ ফলত ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে। ৰঙিয়া বঙালীকুচিৰ ৰে’ল দলঙত ভূমিকম্পৰ ফলত বৃহৎ ফাঁট মেলাত ৰে’ল যাতায়াত সাময়িক ভাবে ব্যাহত হৈ পৰে যদিও এতিয়া পুনৰ ৰে’ল চলোৱাৰ দিহা কৰা হৈছে। ভূমিকম্পৰ ফলত ভৈৰৱকুণ্ড পাহাৰৰ মাটি ভয়ংকৰ ৰূপত খহি পৰে। একেদৰে গুৱাহাটীত থকা অসম অয়েলৰ কাৰ্যালয়ৰো বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে।

Wednesday, 20 May 2020

লাইলাতুল কদৰ Lailatul qadr

#লাইলাতুল_কদৰ

শ্ববে কদৰ (আৰবী: لیلة القدر) আৰবীত লাইলাতুল কদৰ। ইয়াৰ অৰ্থ অতিশয় সম্মানিত আৰু মহিমান্বিত ৰাতি বা পৱিত্ৰ ৰজনী। আৰৱী ভাষাত 'লাইলাতুন'ৰ অৰ্থ হ'ল ৰাত্ৰি বা ৰজনী আৰু 'কদৰ' শব্দৰ অৰ্থ সম্মান, মৰ্যদা, মহাসম্মান। ইয়াৰ উপৰিও ইয়াৰ অন্য অৰ্থ হ'ল—ভাগ্য, পৰিমাণ আৰু তাকদিৰ নিৰ্ধাৰণ কৰা।ইছলাম ধৰ্ম অনুসৰি, এই ৰাতি ইছলামৰ মহানবী, মুহাম্মদৰ অনুসাৰীসকলৰ সম্মান বৃদ্ধি কৰা হয় আৰু মানৱজাতিৰ ভাগ্য পুননিৰ্ধাৰিত কৰা হয়। সেয়েই মুছলিম সকলৰ ওচৰত এই ৰাতি অত্যন্ত পুণ্যময় আৰু মহাসম্মানিত হিচাপে পৰিগণিত। কোৰআনৰ বৰ্ণনা অনুসৰি, আল্লাহে এই ৰাত্ৰীক অনন্য মৰ্যদা দিছে আৰু এইটো এটা মাত্ৰ ৰজনীৰ উপাসনা হাজাৰ মাহৰ ইবাদততকৈও অধিক ছওয়াব (পূণ্য) অৰ্জিত হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। প্ৰতিবছৰ মাহে ৰমজানত এই মহিমান্বিত ৰজনী লাইলাতুল কদৰ মুছলিমসকলৰ বাবে সৌভাগ্য বৈ আনে বুলি সিহঁতে বিশ্বাস কৰে। উল্লেখযোগ্য যে হদীছ মোতাবিক লাইলাতুল কদৰৰ ৰাতি ৰমজান মাহৰ শেষৰ দহদিনৰ অযুগ্ম ৰাতিত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা বেছি৷ইতিকাফত (ধৰ্মীয় কোৱাৰেনটাইন) থকাৰ জৰিয়তে এই ৰাতিৰ মৰ্যাদা পোৱাৰ চেষ্টা কৰে বহু ইচলামধৰ্মালম্বী ধৰ্মপ্ৰাণ লোকে৷

Monday, 11 May 2020

Corona Pandemic Update 11 May 2020

যোৱা ২৪ ঘণ্টাত ভাৰতত ৪,২১৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে আক্ৰান্তৰ সংখ্যাৰ ৬৭,১৫২ গৰাকীলৈ বৃদ্ধি পায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে আজি পোৱা সদৰী কৰে।

ইপিনে ভাৰতত এই পৰ্যন্ত কোভিড-১৯ত আক্ৰান্ত হৈ ২,২০৬ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাৰ মুঠ ৯৭ জন লোকে প্ৰাণ হেৰোৱায়।আজি পোৱা সুস্থ হৈ উঠা লোকৰ হাৰ আছিল ৩১.১৪ শতাংশ যিটো যোৱা দেওবাৰৰ তুলনাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি। দেওবাৰে এই হাৰ আছিল ২৬.৫৯ শতাংশ।

আজি পৰ্যন্ত সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২০,৯১৭ গৰাকী।

আনহাতে সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ৪,১০২,৯৫৫ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২,৮২,৭১৯ গৰাকীৰ মৃত্যু হৈছে।

ভাৰতত মহাৰাষ্ট্ৰত সৰ্বাধিক লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছে, ৰাজ্যখনত ২২,১৭১ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৮৩২ গৰাকী লোকৰ।

Saturday, 2 May 2020

Syed akbaruddin retired from Permanent Member of United Nations

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে নমস্কাৰেৰে ৰাষ্ট্ৰসংঘৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ৰাষ্ট্ৰসংঘক বিদায় জনোৱাৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধান এণ্টনিঅ’ গুৱেটৰেজৰ সৈতে হোৱা অনলাইন সাক্ষাৎকাৰত নমস্কাৰ জ্ঞাপন কৰি সচিৱ প্ৰধান গৰাকীৰ পৰা বিদায় মাগে আকবৰুদ্দিনে।ৰাষ্ট্ৰসংঘত নিজৰ কাৰ্য্যকালৰ সমৰণি পেলাই আকবৰুদ্দিনে ভাৰতলৈ উভতি অহাৰ পূৰ্বে সচিৱ প্ৰধান গৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।

‘‘সচিৱ প্ৰধান মই বিদায় গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতীয় পৰম্পৰাক লৈ এটা সৰু অনুৰোধ আছে, যেতিয়া আমি লগ হম অথবা বিদায় লম, আমি হেল্লো বা কৰমৰ্দনৰ পৰিৱৰ্তে নমস্কাৰ কোৱা কৰিম। এতিয়া মই মোৰ বক্তব্য শেষ কৰাৰ পূৰ্বে আপোনাক নমস্কাৰ জনাইছো আৰু আপোনাৰ পৰাও একেধৰণৰ প্ৰতিনমস্কাৰ আশা কৰিছো,’’ গুৱেটৰেজৰ সৈতে হোৱা অনলাইন বৈঠকৰ অন্তত আকৰুদ্দিনে এনেদৰে কয়।

চৈয়দ আকবৰুদ্দিনে ২০১৫ চনত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।

চৈয়দ আকবৰুদ্দিনৰ অৱসৰৰ পাছত ভাৰতীয় বৈদিশিক পৰিক্ৰমা বিভাগৰ সচিৱ টি এছ ত্ৰিমুৰ্তিক বুধবাৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে নিয়োগ কৰা হয়।

উল্লেখযোগ্য যে, নিজৰ কাৰ্য্যকালত চৈয়দ আকবৰুদ্দিনে অনুচ্ছেদ ৩৭০ কে ধৰি বিভিন্ন বিষয়ত ভাৰতৰ স্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ সবল যুক্তি প্ৰতিষ্ঠা কৰি সকলোৰে পৰিচিত হৈছিল।

Friday, 17 April 2020

Himalayan mountains visible From parts of India for first time in 30 Years

With less pollution as a result of the coronavirus lockdown, the Himalayan mountains are finally visible from some parts of India. This is the first time in about 30 years that people in certain parts of India have been able to see these mountains.
The Himalayan range that is visible is called Dhauladhar Range, which translates to “White Range,” and many people have not witnessed this site in their skies during their whole lives.
Anti-pollution activist Sant Balbir Singh Seeechewal told SBS, “We can see the snow-covered mountains clearly from our roofs. And not just that, stars are visible at night. I have never seen anything like this in recent times.”

Thursday, 2 April 2020

ক'ৰ'না মহামাৰীৰ সাম্প্ৰদায়িক ৰং ৷

ভাৰতত ক’ৰ’নাত আক্ৰান্ত প্ৰথম গৰাকী ব্যক্তি চিনাক্ত হৈছিল ২০২০ চনৰ ৩০ জানুৱাৰীত আৰু এই লেখাটো লিখি থকালৈকে ১,৬৩৭ গৰাকী কোভিড-১৯ ৰোগী থকা বুলি গম পোৱা গৈছে।  ৩৮গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈ ঢুকাইছে। অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তি ধৰা পৰিছে।

ভাৰতত ক’ৰ’না ধৰা পৰাৰ পিছত ভাৰতৰ চৰকাৰ আৰু জনগণ কিমান সচেতন হৈছিল, ইয়াৰ মোকাবিলা কৰিবলৈ কি ব্যৱস্থা হাতত লোৱা হৈছিল– এই প্ৰশ্নৰ উত্তৰটো হতাশাজনক!

 ফেব্ৰুৱাৰীত ট্ৰাম্পৰ ভাৰত ভ্ৰমণ মহোৎসৱ আৰু দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। মধ্যপ্ৰদেশত বিধায়ক কিনা-বেচাৰ ৰাজনীতি চলি আছিল। দেশৰ সংবাদ মাধ্যম ট্ৰাম্প, হিন্দু-মুছলিম, জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ ব্যস্ত আছিল। ৰাহুল গান্ধীয়ে আৰম্ভণিৰে পৰা ক’ৰ’নাকলৈ ‘চিৰিয়াছ’ হোৱা দেখা গৈছিল আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱৰ কথা কৈছিল! অৱশ্যে টুইট কৰা আৰু প্ৰেছ বিবৃতিতে গান্ধীৰ ‘চিৰিয়াছনেছ’ সীমাবদ্ধ!
এইখিনিতে প্ৰখ্যাত সাংবাদিক বিনোদ দুৱাৰ তথ্য উদ্ধৃত কৰি আমি ক’ৰ’না সংক্ৰান্তীয় ভাৰতীয় সমাজ-জীৱনৰ উল্লেখযোগ্য ঘটনাৰাজিৰ এছোৱাত চকু দিব খুজিছো।

১৩/০৩/২০২০: স্বাস্থ্য মন্ত্ৰালয়ৰ ঘোষণা: “ক’ৰ’না মহামাৰী নহয় (Coronavirus NOT Health Emergency)”। নিজামুদ্দিন মাৰ্কাজত দেশ-বিদেশৰ প্ৰায় ৪০০০ ইছলাম ধৰ্মী লোকে অংশগ্ৰহণ কৰা জামাতৰ আৰম্ভণি।

১৫/০৩/২০২০: উক্ত জামাতৰ সামৰণি।

১৬/০৩/২০২০: ক’ৰ’না নিৰ্মূলৰ বাবে হিন্দু মহাসভাৰ গো-মূত্ৰ মেলা আয়োজন, বহুতো লোকৰ অংশগ্ৰহণ। দিল্লী চৰকাৰে দিল্লীৰ অন্তৰ্গত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

১৭/০৩/২০২০: ৪০,০০০ হিন্দু ভক্তই তিৰুপতি মন্দিৰ দৰ্শন কৰে (তিৰুপতি মন্দিৰ দিল্লীৰ অন্তৰ্গত নহয়)।

১৮/০৩/২০২০: ৪০,০০০ ভক্তই তিৰুপতি মন্দিৰ দৰ্শন কৰে।

১৯/০৩/২০২০: তিৰুপতি মন্দিৰ দর্শনাৰ্থীৰ বাবে বন্ধ হয়। ২২ মাৰ্চত ‘জনতা কাৰফিউ’ পালন কৰা হ’ব বুলি প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে।

২২/০৩/২০২০: পাঁচ বজালৈকে ‘জনতা কাৰফিউ’ পালন কৰি দেশৰ হাজাৰ হাজাৰ জনতাই নাচ-গান কৰি ৰেলী উলিয়াই অঘোষিত ‘উৎসৱ’ পালন কৰে।

২৪/০৩/২০২০: ২৫ মাৰ্চৰ পৰা ২১ দিনলৈ দেশজুৰি ল’কডাউন হ’ব বুলি গধূলি প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে। অৰ্থাৎ ল’কডাউন আৰু প্ৰধান মন্ত্ৰীৰ ঘোষণাৰ মাজত কেৱল চাৰি ঘন্টা সময়ৰ ব্যৱধান, যাৰ বাবে লাখ লাখ ভাৰতীয় জনতাই আতংকিত হৈ লাগতিয়াল বস্তু-বাহিনী কিনাৰ বাবে দোকান-বজাৰত ভিৰ কৰে।

২৫/০৩/২০২০: উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে ৰাম মন্দিৰৰ অনুষ্ঠানত বহুতো অনুগামীৰ সৈতে অংশ গ্ৰহণ কৰে।

৩০/০৩/২০২০: ১৩-১৫ মাৰ্চত অনুষ্ঠিত হোৱা জামাতত অংশগ্ৰহণ কৰা ছয়গৰাকী লোকৰ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি খবৰ ওলোৱাৰ পাছত দেশজুৰি আতংক বিয়পে।

৩০ মাৰ্চৰ পৰা অধিকাংশ মিডিয়াই ক’ৰ’নাক সাম্প্ৰদায়িক ৰূপ দিয়াত লাগি যায় ৷ হিন্দুত্ববাদী আই টি চে’ল আৰু ‘গোদী মিডিয়া’ই ক’ৰ’না বিয়পোৱাৰ বাবে কেৱল ইছলাম ধৰ্মী লোকসকলক জগৰীয়া কৰি সম্প্ৰতি আকাশ-বতাহ কঁপাই দিছে। সাম্প্ৰদায়িক ঘৃণাৰে সামাজিক মাধ্যম ভৰি পৰিছে। কিন্তু আপুনি অনুগ্ৰহ কৰি ওপৰত উল্লেখ কৰা ঘটনাৰাজিৰ পঢ়ি শান্ত মগজুৰে চিন্তা কৰকচোন। ধৰ্মান্ধ হিন্দু, ধৰ্মান্ধ মুছলমান আৰু চৰকাৰ-প্ৰশাসনৰ দায়িত্বহীনতা, উদাসীনতাই সমগ্ৰ ভাৰতবৰ্ষৰ জনতাক আজিৰ এই ভয়াৱহ পৰিস্থিতিলৈ ঠেলি দিয়া নাই নে ?

মাথো চাৰি ঘণ্টা সময় দি দেশজুৰি ল’কডাউন কাৰ্যকৰী কৰাৰ বাবে দেশৰ জনতাৰ মাজত অভাৱনী্য় আহুকালৰ সৃষ্টি হ’ল। লাখ লাখ দৰিদ্ৰ শ্ৰমিকৰ দুৰ্দশা দেখিলে কোনো মানৱীয় মানুহৰ অন্তৰে নকন্দাকৈ থাকিব নোৱাৰে! এই দুৰ্দশাই ২০গৰাকীতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিলে। ব্যক্তিগত সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বিচাৰি দেশৰ চিকিৎসাকৰ্মীয়ে হাহাকাৰ কৰি উঠিল। আৰু যে কত কি!

হয়, ল’কডাউন জৰুৰী পদক্ষেপ আছিল। কিন্তু কোনো আগতীয়া প্ৰস্তুতি আৰু পৰিকল্পনা অবিহনে ১৩০কোটি মানুহৰ দেশত (য’ত ৮০কোটি মানুহ দৰিদ্ৰ) অকস্মাৎ ল’কডাউন কাৰ্যকৰী কৰাটো চৰকাৰী অকৰ্মণ্যতা আৰু অসচেতনতাৰ নিদৰ্শন। ক’ৰ’নাক পৰাস্ত কৰিবলৈ ল’কডাউন পৰ্যাপ্ত নহয়, স্বাস্থ্যসেৱাৰ জোৰদাৰ অংশগ্ৰহণহে সবাতোকৈ জৰুৰী। সি যি ন’হওক, এতিয়া চৰকাৰ-বিৰোধী-জনগণ সকলো দায়িত্বশীল হৈ ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু যিসকলে এই যুঁজত আন্তৰিকতাৰে ভাগ লৈছে তেওঁলোকক আমি চেল্যুট জনাইছো।

ক’ৰ’না ধৰ্মহীন আৰু ইয়াৰ ফলত হোৱা মহামাৰী ধৰ্মনিৰপেক্ষ। ক’ৰ’নাই হিন্দু-মুছলমান, কংগ্ৰেছ-বিজেপি, সোঁপন্থী-বাওঁপন্থী, পুৰুষ-মহিলা, বামুণ-দলিত চিনি নাপায়। কিন্তু ভাৰতৰ মানুহক এইবোৰ বুজাই লাভ নাই। বৰ্ণবাদী আৰু সাম্প্ৰদায়িক চিন্তাৰ পৰা গৰিষ্ঠসংখ্যক ভাৰতীয় মুক্ত হ’ব নোৱাৰে। উত্তৰ-পূৰ্বৰ মানুহক ‘ক’ৰ’না’ বুলি কৈ ভাৰততে স্বয়ং ভাৰতীয়ই আক্ৰমণ কৰে, গাত থু-খেকাৰ পেলায়। উত্তৰ-পূৰ্বৰ মানুহে আকৌ চীন সম্পৰ্কে একেই মানসিকতা দেখুৱায়।

মই বুজি পাওঁ, সাম্প্ৰদায়িক আৰু বৰ্ণবাদী ঘৃণাত মজি নাথাকিলে ২১ দিনৰ ল’কডাউন কেনেকৈ নো পালন কৰিব! (হয়তো ২১ দিনৰ পাছত দেশজুৰি ভালকৈ উৎসৱ এভাগি পাতি দিব !) তাতে নিৰ্বাচনবোৰো আহি আছে। ঘৃণাৰ ৰাজনৈতিক পৰিৱেশটো সক্ৰিয় হৈ নাথাকিলে কিদৰে ভাৰতত নিৰ্বাচন খেলিব? সেয়ে সাম্প্ৰদায়িক সংবাদ মাধ্যম-ব্যক্তি-সংগঠনে ক’ৰ’না মহামাৰীত সাম্প্ৰদায়িক ৰং সানি মানুহৰ মন-মগজু উত্তেজিত কৰি তুলিছে।

একাংশ শিক্ষিত আৰু তথাকথিত নিৰপেক্ষ নাগৰিকেও নিজৰ নিৰপেক্ষতা প্ৰদৰ্শনৰ স্বাৰ্থত সাম্প্ৰদায়িক ফান্দত ভৰি থৈছে ৷ ধৰ্মান্ধতাৰ বিৰোধিতা আৰু সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ মাজত এক বৃহৎ ব্যৱধান আছে আৰু সদায় থাকিব ৷ এই কথা অনুধাৱন কৰিব নোৱাৰা শিক্ষিত নাগৰিক পুতৌৰ পাত্ৰ নহ’ব জানো ?

Monday, 30 March 2020

ভাৰতত ক'ৰ'না ভাইৰাছ প্ৰতিহত কৰিবলৈ ২১ দিন নহয় প্ৰয়োজন হ'ব ৪৯ দিনীয়া Lock Down ৰ৷

ভাৰতত ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ২১ দিন নহয় প্ৰয়োজন হ’ব ৪৯ দিনীয়া ল’কডাউনৰ।

কেম্ব্ৰিজ বিশ্বিবদ্যালয়ৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে।গ্ৰেইট বৃট্ৰেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ভাৰতীয়মূলৰ গৱেষক ৰ’ণোজয় অধিকাৰীয়ে গাণিতিক পদ্ধতিত কৰা এক অধ্যয়নত প্ৰকাশ কৰিছে যে ক’ৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ভাৰতত ২১ দিনীয়া ল’কডাউনে পৰ্যাপ্ত দিন নহয়।

তেওঁলোকৰ মতে অতি কমেও ৪৯ দিনীয়া ল’কডাউনেহে ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিব।

বিশ্ববিদ্যালয়খনৰ প্ৰায়োগিক গাণিতিক আৰু তাত্ত্বিক পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক অধিকাৰীয়ে অন্য এজন গৱেষক ৰাজেশ সিঙৰ সহযোগত কৰা অধ্যয়নত কোৱা হৈছে যে ভাৰতৰ দৰে জনবহুল এখন দেশত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ এক সময় নিৰ্ভৰ গাঠনিগত ব্যৱস্থাৰ প্ৰয়োজন হ’ব যিটোৱে ক’ৰ’না ভাইৰাছ সংক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিব। আৰু তাৰ বাবে প্ৰয়োজন হ’ব ৪৯ দিনীয়া ল’কডাউনৰ।

উল্লেখ্য যে যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা ১২ দিনীয়া ল’কডাউনৰ এই সময়ছোৱাত ১০০০ ৰো অধিক আক্ৰান্ত লোকক চিনাক্ত কৰাৰ বিপৰীতে ২৫ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।

তাৰে ৪৭ জন আক্ৰান্ত আছিল বিদেশী আৰু বাকীসকল ভাৰতীয় নাগৰিক।

https://www.amazon.in/gp/product/B085GQ6BVP/ref=as_li_tl?ie=UTF8&tag=no09de-21&camp=3638&creative=24630&linkCode=as2&cre...